চুন্দন ভাল্লম (Chundan vallam) বা 'ঠোঁটযুক্ত নাও' হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ একপকাৰ নাও। কেৰালাৰ বাহিৰত কেৰালা সাপ নাও(Kerala snake boat) নামেৰেও জনাজাত। ই কেৰালাৰ সংস্কৃতিৰ অন্যতম প্ৰতীক আৰু ভাল্লমকলি (নাও দৌৰ) প্ৰতিযোগিতাত ব্যৱহাৰ কৰা পৰম্পৰাগত দীঘলীয়া নাও। ১


নৌকাৰ স্থাপত্য
স্থাপত্য বেদ' (কাঠৰ নাও নিৰ্মাণৰ এক প্ৰাচীন গ্ৰন্থ)ত উল্লেখ থকা নিৰ্দেশনা অনুসৰি নিৰ্মাণ কৰা চুণ্ডন ভল্লামৰ দৈৰ্ঘ্য সাধাৰণতে ১০০ ফুটৰপৰা ১৩৮ ফুটলৈ হয়। পিছফালৰ অংশ প্ৰায় ২০ ফুট উচ্চতালৈ ওপৰলৈ উঠা আৰু আগফাল দীঘল, সৰু হৈ যোৱা আকৃতিৰ হোৱাৰ বাবে ইয়াক ফণি তোলা সাপৰ সৈতে তুলনা কৰা হয়।২ নাওখনৰ মূল ভাগটো (হাল) ৮৩ ফুট দীঘল আৰু ৬ ইঞ্চি বহল কাঠৰ ফলিৰে অতি নিখুঁতভাৱে নিৰ্মাণ কৰা হয়। এই চুণ্ডন ভল্লামসমূহ প্ৰাচীন ভাৰতীয় বিশ্বকৰ্মাসকলৰ নৌ-স্থাপত্য বিদ্যাৰ উৎকৃষ্ট নিদৰ্শন হিচাপে গণ্য কৰা হয়।
পৰম্পৰা আৰু ৰীতি-নীতি
পৰম্পৰাগতভাৱে প্ৰতিখন চুণ্ডন ভল্লম (সাপ নাও) এখন নিৰ্দিষ্ট গাঁৱৰ মালিকানাধীন হয়, আৰু গাঁৱৰ লোকসকলে নাওখনক দেৱতা সদৃশ পৱিত্ৰ বুলি পূজা কৰে। কেৱল পুৰুষসকলেহে নাওখন স্পৰ্শ কৰাৰ অনুমতি পায়, আৰু সন্মানৰ চিনস্বৰূপে নাও স্পৰ্শ কৰাৰ সময়ত খালী ভৰিৰে থাকিব লাগে। নাওখন পানীত অধিক মসৃণভাৱে চলিবলৈ, পানী কম শোষণ কৰিবলৈ আৰু ফলস্বৰূপে নাওৰ তলভাগত সৃষ্টি হোৱা বাধা (হালৰ প্ৰতিৰোধ) হ্ৰাস কৰিবলৈ, নাওখনত মাছৰ তেল, নাৰিকলৰ খোলাৰ ছাই আৰু কণীৰ মিশ্ৰণেৰে তৈয়াৰ কৰা এক বিশেষ প্ৰলেপ লগোৱা হয়। প্ৰতি বছৰে গাঁৱৰ কাঠমিস্ত্ৰীয়ে নাওখনৰ মেৰামতি আৰু প্ৰয়োজনীয় ৰক্ষণাবেক্ষণৰ কাম সম্পন্ন কৰে।
চুণ্ডন ভল্লাম নিৰ্মাণ
চুণ্ডন ভল্লাম সাধাৰণতে পানীত সহজে নষ্ট নোহোৱা বনৰীয়া কঁঠাল গছৰ আঞ্জিলি (Artocarpus hirsutus) কাঠেৰে নিৰ্মাণ কৰা হয়। এই কাঠ পানীত পচি নাযায় আৰু দীঘলীয়া নাও নিৰ্মাণৰ বাবে অতি উপযোগী। ৩৪৪৫ নাওখনৰ মূল দেহ (হাল) প্ৰায় ৮০ ফুট (২৪ মিটাৰ) দীঘল হয়। নিৰ্মাণ কাৰ্যৰ তত্ত্বাৱধান কৰে এজন অভিজ্ঞ মুখ্য কাঠমিস্ত্ৰীয়ে, যাক মুথাশাৰী (Moothashari) বোলা হয়। নাওখনৰ কাঠৰ ফলকসমূহ পৰম্পৰাগত সংযোগ-পদ্ধতি আৰু লোহাৰ বল্ট ব্যৱহাৰ কৰি জোৰা লগোৱা হয়, যাতে দীঘলীয়া হালটো ঢৌৰ লগত অলপ নমনীয় হৈ থাকিব পাৰে আৰু সহজে ফাটি নাযায়। এখন নতুন চুণ্ডন ভল্লাম সম্পূৰ্ণ কৰিবলৈ কেইবামাহো সময় লাগে।৫ চুণ্ডন ভল্লাম নিৰ্মাণৰ কৌশল পেছাদাৰী নাও-নিৰ্মাতা পৰিয়ালসমূহে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ মৌখিকভাৱে সংৰক্ষণ কৰি আহিছে। যিহেতু এই নাওসমূহ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, সেয়েহে এই নিৰ্মাণ-পদ্ধতি গোপনে ৰখা হয়। নিৰ্মাণ কাৰ্য শুভ দিন নিৰ্বাচন কৰি আৰম্ভ কৰা হয়। নাও-নিৰ্মাতা আৰু আয়োজকসকলৰ মতে, নাওখনৰ আকাৰ-অনুপাত স্থাপত্য বেদ (Sthapathya Veda) নামৰ পৰম্পৰাগত নিৰ্মাণশাস্ত্ৰৰ নীতিমালা অনুসৰি নিৰ্ধাৰণ কৰা হয়। প্ৰতি বছৰৰ নৌকা দৌৰৰ ঋতু আৰম্ভ হোৱাৰ আগতে নাওখনৰ গাত মাছৰ তেল, নাৰিকলৰ খোলাৰ কাৰ্বন (ক'লা গুড়ি) আৰু কণীৰ মিশ্ৰণ লগোৱা হয়। বিশ্বাস কৰা হয় যে এই মিশ্ৰণে কাঠ শক্তিশালী কৰি ৰাখে আৰু পানীত নাওখন অধিক মসৃণভাৱে চলাত সহায় কৰে।৬৪
আইআইটি বোম্বেৰ (IIT Bombay) ডি'ছ'ৰ্চ (D'source) ডিজাইন আৰ্কাইভৰ তথ্য অনুসৰি, পাৰ্থসাৰথি চুণ্ডন (Parthasarathi Chundan) হৈছে এই ধৰণৰ এতিয়াও অস্তিত্বত থকা আটাইতকৈ পুৰণি চুণ্ডন ভল্লাম।৬
ক্ষমতা আৰু ব্যৱহাৰ
পৰম্পৰাগতভাৱে এখন চুণ্ডন ভল্লাম (সাপ নাও)-ৰ নেতৃত্ব দিয়ে গাঁৱৰ নেতা (কাৰ্ণাভান বা কাৰণাধান)। তেওঁৰ অধীনত তিনিজন মুখ্য নাওৰীয়াই ১২ ফুট (৩.৭ মিটাৰ) দীঘল মূল হাল-বঠা (আদানায়াম্পু) ব্যৱহাৰ কৰি নাওখনৰ গতি আৰু দিশ নিয়ন্ত্ৰণ কৰে। নাওখনৰ দুয়োকাষে দুজনকৈ শাৰী পাতি মুঠ ৬৪ জন দাঁৰীয়ে বহে। এই ৬৪জনে ভাৰতীয় পৰম্পৰাগত ৬৪টা কলাৰ প্ৰতীক হিচাপে গণ্য হয় (কেতিয়াবা ১২৮ জন নাওৰীয়ায়েও অংশগ্ৰহণ কৰে)। তেওঁলোকে ভঞ্চিপাট্টু (নাওবৈঠাৰ গীত)-ৰ তালত একেলগে বৈঠা মাৰে। নাওৰীয়াসকলৰ মাজভাগত প্ৰায় ২৫ জন গায়কে একেলগে গীত গায়। নাওখনৰ পিছফালৰ মাজত আঠজন লোক থিয় হ'ব পৰাকৈ এখন মঞ্চ থাকে, য'ৰপৰা মুখ্য গায়ক (কেণ্টৰ) গীতৰ নেতৃত্ব দিয়ে। এই আঠজনক হিন্দু ধৰ্মৰ আঠ দিশৰ ৰক্ষক দেৱতা অষ্টদিকপালৰ প্ৰতীক হিচাপে ধৰা হয়।৭
সাংস্কৃতিক তাৎপৰ্য্য
এখন চুণ্ডন ভল্লাম সাধাৰণতে কোনো এখন গাঁও বা সেই নাওখন পৰিচালনা কৰা নাও ক্লাবৰ সম্পত্তি হয়। নাওসমূহে সাধাৰণতে নিজৰ গাঁৱৰ নাম বহন কৰে, যেনে—কাৰিচাল, কাভালাম, নাডুভগাম,, চম্পাকুলাম আদি।৮৯নতুন নাও পানীত নমোৱাৰ আগতে গাঁওবাসীয়ে ধৰ্মীয় ৰীতি-নীতি আৰু পূজা-অৰ্চনা সম্পন্ন কৰে। পৰম্পৰাগতভাৱে, কেৱল গাঁওখনৰ পুৰুষ সদস্যসকলকহে নাওখনত উঠিবলৈ অনুমতি দিয়া হয়। বৰ্তমান সময়ত অৱশ্যে বহু নতুন চুণ্ডন ভল্লাম নিৰ্মাণৰ বাবে ব্যক্তিগত নাও ক্লাব, সংগঠন আৰু পৃষ্ঠপোষক (sponsors)-সকলে আৰ্থিক সহায় আগবঢ়ায়।
তথ্যসূত্ৰ
- ↑ Oaklores oaklores.com Chundan Vallam- An ancient naval craftmanship withstanding the test
- ↑ (2016-09-04). The snake-boat charmers. The Hindu
- ↑ Chundan vallam (the Snake Boats of Kerala). Encyclopedia of Crafts in WCC-Asia Pacific Region, World Crafts Council
- ↑ (9 August 2019). Battle on the waters: How snake boats get ready for Nehru Trophy Boat Race. Onmanorama
- ↑ Vallam Kali: How Kerala's 130-Foot Snake Boats Carry 100 Rowers in Perfect Rhythm. The Better India
- ↑ Snake Boat Making, Alleppey, Kerala: Introduction. D'source, IDC School of Design, IIT Bombay
- ↑ Chundan Vallam (India) - Traditional Sports. www.traditionalsports.org
- ↑ Nehru Trophy Boat Race. Kerala Tourism, Government of Kerala
- ↑ (28 September 2024). Karichal Chundan, rowed by Pallathuruthy Boat Club, bags Nehru Trophy Boat Race. ThePrint. PTI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুন্দন ভল্লাম” প্ৰবন্ধৰ সংশোধন ৬২৩৬৩৭ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।