অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

উপপাদ্য

উপপাদ্য (Theorem) হৈছে জ্যামিতীয় প্ৰতিজ্ঞা। ইয়াক স্বতঃসিদ্ধ ভাৱে বা পূৰ্বে প্ৰতিস্থিত কোনো বিবৃতিৰ ভিত্তিত প্ৰমাণৰ দ্বাৰা সত্য বুলি গ্ৰহণ কৰা হয়। সেয়ে ই এক স্ব-স্বতঃসিদ্ধ বিবৃতি। উপপাদ্যবোৰ একোটা স্বতঃসিদ্ধৰ যুক্তিপূৰ্ণ ফলাফল, যাৰ এক বা একাধিক যুক্তিপূৰ্ণ প্ৰমাণ থাকে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

উপপাদ্য (Theorem) হৈছে জ্যামিতীয় প্ৰতিজ্ঞা। ইয়াক স্বতঃসিদ্ধ ভাৱে বা পূৰ্বে প্ৰতিস্থিত কোনো বিবৃতিৰ ভিত্তিত প্ৰমাণৰ দ্বাৰা সত্য বুলি গ্ৰহণ কৰা হয়। সেয়ে ই এক স্ব-স্বতঃসিদ্ধ বিবৃতি।১২৩ উপপাদ্যবোৰ একোটা স্বতঃসিদ্ধৰ যুক্তিপূৰ্ণ ফলাফল, যাৰ এক বা একাধিক যুক্তিপূৰ্ণ প্ৰমাণ থাকে। এই প্ৰমাণে উপপাদ্য একোটাক ন্যায্যতা প্ৰদান কৰে। প্ৰমাণিত উপপাদ্যৰ বৈজ্ঞানিক ভিত্তি সমূহ পৰীক্ষণ মূলক।৪৫ প্ৰতিটো উপপাদ্যই দুটা অংশযুক্ত একোটা জটিল উক্তিৰ দ্বাৰা প্ৰকাশ কৰা হয়:

  • if (যদি)-ৰে আৰম্ভ হোৱা if part আৰু
  • then (গতিকে/তেন্তে)-ৰে আৰম্ভ হোৱা then part।

প্ৰথম অংশটোত প্ৰদত্ত চৰ্তটো উল্লেখ থাকে বা ই ইতিমধ্যে পূৰ্বানুমান ভিত্তিত প্ৰতিস্থিত। দ্বিতীয় অংশটো প্ৰমাণ কৰিব লগা অংশ বা অজ্ঞাত অংশ। ইয়াক মন্তব্য বা সিদ্ধান্ত গ্ৰহণ কৰিব লগা (Conclusion part) বুলিও কোৱা হয়।

প্ৰমাণৰ বিভিন্ন অংশ

যিকোনো এটা উপপাদ্যৰে বিধিসন্মত প্ৰমাণৰ ৬টা অংশ থাকে:

  1. উপপাদ্যটোৰ উক্তি
  2. চিত্ৰ (Figure)
  3. পূৰ্বানুমান (Hypothesis)
  4. মন্তব্য/সিদ্ধান্ত গ্ৰহণ
  5. অংকন
  6. সু-শৃংখলীত প্ৰমাণ

তথ্যসূত্ৰ

  1. ↑ Definition of THEOREM. www.merriam-webster.com
  2. ↑ (2019-08-01). The Definitive Glossary of Higher Mathematical Jargon – Theorem. Math Vault
  3. ↑ Theorem · Definition of Theorem by Lexico. Lexico Dictionaries · English
  4. ↑ Markie, Peter. (2017). Rationalism vs. Empiricism. The Stanford Encyclopedia of Philosophy. Metaphysics Research Lab, Stanford University
  5. ↑ However, both theorems and scientific law are the result of investigations. See Heath 1897 Introduction, The terminology of আৰ্কিমিডিছ, p. clxxxii:"theorem (θεὼρνμα) from θεωρεἳν to investigate"

সম্পৰ্কিত শ্ৰেণী

গণিত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপপাদ্য” প্ৰবন্ধৰ সংশোধন ৩৮০১৯৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।