অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ইজৰাইলৰ দখলকৃত অঞ্চলসমূহ

১৯৬৭ চনৰ ছয়দিনীয়া যুদ্ধৰ পাছত ইজৰাইলে পশ্চিম এছিয়াৰ এনে কিছুমান অঞ্চল নিজৰ দখললৈ আনিছিল য'ত পূৰ্বতে বেলেগৰ প্ৰশাসন চলিছিল। এই ঘটনাকে কেন্দ্ৰ কৰি আজিও পশ্চিম এছিয়া অঞ্চল উত্তপ্ত অৱস্থাত থাকে।

হালনাগাদ: ৩১ ডিচেম্বৰ ২০২৪ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

১৯৬৭ চনৰ ছয়দিনীয়া যুদ্ধৰ পাছত ইজৰাইলে পশ্চিম এছিয়াৰ এনে কিছুমান অঞ্চল নিজৰ দখললৈ আনিছিল য'ত পূৰ্বতে বেলেগৰ প্ৰশাসন চলিছিল। এই ঘটনাকে কেন্দ্ৰ কৰি আজিও পশ্চিম এছিয়া অঞ্চল উত্তপ্ত অৱস্থাত থাকে। প্ৰথমাৱস্থাত ইজৰাইলৰ দ্বাৰা দখলকৃত অঞ্চলসমূহ আছিল:

  • ছিৰিয়াৰ গোলান উচ্চাঞ্চল
  • ইজিপ্তৰ চিনাই প্ৰায়দ্বীপ
  • ইজিপ্ত অধিকৃত গাজাপট্টি
  • জৰ্ডান অধিকৃত অদ-দিফা-ই-গাৰবিয়া (ইংৰাজী: West Bank, ৱেষ্ট বেঙ্ক, পূৱ জেৰুজালেমকে ধৰি)

১৯৮২ চনৰ লেবানন যুদ্ধৰ পাছত ইজৰাইলে লেবাননৰ দক্ষিনাংশও অধিকাৰ কৰি লয়।

কোনবোৰ অংশ ইজৰাইলে এৰিছে

১৯৭৯ চনত ইজৰাইল-ইজিপ্ত শান্তি চুক্তি মতে ইজৰাইলে চিনাই প্ৰায়দ্বীপ ইজিপ্তক উভতাই দিয়ে আৰু ইজিপ্তে গাজাপট্টিৰ ওপৰত সকলো অধিকাৰ ত্যাগ কৰে। ১৯৯৩ চনত ইজৰাইলৰ প্ৰধান মন্ত্ৰী ইৎজাক ৰাবিন আৰু পেলেষ্টাইন মুক্তি সংস্থাৰ ইয়াছেৰ আৰাফাতৰ মাজত পাৰস্পৰিক বুজাপৰাৰ মাজেৰে গাজাপট্টি পেলেষ্টাইন প্ৰাধিকৰনৰ অধীনলৈ আহে। কিন্তু ২০০৭ চনত পেলেষ্টাইনৰে হামাছ নামৰ ৰাজনৈতিক সংগঠনে ফাতাহ দলক নিৰ্বাচনত পৰাজিত কৰি এই অঞ্চল নিজৰ দখললৈ আনে।

ইজৰাইলে লেবাননৰ খ্ৰিষ্টিয়ান যুঁজাৰু বাহিনী দক্ষিন লেবানন সেনাৰ পক্ষ লৈ লেবাননৰ দক্ষিনাংশখিনি দখললৈ আনিছিল যদিও ইৰাণৰ তৎপৰতাত লেবাননত হিজবোল্লাহ নামৰ এক ইছলামীয় উগ্ৰ-ৰাজনৈতিক সংগঠনে অনৰ্গল ইজৰাইলৰ লগত যুঁজ দি ইজৰাইলৰ দখলক প্ৰত্যাহবান জনাই আহিছিল। হিজবোল্লাহয়ে তলে তলে এক সামৰিক বাহিনীও চলাই ৰাখিছিল আৰু পাছত খ্ৰিষ্টিয়ান যুঁজাৰু বাহিনী দক্ষিন লেবানন সেনাক গেৰিলা যুদ্ধৰে পৰাস্ত কৰি দক্ষিন লেবানন নিজৰ দখললৈ আনে। ফলত ইজৰাইলে ২৪ মে, ২০০০ চনত দক্ষিন লেবানন এৰিবলৈ বাধ্য হয়।

কোনবোৰ অংশ ইজৰাইলে ৰাখিছে

অদ-দিফা-ই-গাৰবিয়া (ৱেষ্ট বেঙ্ক, জৰ্ডান নদীৰ পশ্চিম পাৰ)ৰ খ আৰু গ অংশ বৰ্তমানে ইজৰাইলে নিজৰ অধীনত ৰাখিছে। ক অংশ পেলেষ্টাইন প্ৰাধিকৰণৰ হাতত আছে।

গোলান উচ্চাঞ্চলক লৈ ছিৰিয়াৰ আৰব সেনা, ছিৰিয়াৰ বিদ্ৰোহী সংগঠন জিহাদী নুছৰা বাহিনী আৰু আইছিল সমৰ্থিত উগ্ৰবাদী বোৰে যুঁজ-বাগৰ কৰি আছে।

চিনাই প্ৰায়দ্বীপদক্ষিন লেবাননগোলান উচ্চাঞ্চলঅদ-দিফা-ই-গাৰবিয়া (ৱেষ্ট বেঙ্ক) (পূৱ জেৰুজালেম বাদে)পূৱ জেৰুজালেমগাজা পট্টি
ইজৰাইলৰ দখলৰ ম্যাদ১৯৫৬-১৯৫৭, ১৯৬৭-১৯৮২১৯৮২-২০০০১৯৬৭ ৰ পৰা এতিয়ালৈকে১৯৬৭ ৰ পৰা এতিয়ালৈকে১৯৬৭ ৰ পৰা এতিয়ালৈকে১৯৫৬-১৯৫৭, ১৯৬৭-২০০৫
কোনে দাবী কৰে বা কাৰ আছিল( ছিবা ফাৰ্মছ অঞ্চল )(১৯৬৭-১৯৮৮) (১৯৮৮ ৰ পৰা এতিয়ালৈকে)(১৯৬৭-১৯৮৮) (১৯৮৮ ৰ পৰা এতিয়ালৈকে)(১৯৬৭-১৯৭৯) (১৯৮৮ ৰ পৰা এতিয়ালৈকে)
এতিয়া কাৰ প্ৰশাসন আছেপেলেষ্টাইন জাতীয় প্ৰাধিকৰন (ক অংশ) (খ অংশ আৰু গ অংশ)হামাছ
ইজৰাইলে এতিয়াও নিজৰ বুলি ভাৱে নেকি, নাভাৱে, নাভাৱে, জেৰুজালেম আইন মতে অবিভক্ত জেৰুজালেমৰ অংশ বুলি ভাৱে, কিন্তু সীমান্ত সুৰক্ষা (আকাশ আৰু জলমাৰ্গ) দখলত ৰাখিছে
পেলেষ্টাইনত ব্ৰিটিছ ৰাজাধিকাৰৰ অংশ আছিল নেকি, নাছিল, নাছিলআছিল, আছিল, আছিল, আছিল
ইজৰাইলী উপনিৱেশ আছে নেকি

সম্পৰ্কিত শ্ৰেণী

ইজৰাইল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইজৰাইলৰ দখলকৃত অঞ্চলসমূহ” প্ৰবন্ধৰ সংশোধন ৪৬০৩১৩ (৩১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।