অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

লি সল্ক

লি সল্ক (Lee Salk; মৃত্যু ২ মে', ১৯৯২) হ'ল এজন আমেৰিকান শিশু মনোবিজ্ঞানী আৰু লেখক যিজনক কেঁচুৱাৰ ওপৰত হৃদস্পন্দনৰ শব্দৰ শান্ত প্ৰভাৱ আৱিষ্কাৰৰ কৃতিত্ব প্ৰদান কৰা হয়। জীৱনৰ শেষৰ তৃতীয়াংশত, সল্ক‍ে বিভিন্ন টেলিভিছন শ্ব’ আৰু বক্তৃতা-মঞ্চত অসংখ্য লোকৰ উপস্থিতত আলোচনা আগবঢ়াইছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লি সল্ক (Lee Salk; মৃত্যু ২ মে', ১৯৯২) হ'ল এজন আমেৰিকান শিশু মনোবিজ্ঞানী আৰু লেখক যিজনক কেঁচুৱাৰ ওপৰত হৃদস্পন্দনৰ শব্দৰ শান্ত প্ৰভাৱ আৱিষ্কাৰৰ কৃতিত্ব প্ৰদান কৰা হয়।১

জীৱনৰ শেষৰ তৃতীয়াংশত, সল্ক‍ে বিভিন্ন টেলিভিছন শ্ব’ আৰু বক্তৃতা-মঞ্চত অসংখ্য লোকৰ উপস্থিতত আলোচনা আগবঢ়াইছিল। তেওঁ এই স্থানসমূহ ব্যৱহাৰ কৰি শিশু বিশেষকৈ কেঁচুৱাক কেনেকৈ লালন-পালন কৰিব লাগে তাৰ পৰামৰ্শ আগবঢ়াইছিল।২

প্ৰাথমিক জীৱন

সল্ক আছিল ৰাছিয়াৰ ইহুদী অনুপ্ৰৱেশকাৰী ড’ৰা (প্ৰেছ) আৰু ডেনিয়েল সল্কৰ কনিষ্ঠ পুত্ৰ। তেওঁৰ জন্ম হৈছিল নিউয়ৰ্কত আৰু আৰু ডাঙৰ-দীঘল হৈছিল তাতেই। পলিঅ’ ভেকচিনৰ উদ্ভাৱক জোনাছ সল্ক আছিল তেওঁৰ ডাঙৰ ভাতৃ।১২

সল্কৰ পঢ়া-শুনা মিছিগান বিশ্ববিদ্যালয়ত।১

পেছাদাৰী কাম

লি সল্কৰ প্ৰকাশিত কৰ্মই মৃত্যুৰ হাৰত অৱসৰৰ প্ৰভাৱ,৩ নৱজাতকৰ ওপৰত মাতৃৰ হৃদস্পন্দনৰ প্ৰভাৱ,৪ আৰু মাতৃ আৰু প্ৰসৱৰ সময়ৰ প্ৰতিকূল অৱস্থা আৰু পাছৰ আত্মবিনাশকাৰী আচৰণৰ মাজৰ সম্পৰ্ক৫ বিষয়ে অনুসন্ধান কৰিছিল। তেওঁ আঠখন গ্ৰন্থৰ লেখক।১

ব্যক্তিগত জীৱন

লি সল্ক দুবাৰ বিবাহপাশত আৱদ্ধ হৈছিল, প্ৰথমবাৰ কেৰ্ষ্টিনৰ সৈতে আৰু তাৰ পাছত মেৰী জেনৰ সৈতে। প্ৰথম পক্ষৰ পৰা তেওঁৰ দুটি সন্তান আছিল, তেওঁল‍োকৰ এজন পুত্ৰ - নাম এৰিক আৰু আনগৰাকী কন্যা - নাম পিয়া।১

সল্ক কিছু সময়ৰ বাবে দক্ষিণ কেৰ’লিনাৰ কেথেৰিন এইচ ৱাটাৰ্ছৰ সৈতেও বিবাহপাশত আৱদ্ধ হৈছিল৷ ১৯৮২ চনত নিউয়ৰ্কত তেওঁলোকৰ বিবাহ হৈছিল।৬

লি সল্ক কৰ্কট ৰোগত আক্ৰান্ত হয় আৰু ১৯৯২ চনৰ ২ মে’ত ৬৫ বছৰ বয়সত মানহাটানৰ চিকিৎসালয়ত মৃত্যু হয়।১ তেওঁ ছালক কৰ্নেল ইউনিভাৰ্চিটি মেডিকেল চেণ্টাৰৰ অধ্যাপক আছিল।২

তথ্যসূত্ৰ

  1. ↑ New York Times obituary. Retrieved 2011-01-07
  2. ↑ Seattle Times obituary. Retrieved 2011-01-07
  3. ↑ Tyhurst JS, Salk L, Kennedy M. (1957). Mortality, morbidity and retirement. Am J Public Health Nations Health. পৃ. 1434–44
  4. ↑ Salk L. (1973). The role of the heartbeat in the relations between mother and infant.. Sci Am. পৃ. 24–9
  5. ↑ Salk L, Lipsitt LP, Sturner WQ. (1985). Relationship of maternal and perinatal conditions to eventual adolescent suicide. Lancet. পৃ. 624–7
  6. ↑ City Clerk

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লি সল্ক” প্ৰবন্ধৰ সংশোধন ৬২৪৬৭৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।