অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

এগোৰাফ’বিয়া

এগোৰাফ'বিয়া (Agoraphobia) হৈছে এক উদ্বেগজনিত বিকাৰ, যাৰ বৈশিষ্ট্য হৈছে এনে লক্ষণ য'ত ব্যক্তিজনে নিজৰ পৰিৱেশক অসুৰক্ষিত বুলি অনুভৱ কৰে আৰু পলায়নৰ কোনো উপায় নাই বুলি ভাবি উদ্বিগ্ন হৈ পৰে।। আক্ৰান্তসকলে এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ যি কোনো কাম কৰিব পাৰে।

হালনাগাদ: ৩ জুলাই ২০২৬ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

এগোৰাফ'বিয়া১ (Agoraphobia) হৈছে এক উদ্বেগজনিত বিকাৰ, যাৰ বৈশিষ্ট্য হৈছে এনে লক্ষণ য'ত ব্যক্তিজনে নিজৰ পৰিৱেশক অসুৰক্ষিত বুলি অনুভৱ কৰে আৰু পলায়নৰ কোনো উপায় নাই বুলি ভাবি উদ্বিগ্ন হৈ পৰে।১ এই পৰিস্থিতিৰ কাৰক হʼল ৰাজহুৱা পৰিবহণ, বজাৰৰ ভিৰ, যিকোনো ভিৰ আৰু দিঘল শাৰী বা ঘৰৰ বাহিৰ ওলোৱাৰ লগে লগে উদ্বিগ্নতা। ১ এই পৰিস্থিতিত থকাৰ ফলত "আতংক আক্ৰমণ" হ'ব পাৰে জাক ইংৰাজীত পেনিক এটেক বোলে ২। আক্ৰান্তসকলে এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ যি কোনো কাম কৰিব পাৰে।১ গুৰুতৰ ক্ষেত্ৰত এজন মানুহ ঘৰৰ পৰা ওলাই যাবলৈ সম্পূৰ্ণৰূপে অক্ষমও হৈ পৰিব পাৰে।২

এগোৰাফ’বিয়াৰ কাৰণ জিন আৰু পৰিৱেশগত কাৰকৰ সংমিশ্ৰণ বুলি বিশ্বাস কৰা হয়। এই অৱস্থা প্ৰায়ে পৰিয়ালত দেখা যায়, আৰু পিতৃ-মাতৃৰ মৃত্যু বা আক্ৰমণৰ সন্মুখীন হোৱা আদি চাপজনিত বা আঘাতজনিত ঘটনাই ইয়াৰ সূচনা কৰিব পাৰে।১ DSM-5-ত এগোৰাফ’বিয়াক ভীতি হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে, য’ত নিৰ্দিষ্ট ভীতি আৰু সামাজিক ভীতিও অন্তৰ্ভুক্ত।১৩ একেধৰণৰ লক্ষণ সৃষ্টি কৰিব পৰা আন অৱস্থাসমূহৰ ভিতৰত বিচ্ছেদজনিত উৎকণ্ঠা, আঘাত-উত্তৰ মানসিক চাপজনিত বিকাৰ, আৰু গুৰুতৰ বিষণ্ণতা বিকাৰ অন্তৰ্ভুক্ত।১ এগোৰাফ’বিয়াৰ নিৰ্ণয় বিষণ্ণতা, দ্ৰব্য অপব্যৱহাৰ, আৰু আত্মহত্যাৰ চিন্তাৰ সৈতে সহ-বিদ্যমান হ’ব পাৰে বুলি দেখা গৈছে।৪৫

চিকিৎসা নকৰিলে এগোৰাফ’বিয়া নিজে নিজে ভাল হোৱাটো সাধাৰণতে অস্বাভাৱিক।১ চিকিৎসা সাধাৰণতে পৰামৰ্শদানৰ এটা ধৰণ, জ্ঞানীয়-আচৰণমূলক চিকিৎসা বা চি বি টি [Cognitive Behavioral Therapy (CBT)]ৰ জৰিয়তে কৰা হয়।৩৬ চি বি টি-ৰ ফলত প্ৰায় আধা সংখ্যক লোকৰ ক্ষেত্ৰত এই অৱস্থা দূৰ হয়।৭ এগোৰাফ’বিয়াই প্ৰায় ১.৭% প্ৰাপ্তবয়স্ক লোকক প্ৰভাৱিত কৰে।১ পুৰুষৰ তুলনাত মহিলাসকল প্ৰায় দুগুণ বেছি প্ৰভাৱিত হয়। এই অৱস্থা শিশুৰ ক্ষেত্ৰত বিৰল, প্ৰায়ে কৈশোৰ বা প্ৰাৰম্ভিক প্ৰাপ্তবয়স্ক অৱস্থাত আৰম্ভ হয়, আৰু ৬৫ বছৰ বা তাৰ ওপৰৰ বয়সত অধিক সাধাৰণ হয়।১

তথ্যসূত্ৰ

  1. ↑ American Psychiatric Association. (2013). Diagnostic and Statistical Manual of Mental Disorders (5th ed.). American Psychiatric Publishing. পৃ. 217–221, 938. ISBN 978-0-89042-555-8
  2. ↑ Agoraphobia. PubMed Health
  3. ↑ Wyatt, Richard Jed; Chew, Robert H. (2008). Wyatt's Practical Psychiatric Practice: Forms and Protocols for Clinical Use. American Psychiatric Pub. পৃ. 90–91. ISBN 978-1-58562-687-8
  4. ↑ Shin, Jin; Park, Doo-Heum; Ryu, Seung-Ho. (2020-07-24). Clinical implications of agoraphobia in patients with panic disorder. Medicine
  5. ↑ Teismann, Tobias; Lukaschek, Karoline; Hiller, Thomas S. (2018-09-24). Suicidal ideation in primary care patients suffering from panic disorder with or without agoraphobia. BMC Psychiatry. পৃ. 305
  6. ↑ Pompoli, A; Furukawa, TA; Imai, H. (13 April 2016). Psychological therapies for panic disorder with or without agoraphobia in adults: a network meta-analysis.. The Cochrane Database of Systematic Reviews
  7. ↑ Craske, MG; Stein, MB. (24 June 2016). Anxiety.. Lancet. পৃ. 3048–3059

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞানপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এগোৰাফ’বিয়া” প্ৰবন্ধৰ সংশোধন ৬১৫৫৫২ (৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।