ডেটা মাইনিং এটা কম্পিউটাৰ বিজ্ঞানৰ লগত জড়িত বিষয়। স্থানান্তৰে ইয়াক "তথ্যাধাৰত জ্ঞানান্বেষন" (-ও বোলা হয়। ডেটা মাইনিঙৰ মূল উদ্দেশ্য হৈছে বৃহৎ পৰিমাণৰ ডেটাৰ পৰা তথ্য বা জ্ঞান নিষ্কাষণ কৰা।
প্ৰয়োগ
অনেক সময়ত পাচত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে তথ্যাৱলী সঞ্চিত কৰি থোৱা হয়। যেনে বতৰ সম্পৰ্কীয় ডেটা। এখন দেশৰ কেইবাবছৰৰো বতৰ সম্পৰ্কীয় তথ্যৰাজিৰ পৰিমাণ অত্যন্ত বৃহৎ হ'ব পাৰে। বতৰৰ পূৰ্বানুমানৰ বাবে আগৰ ডেটাৰ পৰিসংখ্যা ব্যৱহাৰ কৰাৰ প্ৰয়োজন। লগতে পুৰণি পূৰ্বানুমান সমূহৰ শুদ্ধাশুদ্বও বিবেচনা কৰাৰ প্ৰয়োজন হয়। এনে ডেটা নিষ্কাষণ কৰিবলৈ ডেটা মাইনিঙৰ কিটিপবোৰ ব্যৱহাৰ কৰা হয়। তেনেদৰে ৰিকমেণ্ডাৰ চিষ্টেম-অৰ সহায়ত উপভোক্তাৰ আগৰ ক্ৰয় কৰা ৰেকৰ্ড ব্যৱহাৰ কৰি তেওঁক নতুন বস্তু এটা কিনিবলৈ পৰামৰ্শ দিবলৈও ডেটা মাইনিং অপৰিহাৰ্য্য। উদাহৰণ স্বৰূপে ই-বে, আমাজন আদি ই-কমাৰ্চ ৱেবচাইতবোৰত "আপোনাৰ মনঃপুত হ'ব পাৰে" বা "অন্য মানুহে এনে বস্তু কিনিছে" আদি বুলি কাষতে বা তলৰফালে দেখুওৱা দেখা যায়। বিগ বাজাৰ বা তেনে ব্যৱসায়তো একে পদ্ধতিকে ব্যৱহাৰ কৰি পণ্যসামগ্ৰীবোৰ উপভোক্তাই সহজতে পোৱাকৈ থবলৈ ব্যৱহাৰ কৰা হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেটা মাইনিং” প্ৰবন্ধৰ সংশোধন ২৩৫০৭২ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।