অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চলিয়াৰ নদী

চলিয়াৰ নদী (Chaliyar River) হৈছে কেৰালা, ভাৰতৰ চতুৰ্থ দীঘলীয়া নদী। ইয়াৰ দৈৰ্ঘ্য ১৬৯ কিলোমিটাৰ। চলিয়াৰ নদীখনক চুলিকা নদী, নীলাম্বুৰ নদী বা সাগৰৰ ওচৰত অৱস্থিত হোৱাৰ বাবে বেইপোৰ নদী বুলিও কোৱা হয়। ইয়াৰ উপনৈসমূহ মালাপ্পুৰম আৰু কোজিকোড় দুয়োখন জিলাৰ মাজেৰে বৈ গৈছে।

হালনাগাদ: ১১ আগষ্ট ২০২৬ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চলিয়াৰ নদী (Chaliyar River) হৈছে কেৰালা, ভাৰতৰ চতুৰ্থ দীঘলীয়া নদী। ইয়াৰ দৈৰ্ঘ্য ১৬৯ কিলোমিটাৰ। চলিয়াৰ নদীখনক চুলিকা নদী, নীলাম্বুৰ নদী বা সাগৰৰ ওচৰত অৱস্থিত হোৱাৰ বাবে বেইপোৰ নদী বুলিও কোৱা হয়। ইয়াৰ উপনৈসমূহ মালাপ্পুৰম আৰু কোজিকোড় দুয়োখন জিলাৰ মাজেৰে বৈ গৈছে। নীলাম্বুৰ অঞ্চলত নদীখনৰ পাৰৰ অঞ্চল সোণৰ খনিৰ বাবেও পৰিচিত।১ চালিয়াৰ নদীৰ নীলাম্বুৰ উপত্যকাত কৰা অনুসন্ধানত প্ৰায় ২৫ লাখ ঘনমিটাৰ প্লেচাৰ (নদীৰ পলসত জমা হোৱা খনিজ)ৰ মজুত পোৱা গৈছে, য’ত প্ৰতি ঘনমিটাৰত প্ৰায় ০.১ গ্ৰাম সোণ থকাৰ অনুমান কৰা হৈছে। ২ নদীখনৰ উৎপত্তি নীলগিৰি পৰ্বতমালাৰ ইলাম্বালেড়ি পাহাৰত। এই অঞ্চলটো নীলগিৰি জিলাৰ (উটি অঞ্চল) অন্তৰ্গত আৰু ৱায়ানাড–মালাপ্পুৰম জিলা সীমান্তৰ ওচৰত অৱস্থিত। চলিয়াৰ নদীখন মূলতঃ পূৰ্বৰ এৰানাড অঞ্চল (বৰ্তমানৰ মালাপ্পুৰম জিলা)ৰ মাজেৰে বৈ গৈ বেইপোৰ বন্দৰত আৰৱ সাগৰত মিলিত হয়। নদীখনৰ মোহনাটো চালিয়াম বন্দৰৰ বিপৰীতে অৱস্থিত।

নাম

আৰিকোডত চলিয়াৰ নদী।
আৰিকোডত চলিয়াৰ নদী।ছবি: Dhruvaraj S · CC BY 2.0

এই নদীখনৰ তিনিটা নাম আছে। সেইকেইটা হ'ল চলিয়াৰ, নীলাম্বুৰ আৰু বেপোৰ। ইয়াৰ ভিতৰত চলিয়াৰ নামটোৱেই সৰ্বাধিক প্ৰচলিত। নদীখন গৈ লাক্ষাদ্বীপ সাগৰত মিলিত হৈছে।

চলিয়াৰ নামটো এখন ঠাই আৰু এটা গ্ৰাম পঞ্চায়তৰ নামো। এই ঠাইখন নীলাম্বুৰ তালুকত, নীলাম্বুৰ পৌৰসভাৰ ওচৰত অৱস্থিত। ইয়াতে কন’লিৰ প্লট (Conolly's Plot) অৱস্থিত, যাক বিশ্বৰ আটাইতকৈ পুৰণি মানৱসৃষ্ট চেগুন বাগিছা হিচাপে গণ্য কৰা হয়।৩

গতিপথ

এদাভান্নাত চলিয়াৰ নদী
এদাভান্নাত চলিয়াৰ নদীছবি: Dhruvaraj S from India · CC BY 2.0

চলিয়াৰ নদীৰ উৎপত্তি পশ্চিমঘাট পৰ্বতমালাৰ অন্তৰ্গত নীলগিৰিৰ ইলম্বালেৰি পাহাৰশ্ৰেণীত।৪ এই অঞ্চলটো ৱায়ানাড আৰু মালাপ্পুৰম জিলাৰ সীমান্তৰ ওচৰত অৱস্থিত। নদীখনৰ সিংহভাগ পথ মালাপ্পুৰম জিলাৰ মাজেৰে বৈ গৈছে। ইয়াৰ পিছত প্ৰায় ১৭ কিলোমিটাৰ দূৰত্বত নদীখনে মালাপ্পুৰম আৰু কোজিকোড জিলাৰ মাজত প্ৰাকৃতিক সীমাৰেখা হিচাপে কাম কৰে। তাৰ পিছত নদীখন কোজিকোড চহৰত প্ৰৱেশ কৰে আৰু প্ৰায় ১০ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পাছত বেপোৰত লাক্ষাদ্বীপ সাগৰত মিলিত হয়। চলিয়াৰ নদীৰ জলনিষ্কাশন ব্যৱস্থাৰ অন্তৰ্গত ছটা প্ৰধান জলধাৰা হৈছে—চলিয়াৰপুঝা, পুন্নাপুঝা, কাঞ্জিৰাপুঝা, কৰিমপুঝা, ইৰুৱাহ্নিপুঝা আৰু থোট্টুমুক্কামপুঝা। ইয়াৰ উপৰি কুৰুমানপুঝা, পাণ্ডিপুঝা, মাৰাডিপুঝা, কুথিৰাপুঝা আৰু কৰাক্কোডুপুঝা আদি কেইবাখনো গুৰুত্বপূৰ্ণ উপনদী আছে। এই নদী আৰু উপনদীসমূহৰ অধিকাংশৰে উৎপত্তি পূব দিশৰ নীলগিৰি পাহাৰ আৰু উত্তৰ দিশৰ ৱায়ানাড পাহাৰীয়া অঞ্চলত। পাহাৰীয়া অঞ্চলৰ মাজেৰে বৈ অহাৰ সময়ত এই জলধাৰাসমূহে বহুতো খৰস্ৰোত আৰু জলপ্ৰপাত সৃষ্টি কৰিছে।৪

উপনৈসমূহ

  • চেৰুপূজা (মাভূৰ)
    • এংগাপ্পূজা
    • ইৰুথুলিপ্পূজা
    • কাদুংগামপুঝা
  • ইৰুভানজিপ্পূজা
    • পুলিংগাপ্পূজা
    • চলিপপুঝা। এই নদীৰ ওপৰত থুছাৰাগিৰি জলপ্ৰপাত অৱস্থিত।
    • মুথাপ্পানপুঝা
  • থোট্টুমুক্কাম্পূজা
  • কুথিৰাপ্পুঝা
    • কোট্টপ্পুঝা
  • কুৰুৱনপুঝা
  • কাঞ্জিৰাপ্পুঝা
  • কৰিমপূজা
    • চেৰুপূজা (কৰুলাই)
    • পুন্নপ্পুঝা বা পাণ্ডিয়াৰ
    • মৰুথাপ্পুঝা বা কলাক্কানপূজা
    • কৰক্কোদন পূজা
  • পাণ্ডিপ্পুঝা
  • নীৰপ্পুঝা
  • বদপুৰমপুঝা

ইয়াৰ উপৰি নীলিথোড়, পুংকুড়ি, ভাদাচ্ছেৰী, এডাভান্না, কুণ্ডুথোড় আৰু মাম্পাড অঞ্চলৰপৰা অহা কেইবাটাও সৰু জলধাৰাও চালিয়াৰ নদীত মিলিত হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mineral Deposits in Kerala
  2. ↑ Physical divisions of Malappuram. censusindia.gov.in. পৃ. 21–22
  3. ↑ Villages in Malappuram. lsgkerala.gov.in
  4. ↑ Evolution of Chaliyar River Drainage Basin Insights from Tectonic Geomorphology. Cochin University of Science and Technology. পৃ. 8–11

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নদীনদীকেৰালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চলিয়াৰ নদী” প্ৰবন্ধৰ সংশোধন ৬২৬২৫৭ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।