অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান

মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান (Medhakachhapia National Park) বাংলাদেশৰ কক্স বজাৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই অৰণ্যখন বিশাল মদাৰ আৰু গৰ্জন গছৰ বাবে সুপৰিচিত। মেধা কচ্ছপিয়া এটি প্ৰাকৃতিক বনাঞ্চল।

হালনাগাদ: ১ আগষ্ট ২০২৬ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান (Medhakachhapia National Park) বাংলাদেশৰ কক্স বজাৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।১২ এই অৰণ্যখন বিশাল মদাৰ আৰু গৰ্জন গছৰ বাবে সুপৰিচিত। মেধা কচ্ছপিয়া এটি প্ৰাকৃতিক বনাঞ্চল। ২০০৪ চনত প্ৰতিষ্ঠা হোৱা উদ্যানখন ২০০৮ চনৰ আগষ্ট মাহত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ আয়তন প্ৰায় ৩৯৫.৯২ হেক্টৰ।৩৪

পৰিচিতি

ইয়াৰ অৰণ্যৰ প্ৰকৃতি গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ। এই উদ্যানখন কক্স বজাৰ উত্তৰ বন বিভাগৰ নিয়ন্ত্ৰণত আছে। উদ্যানখনৰ ১ৰপৰা ৩ কিলোমিটাৰৰ ভিতৰত ১৮,৩০৫ জন লোকৰ অনুমাণিক ৩,৫২৩টা পৰিয়াল বাস কৰে। এই স্থানীয় গাঁও বা চুবুৰিবোৰ মূলতঃ খেতি‍-বাতি, নিমখ উৎপাদন, মাছ ধৰাৰ ওপৰত নিৰ্ভৰশীল। ৰোহিংগীয়া শৰণাৰ্থীৰ বাবে এই জনসংখ্যাৰ ওপৰত ক্ৰমান্বয়ে চাপ বৃদ্ধি পাইছে।

ইয়াত ৰাষ্ট্ৰীয় উদ্যান স্থাপনৰ আঁৰৰ মূল উদ্দেশ্য হৈছে শতবৰ্ষ গৰকা গৰ্জন বনাঞ্চলখনক সুৰক্ষিত কৰা। এই উপমহাদেশৰ যি অলপ গৰ্জন গছৰ অৰণ্যই এতিয়াও মূৰ তুলি আছে, তাৰ ভিতৰত এই অৰণ্যখন অন্যতম।

তথ্যসূত্ৰ

  1. ↑ (১৭ ফেব্ৰুয়াৰি ২০২১). বাৰ্ষিক প্ৰতিৱেদন ২০১৮-১৯
  2. ↑ (১৭ ফেব্ৰুয়াৰি ২০২১). বাৰ্ষিক প্ৰতিৱেদন ২০১৭-১৮
  3. ↑ (৩ জুলাই ২০১৩). Protected Areas of Bangladesh. বাংলাদেশ বন অধিদপ্তৰ
  4. ↑ DeCosse, P.J., Thompson, P. M., Ahmed, I. U., Sharma, R.A. and Majumder, A. H. (৩ জুলাই ২০১৩). Protected Area Co-Management Where People and Poverty Intersect: Lessons fron NISHORGO in Bangladesh. নিসৰ্গ নেটওয়াৰ্ক, USAID

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰীয় উদ্যানবাংলাদেশবাংলাদেশৰ অৰণ্যবাংলাদেশৰ ৰাষ্ট্ৰীয় উদ্যান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেধা কচ্ছপিয়া ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৬২২৪০৫ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।