কোভালম (Kovalam) কেৰালাৰ তিৰুৱনন্তপুৰম চহৰত অৱস্থিত এটা সমুদ্ৰতট আৰু সাগৰপাৰস্থিত অৱকাশ কেন্দ্ৰ। ই কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ নগৰ কেন্দ্ৰৰপৰা প্ৰায় ১২.৬ কিলোমিটাৰ (৭.৮ মাইল) দক্ষিণ-পূবে অৱস্থিত। কোভালমৰ সমুদ্ৰতটসমূহ দেশীয় আৰু বিদেশী উভয় পৰ্যটকৰ বাবে এক অতি জনপ্ৰিয় অৱকাশ যাপনৰ গন্তব্যস্থান। ১
ব্যুৎপত্তি
কোভালম শব্দৰ অৰ্থ হৈছে "নাৰিকলৰ বাগিছা", যিহেতু এই অঞ্চলত প্ৰচুৰ পৰিমাণে নাৰিকল গছ দেখা যায়। ২
ইতিহাস
১৯২০-ৰ দশকৰ শেষৰফালে ত্ৰাৱাংকোৰৰ ৰিজেণ্ট মহাৰাণী সেতু লক্ষ্মী বায়ীয়ে কোভালমত তেওঁৰ সমুদ্ৰতীৰৱৰ্তী অৱকাশ নিবাস হেলচিয়ন কেছল নিৰ্মাণ কৰাৰ পাছত কোভালমে প্ৰথমবাৰৰ বাবে বিশেষ গুৰুত্ব লাভ কৰে।৩ তাৰ পিছত তেওঁৰ ভতিজা, ত্ৰাৱাংকোৰৰ মহাৰাজই এই স্থানক অধিক জনপ্ৰিয় কৰি তোলে।৪
১৯৩০-ৰ দশকত তদানীন্তন ত্ৰাৱাংকোৰ ৰাজ্যলৈ অহা ইউৰোপীয় অতিথিসকলে কোভালম সমুদ্ৰতটৰ পৰ্যটন সম্ভাৱনা আৱিষ্কাৰ কৰে। ১৯৭০-ৰ দশকৰ আৰম্ভণিতে বহু হিপ্পী চেইলন (বৰ্তমানৰ শ্ৰীলংকা) অভিমুখে হিপ্পী ট্ৰেইল পথেৰে যাত্ৰা কৰাৰ সময়ত কোভালমলৈ আহিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কেৰালাৰ এই সাধাৰণ মাছমৰীয়া গাঁওখন ক্ৰমে এক উল্লেখযোগ্য পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হয়।৫
ভৌগোলিক
সমুদ্ৰতট
কোভালমৰ ১৭ কিলোমিটাৰ দীঘল উপকূলীয় ৰেখাত শিলাময় প্ৰাকৃতিক অৱয়বে পৃথক কৰি ৰখা তিনিখন সমুদ্ৰতট আছে। এই তিনিখন সমুদ্ৰতট একেলগে মিলি কোভালম সমুদ্ৰতটৰ অৰ্ধচন্দ্ৰাকাৰ (চন্দ্ৰকলাৰ দৰে) আকৃতি গঠন কৰিছে। ৬৭
- লাইটহাউচ সমুদ্ৰতট — আটাইতকৈ দক্ষিণত অৱস্থিত এই সমুদ্ৰতটৰ নাম লাইটহাউচ বীচ, কাৰণ ইয়াৰ কাষতে কুৰুমকল টিলাৰ শীৰ্ষত অৱস্থিত ১১৮ ফুট (৩৬ মিটাৰ) উচ্চতাৰ ভিঝিঞ্জাম লাইটহাউচ আছে। ৮৯
- হাৱাহ সমুদ্ৰতট ইভ্ছ সমুদ্ৰতট বুলিও জনাজাত এই সমুদ্ৰতটত এটা ওখ শিলাময় অন্তৰীপ আৰু এটা সৰু উপসাগৰ আছে। ইয়াক স্থানীয় মৎস্যজীৱীসকলে মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰে।
- সমুদ্ৰ তট এটা ডাঙৰ শিলাময় অন্তৰীপে ইয়াক লাইটহাউচ বীচৰপৰা পৃথক কৰিছে। এই সমুদ্ৰতটও স্থানীয় মৎস্যজীৱীসকলে মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰে।
- অশোকা সমুদ্ৰতট এই সমুদ্ৰতটত শিলৰ ওপৰেৰে সাগৰ চাব পৰাকৈ এখন সাগৰ-প্ৰতিৰোধী প্ৰাচীৰ আছে। ইয়াৰ অগভীৰ পানী সাঁতোৰৰ বাবে উপযোগী।
পৰ্যটনৰ সুবিধা
হিপ্পি যুগত কোভালম ভাৰতৰ অন্যতম বিশিষ্ট পৰ্যটনস্থলী আছিল। ১০ বৰ্তমানেও ই পৰ্যটকসকলৰ মাজত সমানেই জনপ্ৰিয়, বিশেষকৈ ইউৰোপ আৰু ইজৰাইলৰপৰা বহু পৰ্যটক ইয়ালৈ আহে। বহুসংখ্যক আয়ুৰ্বেদিক চিকিৎসা কেন্দ্ৰ, স্বাস্থ্য পুনৰুদ্ধাৰ আৰু দেহ-মন পুনৰ সজীৱকৰণ অবকাশকেন্দ্ৰ স্থাপিত হোৱাৰ ফলত কোভালমে আয়ুৰ্বেদভিত্তিক স্বাস্থ্য-পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে নতুন মৰ্যাদা লাভ কৰিছে। এই কেন্দ্ৰসমূহত পৰ্যটকসকলৰ বাবে বিভিন্ন ধৰণৰ আয়ুৰ্বেদিক চিকিৎসা আৰু থেৰাপিৰ সুবিধা আগবঢ়োৱা হয়।১১ ইয়াত স্থাপিত হোৱা প্ৰথমদিকৰ হোটেলসমূহৰ ভিতৰত অন্যতম আছিল কোভালম বীচ ৰিজৰ্ট। এই হোটেলখন ১৯৬৯ চনৰপৰা ১৯৭৪ চনৰ ভিতৰত স্থাপত্যবিদ চাৰ্লছ ক'ৰেয়া-ই নক্সা প্ৰস্তুত কৰিছিল।১২১৩
পৰিবহণ
নিকটতম ৰে'ল ষ্টেচন হৈছে তিৰুৱনন্তপুৰম চেণ্ট্ৰেল ৰে'লৱে ষ্টেচন, যি কোভালমৰপৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত অৱস্থিত। আনহাতে, নিকটতম বিমানবন্দৰ হৈছে তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, যি কোভালমৰপৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত অৱস্থিত।
ৰাজনীতি
কোভালম বিধানসভা সমষ্টি তিৰুৱনন্তপুৰম লোকসভা সমষ্টিৰ অন্তৰ্গত। ১৪ ২০১৬ চনৰ কেৰালা বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এম. ভিনচেণ্টে তেতিয়াৰ বিধায়িকা জামিলা প্ৰকাশমক ২,৫০০ৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল। ১৫
তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল
ভিঝিঞ্জামৰ অৱস্থান, ইয়াৰ সমুদ্ৰতট, ঐতিহাসিক স্থান আৰু সাংস্কৃতিক আকৰ্ষণসমূহৰ নিকটৱৰ্তী হোৱাৰ বাবে, কেৰালাৰ ঐতিহ্য অন্বেষণৰ এক উৎকৃষ্ট ভিত্তি হিচাপে পৰিগণিত। ইয়ালৈ অহা পৰ্যটকসকলে কোভালম, তিৰুৱনন্তপুৰম আৰু পদ্মনাভস্বামী মন্দিৰ আদি ওচৰৰ পৰ্যটনস্থলীলৈ ভ্ৰমণ কৰিব পাৰে।
ভিঝিঞ্জাম ক্ৰুজ টাৰ্মিনেল বৰ্তমান আদানি প'ৰ্টছৰদ্বাৰা নিৰ্মাণাধীন অৱস্থাত আছে।
তথ্যসূত্ৰ
- ↑ Kovalam. KTDC
- ↑ Places to visit in Kerala, Destinations in Kerala - Kerala Tourism. keralatourism.travel
- ↑ ITS Tours and Events: Kerala Tour Packages · Kerala Houseboats · Cab Booking · Honeymoon Packages · Group Tour. www.itsgroups.in
- ↑ Paradise of South India - Kovalam. kovalam.com
- ↑ Kovalam. kovalam.hotels.com
- ↑ Kovalam video. travel trends360.wordpress.com
- ↑ Ayub, Akber (ed), Kerala: Maps & More, 2006 edition 2007 reprint, p. 97, Stark World Publishing, Bangalore
- ↑ Kovalam Travel Guide
- ↑ kovalam.org. kovalam.org
- ↑ admin. Everything You Need to Know About Kovalam Beach in Kerala · Thomas Cook Blog. www.thomascook.in
- ↑ Ayurveda Ayurveda in Kovalam
- ↑ (16 January 2021). Kovalam Beach Resort by Charles Correa: Open to sky space Approach
- ↑ (13 March 2022). Kovalam Beach Resort
- ↑ Assembly Constituencies - Corresponding Districts and Parliamentary Constituencies. Election Commission of India
- ↑ Election trends
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোভালাম” প্ৰবন্ধৰ সংশোধন ৬২৮৭৩০ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।