চাৰহ মিচিং (ইংৰাজী: Charoh Mising) অসমৰ গোলাঘাট জিলাৰ দেৰগাঁওৰ অন্তৰ্গত এখন উল্লেখযোগ্য মিচিং জনগোষ্ঠী গাঁও। ই ১০৪ নং দেৰগাঁও বিধানসভা সমষ্টি আৰু ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত। ১
নামকৰণ
এই গাঁওখনত বাস কৰা মিচিং জনগোষ্ঠীসকলৰ ভিতৰত চাৰহ উপাধিৰ মানুহ অধিক থকা বাবে গাঁওখনৰ নাম চাৰহ মিচিং হিচাপে নামকৰণ কৰা হয় বুলি স্থানীয় লোকে মত প্ৰকাশ কৰে। ২
ভৌগোলিক বিৱৰণ
ইয়াৰ চাৰিসীমা― পূবে যোৰহাট জিলা; পশ্চিমে বোকাখাত; উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ই দেৰগাঁও চাৰিআলিৰপৰা ৯ কিলোমিটাৰ আৰু ৰঙামাটিৰপৰা ৬ কিলোমিটাৰ উত্তৰত অৱস্থিত। গাঁওখনৰ মাজেৰে দিচৈ নদী বৈ গৈছে।গাঁওখন দেৰগাঁও উত্তৰ উন্নয়ন খণ্ডৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত।৩
যাতায়াত
দেৰগাঁও চহৰৰ পৰা চাৰহ মিচিং গাঁৱলৈ যাব পৰা যাতায়াত ব্যৱস্থা আছে।
সমাজ জীৱন আৰু জনগাঁথনি
গাঁওখনৰ মিচিং লোকসকলে প্ৰধানকৈ চাংঘৰ সাজি বাস কৰে। অৱশ্যে বৰ্তমান সময়ত শিল, ইটা, চিমেণ্টেৰে সজা চাংঘৰৰ লগতে মাটিৰে সজা ঘৰো দেখিবলৈ পোৱা যায়। গাঁৱখনৰ বেছিভাগ লোকেই কৃষি আৰু বেহা-বেপাৰ কৰি অৰ্থোপাৰ্জন কৰে। প্ৰত্যেক ঘৰতে হাঁহ-কুকুৰা, গাহৰি আদি পোহাৰ পৰম্পৰা আছে। দৈনন্দিন জীৱনত বিভিন্ন সকাম-নিকাম, বিয়া-সবাহ, উৎসৱ-পাৰ্ৱণ আদিৰ বাবে আৰু লগতে আলহী-অতিথিক আপ্যায়ন কৰিবৰ বাবে তেওঁলোকৰ থলুৱা পানীয় আপং (নগিন আপং আৰু প:ৰ: আপং) প্ৰস্তত কৰে। এই মিচিং গাঁওখনত মিচিংসকলৰ অন্যতম ফৈদ পাগ্ৰ ফৈদৰ লোকে বসবাস কৰে। গাঁওখনত মিলি, চাৰহ, পাওঁ, মৰাং এইকেইটা মিচিং উপাধিৰ মানুহ দেখিবলৈ পোৱা যায়। ঘৰুৱা জীৱনত তেওঁলোকে মাতৃভাষা হিচাপে মিচিং ভাষা ব্যৱহাৰ কৰে পাৰস্পৰিক যোগাযোগৰ ক্ষেত্ৰত অসমীয়া ভাষাও ব্যৱহাৰ কৰে। বৰ্তমান গাঁওখনত প্ৰায় এহেজাৰৰ ওপৰত জনসংখ্যা আছে। ইয়াৰে ৯৯ শতাংশই অনুসূচীত জনজাতি (ভৈয়াম)ৰ অন্তৰ্ভুক্ত মিচিং জনগোষ্ঠীৰ লোক।
উৎসৱ-পাৰ্ৱণ
মিচিং জনগোষ্ঠীৰ এই গাঁওখনত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং আৰু পঃৰাগ উৎসৱ উদ্যাপন কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও দৈনন্দিন জীৱনত নানান পূজা-পাতল, যেনে দবুৰ পূজা আদি পালন কৰে।
অনুষ্ঠান-প্ৰতিষ্ঠান
চাৰহ মিচিং গাঁৱত দুটা নামঘৰ (Ríkkong আৰু Rígdum), এটা মুৰং অকুম, এখন প্ৰথমিক বিদ্যালয়,৪ এখন মধ্য ইংৰাজী বিদ্যালয়, এখন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়, তিনিটা অংগনবাড়ি কেন্দ্ৰ আৰু এটা যুৱক সংঘ (Charoh Mising Lolat Youth Club) আছে।৫
তথ্যসূত্ৰ
- ↑ nregastrep.nic.in/Netnrega/writereaddata/citizen link|date=June 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ তথ্যদাতা: আনন্দ মোহন মিলি, বয়স: ৪৯
- ↑ nregastrep.nic.in/netnrega/asset_report_dtl.aspx link|date=June 2026 |bot=InternetArchiveBot |fix-attempted=yes }} ক্ৰমিক নং 504, আহৰণ কৰা হৈছে
- ↑ schools.org.in/golaghat/18180305604/chara-mising আহৰণ কৰা হৈছে
- ↑ rfsfinance.assam.gov.in/sites/default/files/swf_ আহৰণ কৰা হৈছে। পৃ,৬০ ১৬ মে', ২০২৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰহ মিচিং” প্ৰবন্ধৰ সংশোধন ৬৩৮৯২০ (২৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।