অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

কৰ্কট নীহাৰিকা

ট'ৰাছ (Taurus) তাৰকাৰাজ্যত থকা এক উজ্জ্বল নীহাৰিকা। পৃথিৱীৰ পৰা ই প্ৰায় ৫,০০০ পোহৰ-বৰ্ষ দূৰত অৱস্থিত। ই এটা চুপাৰন'ভাৰ অৱশেষ আৰু ইয়াৰ ব্যাস প্ৰায় ১২ পোহৰ-বৰ্ষ। ১০৫৪ চনত চীন আৰু আন দেশৰ জ্যোতিৰ্বিদসকলে প্ৰথমে ইয়াক প্ৰতক্ষ্য কৰে।

হালনাগাদ: ৩ মে’ ২০১৮ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ট'ৰাছ (Taurus) তাৰকাৰাজ্যত থকা এক উজ্জ্বল নীহাৰিকা। পৃথিৱীৰ পৰা ই প্ৰায় ৫,০০০ আলোক-বৰ্ষ দূৰত অৱস্থিত। ই এটা চুপাৰন'ভাৰ অৱশেষ আৰু ইয়াৰ ব্যাস প্ৰায় ১২ পোহৰ-বৰ্ষ। ১০৫৪ চনত চীন আৰু আন দেশৰ জ্যোতিৰ্বিদসকলে প্ৰথমে ইয়াক প্ৰতক্ষ্য কৰে। দিনত প্ৰায় ২৩ দিন আৰু ৰাতি প্ৰায় দুবছৰলৈকে এই নীহাৰিকা দৃশ্যমান হৈ আছিল। ১৭৩১ চনমানত নীহাৰিকা বুলি প্ৰতিপন্ন হোৱাৰ পাছত ঊনবিংশ শতিকাৰ মাজভাগমানত ইয়াৰ আকৃতিৰ বাবে 'কৰ্কট নীহাৰিকা' নাম দিয়া হয়। ১৯২১ চনত আৱিষ্কাৰ কৰা হয় যে প্ৰায় ৭০০ মাইল/ছেকেণ্ড (১,১০০ কিলোমিটাৰ/ছেকেণ্ড) গতিত ইয়াৰ আকাৰ এতিয়াও বাঢ়ি আছে। জুখিব পৰা গোটেই ক্ষেত্ৰ প্ৰাবল্যত ইয়াৰ পৰা বিদ্যুৎ চুম্বকীয় বিকিৰণ ধৰা পৰিছে। ১৯৬০ৰ দশকৰ শেষৰফালে ইয়াৰ কেন্দ্ৰৰ ওচৰতে এটা পালছাৰ আৱিষ্কাৰ হয়।১

তথ্যসূত্ৰ

  1. ↑ Hoiberg Dale H. (Editor). (2013). Britannica Reference Encyclopedia. Britannica Encyclopaedia Inc. পৃ. 175. ISBN 978-1-6-61535-687-4

সম্পৰ্কিত শ্ৰেণী

জ্যোতিৰ্বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্কট নীহাৰিকা” প্ৰবন্ধৰ সংশোধন ১৭৭৮০৭ (৩ মে’ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।