দেৰগাঁও উল্কাপিণ্ড নামেৰে নামাংকিত এই উল্কাপিণ্ডটো ২০০১ চনৰ ২ মাৰ্চ তাৰিখে বিয়লি প্ৰায় ৪:৪০ বজাত অসমৰ গোলাঘাট জিলাৰ দেৰগাঁৱত (অক্ষাংশ: ২৬°৪১' উত্তৰ দ্ৰাঘিমাংশ: ৯৩°৫২' পূব)১ পৰিছিল।২৩ এই উল্কাপিণ্ডৰ ভালেসংখ্যক টুকুৰা (যিবোৰৰ ওজন প্ৰায় ১-১০ কে.জি পৰ্যন্ত) পশ্চিম দেৰগাঁৱৰ পৰা ৪০ কি.মি দুৰত্বত অৱস্থিত মাজুলীৰ ১০ বৰ্গ কি.মি অঞ্চলৰ পৰা উপলব্ধ হৈছিল।৪ তাৰোপৰি অন্য কিছু অংশ কৈলাগাঁও নামৰ সমীপবৰ্ত্তী গাঁৱত পোৱা গৈছিল৷ সন্দেহ কৰা হৈছিল যে ইয়াৰে কিছু অংশ ব্ৰহ্মপুত্ৰৰ বুকুতো পৰিছিল৷
বিৱৰণ
প্ৰত্যক্ষদৰ্শীৰ মতে উল্কাপিণ্ডটো দুটা বিকট বিস্ফোৰণেৰে এখন কুঁহিয়াৰণিত ভূ-পতিত হৈছিল। পৰবৰ্ত্তি কালত শ্ৰী এইচ. পি. বৰদলৈয়ে উল্কাপিণ্ডটো তিনিটা টুকুৰা হিচাপে উদ্ধাৰ কৰে। টুকুৰাকেইটাৰ ওজন আছিল ক্ৰমে ১০.৩, ১.৪ আৰু ০.৮ কিলোগ্ৰাম (মুঠ ১২.৫ কিলোগ্ৰাম।) ইয়াৰে মূল অংশটো (১০.৩ কিলো আৰু ১৫০ গ্ৰাম নমুনা) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগে, ১.৪ কিলো অংশ দেৰগাঁও মহাবিদ্যালয়ে আৰু ০.৮ কিলো অংশটো জগন্নাথ বৰুৱা মহাবিদ্যালয়ে সংগ্ৰহ কৰে।১
এই উল্কাপিণ্ডটোৰ আটাইতকৈ ডাঙৰ খণ্ডটোৰ ওজন প্ৰায় ১০.২ কিলোগ্ৰাম আছিল৷ এই টুকুৰাটো দেৰগাঁৱৰ পশ্চিমে বালিদুৱাৰ নামৰ এখন গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছিল৷ গৱেষণাৰ পৰা জানিব পৰা মতে এই উল্কাপিণ্ড কঠিন আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৭ ছে:মি: আছিল৷ এই পিণ্ডটোৰ বৰণ মুগা-ক'লা বৰণীয়া (brownish black) ৷ ইয়াৰ মাজত এডাল ক'লা আঁচ (black streak) থকা দেখা গৈছিল৷ গৱেষণাত পোৱা তথ্য অনুসৰি, এই উল্কাপিণ্ডটো এইচ ফাইভ (H5) গোটৰ অন্তৰ্ভুক্ত৷৫
তথ্যসূত্ৰ
- ↑ J EFFREY N. GROSSMAN AND J UTTA ZIPFEL. (ছেপ্টেম্বৰ, 2001). Meteoritical Bulletin, No. 85, A295 (2001). Meteoritics & Planetary Science
- ↑ articles.adsabs.harvard.edu/cgi-bin/nph-iarticle
- ↑ www.lpi.usra.edu/meetings/corals2011/pdf/4011.pd
- ↑ articles.adsabs.harvard.edu/cgi-bin/nph-iarticle
- ↑ conference.narit.or.th/ncs/APRIM2011_proceedings link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৰগাঁও উল্কাপিণ্ড” প্ৰবন্ধৰ সংশোধন ৩৮১৩৮৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।