ইথিক্কাৰা নদী (Ithikkara River) কেৰালা, ভাৰতৰ এখন ৫৬ কিলোমিটাৰ দীঘল নদী।১ ই পশ্চিমঘাটৰ কুলাথুপুঝা অঞ্চলত উৎপত্তি হৈ কোল্লাম জিলাৰ মাজেৰে বৈ গৈ অৱশেষত পৰাভুৰ হ্ৰদত মিলিত হৈছে। নদীখনৰ পাৰত থকা ইথিক্কাৰা গাঁওখন কোল্লাম বন্দৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত। নদীখন চাথান্নুৰ আৰু পূয়াপ্পল্লী আদি বসতিস্থলৰ মাজেৰেও বৈ গৈছে। ২৩৪
আকৰ্ষণীয় স্থানসমূহ
পৰাভুৰ কায়াল:
ইথিক্কাৰা নদী আৰু হ্ৰদৰ মিলনস্থল। ইয়াত মিঠা পানী আৰু লুণীয়া পানীৰ সুন্দৰ সংমিশ্ৰণ দেখা যায়। নৌকা বিহাৰ আৰু চৰাই চোৱাৰ বাবে এই স্থান উপযোগী।৫
পোঝিক্কাৰা সমুদ্ৰতীৰ:
ইথিক্কাৰা নদী আৰু আৰব সাগৰৰ মিলনস্থলত অৱস্থিত এই সমুদ্ৰতীৰৰপৰা মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰি। শান্ত পৰিৱেশৰ বাবেও ই জনপ্ৰিয়।
অচিৰা:
কায়মকুলমৰপৰা NH-47 পথেৰে প্ৰায় ৬ কিলোমিটাৰ দূৰত অৱস্থিত অচিৰা ইয়াৰ পৰব্ৰহ্ম মন্দিৰ আৰু বাৰ্ষিক মন্দিৰ উৎসৱৰ বাবে বিখ্যাত। বিশ্বাস কৰা হয় যে অতীতত অচিৰা কায়মকুলম ৰাজাসকলৰ সৈন্য প্ৰশিক্ষণ কেন্দ্ৰ আছিল। এই ঠাইটো হস্তশিল্পৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰও।
পালৰুভি জলপ্ৰপাত:
কেৰালা–তামিলনাডু সীমান্তৰ ওচৰত, আৰিয়ানকাভুৰপৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত পালৰুভি জলপ্ৰপাত অৱস্থিত। প্ৰায় ৩০০ ফুট উচ্চতাৰ এই মনোমোহা জলপ্ৰপাতটো অতি নিৰ্মল আৰু পানী গাখীৰৰ দৰে বগা হৈ তললৈ বৈ অহা যেন লাগে।
থিৰুমুল্লাভাৰম সমুদ্ৰতীৰ:
কোল্লম চহৰৰপৰা ৬ কিলোমিটাৰ উত্তৰে অৱস্থিত থিৰুমুল্লাভাৰম এখন সুন্দৰ আৰু শান্ত সমুদ্ৰতীৰ। ই পিকনিকৰ বাবে উপযোগী আৰু সাঁতোৰা বা ৰ’দ পুৱাৰ বাবেও জনপ্ৰিয়। চহৰৰপৰা ইয়ালৈ নিয়মীয়া বাছ সেৱা আছে।
থাংগাছেৰী সমুদ্ৰতীৰ:
কোল্লম চহৰৰপৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত অৱস্থিত থাংগাছেৰী সমুদ্ৰতীৰত পুৰণি পৰ্তুগীজ দুৰ্গৰ ধ্বংসাৱশেষ আৰু ১৮শ শতিকাত নিৰ্মিত গীৰ্জা দেখা যায়।
ভিলাপ্পুৰম:
ভিলাপ্পুৰম বিখ্যাত ভিলাপ্পুৰম দেৱী মন্দিৰ বা আনন্দাভিলাসম ভাগৱতী মন্দিৰৰ বাবে পৰিচিত। একেটা চৌহদতে আনন্দাভিলাসম পুথিভঁৰাল আছে। এই পুথিভঁৰালটো কেৰালা ষ্টেট লাইব্ৰেৰী কাউন্সিলৰ সৈতে সংযুক্ত। ইয়াৰ ১,০০০ৰো অধিক সদস্য আৰু প্ৰায় ১০,০০০খন কিতাপ আছে। পুথিভঁৰালটোত কম্পিউটাৰ, ইণ্টাৰনেট আৰু টেলিফোনৰ সুবিধাও আছে।
পোলাচিৰা:
পোলাচিৰা পৰিভ্ৰমী চৰাইৰ এক প্ৰিয় বাসস্থান। বৰ্তমান ইয়াক পৰ্যটনস্থলী হিচাপে উন্নয়ন কৰা হৈছে। পোলাচিৰাৰ ওপৰত থকা এখন দলঙে ‘Polachira Bund Across Road’ নামৰ পথটোক সংযোগ কৰিছে। চাথান্নুৰৰপৰা ভাৰকালালৈ যোৱাৰ ক্ষেত্ৰত এইটো আটাইতকৈ চমু পথ। ইয়াৰপৰা মাত্ৰ ১ কিলোমিটাৰ দূৰৰ চিৰাক্কাৰাথাঝামৰ ‘অনাথাভালম’ত হাতীও চাব পাৰি।
চাভাৰা:
কোল্লম–আলাপ্পুঝা পথত কোল্লম চহৰৰপৰা প্ৰায় ১৪ কিলোমিটাৰ উত্তৰে চাভাৰা অৱস্থিত। ইয়াৰপৰা বিভিন্ন দেশলৈ হাজাৰ হাজাৰ টন খনিজ বালি ৰপ্তানি কৰা হয়। ক’ভিলথোট্টম বন্দৰ চাভাৰা পঞ্চায়তৰ সীমাৰ ভিতৰত অৱস্থিত।
তথ্যসূত্ৰ
- ↑ DTPC Kollam www.dtpckollam.com ITHIKKARA RIVER | DTPC Kollam | Must-visit places in Kerala
- ↑ Chenkulam; Chenkulam Town Blog; " blogspot.com; accessed November 2013
- ↑ (30 June 2015). Ithikkara river in spate, coastal road flooded. দ্য হিন্দু
- ↑ Mohammad, Sham. (11 November 2014). Ithikkara river on verge of 'imminent' death. Deccan Chronicle
- ↑ WordPress.com ithikkaraneerthadam.wordpress.com Project Area | ITHIKKARA WATERSHED - WordPress.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইথিক্কাৰা নদী” প্ৰবন্ধৰ সংশোধন ৬২৬৭১১ (১৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।