উৰিষ্যা প্ৰদেশ ( Orissa Province ) বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ বিভাজন আৰু মাদ্ৰাজ প্ৰেচিডেঞ্চি আৰু চেণ্ট্ৰেল প্ৰভিঞ্চৰ কিছু অংশ সংযোজন কৰি ১৯৩৬ চনৰ এপ্ৰিল মাহত সৃষ্টি হোৱা ব্ৰিটিছ ৰাজৰ এখন প্ৰদেশ আছিল। ইয়াৰ ভূখণ্ড বৰ্তমানৰ ওড়িশা ৰাজ্যৰ সৈতে মিল খায়।
১৯১২ চনৰ ২২ মাৰ্চত বিহাৰ আৰু উৰিষ্যা দুয়োটা সংমণ্ডল বেংগল প্ৰেচিডেঞ্চিৰ পৰা পৃথক কৰি বিহাৰ আৰু উৰিষ্যা প্ৰদেশ গঠন কৰা হয়। আকৌ ১৯৩৬ চনৰ ১ এপ্ৰিলত বিহাৰ আৰু উৰিষ্যা প্ৰদেশ বিভাজিত হৈ বিহাৰ প্ৰদেশ আৰু উৰিষ্যা প্ৰদেশ নামেৰে দুখন সুকীয়া প্ৰদেশ গঠিত হয়। মাদ্ৰাচ প্ৰেচিডেঞ্চিৰ গঞ্জাম জিলা আৰু বিজাগাপট্টম জিলাৰ কিছু অংশৰ লগতে ভিজাগাপট্টম হিল ট্ৰেক্ট এজেন্সী আৰু গঞ্জাম হিল ট্ৰেক্ট এজেন্সীৰ কিছু অংশ আৰু চেণ্ট্ৰেল প্ৰভিঞ্চ আৰু বেৰাৰৰ খৰিয়াৰ অঞ্চলটো উৰিষ্যা প্ৰদেশলৈ স্থানান্তৰ কৰা হয়।১
ইতিহাস
১৮০৩ চনত দ্বিতীয় ইংগ-মাৰাঠা যুদ্ধৰ সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিনীয়ে উৰিষ্যা দখল কৰে আৰু ১৮৫৮ চনত কোম্পানীটোৰ অন্যান্য ভূখণ্ডৰ লগতে উৰিষ্যাও ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ প্ৰশাসনৰ অধীনলৈ আহে। ব্ৰিটিছ ৰাজৰ অধীনত ই বেংগল প্ৰেচিডেঞ্চিৰ এটা বিভাগ আছিল আৰু ইয়াৰ ৰাজধানী কটকত আছিল। ১৯০১ চনত ইয়াৰ আয়তন ৩৫,৬৬৪ বৰ্গ কিলোমিটাৰ আৰু বাসিন্দা ৫,০০৩,১২১ জন আছিল।২ প্ৰদেশখনত উৰিষ্যাৰ ট্ৰিবিউটেৰী ষ্টেটসমূহো অন্তৰ্ভুক্ত হৈ আছিল। ১৯১২ চনৰ ১ এপ্ৰিলত বিহাৰ আৰু উৰিষ্যা প্ৰদেশ বংগৰ পৰা বিচ্ছিন্ন হৈ উৰিষ্যাৰ ট্ৰিবিউটেৰী ষ্টেটসমূহ বিহাৰ আৰু উৰিষ্যাৰ গৱৰ্ণৰৰ কৰ্তৃত্বত ৰখা হয়। ১৯৩৬ চনত উৰিষ্যা পাঁচখন জিলাৰে এখন পৃথক প্ৰদেশত পৰিণত হয়৩ আৰু তেতিয়া ইয়াৰ আয়তন আছিল ৮৩,৩৯২ বৰ্গ কিলোমিটাৰ।৪
তথ্যসূত্ৰ
- ↑ Provinces of British India
- ↑ পৃ. 277
- ↑ Joseph E. Schwartzberg, ed. A historical atlas of South Asia, New York/Oxford 1992
- ↑ (1973). THE JUDICIARY IN ORISSA: EVOLUTION OF THE HIGH COURT AT CUTTACK. Journal of the Indian Law Institute
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰিষ্যা প্ৰদেশ” প্ৰবন্ধৰ সংশোধন ৫১৪০৭৪ (১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।