হেলচী (Helancha) (বৈজ্ঞানীক নাম: Enhydra fluctuans)১ সামান্য দ, জীপাল ঠাইত হোৱা জলজ উদ্ভিদ। গা-গছৰ ভিতৰখন ধানখেৰৰ দৰে ফোঁপোলা। পাতৰ আকাৰ মাটিকাঁদুৰিতকৈ ডাঙৰ আৰু কোমল। ফুলৰ গঠন থুপি থুপি হয়। ই এবিধ উৎকৃষ্ট শাক। ইয়াৰ কেইবাবিধো ঔষধীয় গুণ আছে।
আবাস
হেলচী গছ ক্ৰান্তীয় অঞ্চলৰ (tropical) দ, জেকা স্থান, সাধাৰণতে নৈ, ডোবা, পুকুৰী আদিৰ ওচৰে পাজৰে পোৱা যায়। ইয়াৰ মূল বাসস্থান ভাৰত, ব্ৰাজিল, বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা, দক্ষিণ পূৱ এচিয়াৰ দেশসমূহ আদি। ইয়াৰ উপৰিয়ো সমতুল্য জলবায়ুগ্ৰস্ত কিছোমান দেশতো ইয়াক গজোৱা হয়।২
উপাদান
হেলচীত শতকৰা ২.৯ ভাগ প্ৰটিন, ০.২ ভাগ চৰ্বি, ৫.৫ ভাগ শৰ্কৰা আৰু ২.২ ভাগ লৱণ আছে।১
ঔষধীয় গুণ
হেলচী শাক খালে শৌচ খোলোচা কৰে। নিয়মীয়াকৈ খালে এইবিধ শাকে হাঁওফাঁও আৰু স্নায়ু তন্ত্ৰৰ শক্তি আৰু ছালৰ শোভা বৰ্ধন কৰে।১
তথ্যসূত্ৰ
- ↑ গগৈ, সুনীল. (২০১২). ভেষজ গুণসম্পন্ন কেইবিধমান জলজ উদ্ভিদ. প্ৰান্তিক. পৃ. ২৬
- ↑ Helancha(Enhydra fluctuans)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলচী” প্ৰবন্ধৰ সংশোধন ১৮৩০০৪ (১৪ ছেপ্তেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।