ৰ’জা ক্লিন’ফিলা হʼল গোলাপ (Rosa) গণৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি।১ এই উদ্ভিদ প্ৰজাতিবিধ হিমালয়, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ এবিধ থলুৱা উদ্ভিদ।
এই ডাঙৰ গুল্মজাতীয় উদ্ভিদজোপা ৬ মিটাৰ (২০ ফুট) পৰ্যন্ত ওখ হʼব পাৰে।১ এই উদ্ভিদজোপা বাংলাদেশৰ হাওৰ (বা বিল, ঝীল)ৰ দৰে জলাহভূমিতো গজা দেখা যায়।২৩ ইয়াৰ বিপৰীতে আধুনিক গোলাপ ফুলবোৰে দুদিনলৈও পানী জমা হোৱা সহ্য কৰিব নোৱাৰে। গ্ৰীষ্মমণ্ডলীয় অঞ্চলত ইয়াৰ সহনশীল বৈশিষ্ট্য দেখা পাই, ১৯৭৭ চনত এ. এফ. এলেন আৰু অন্যান্য বিশেষজ্ঞসকল ইয়াৰ প্ৰতি আকৰ্ষিত হৈছিল।৪
বাহ্যিক সংযোগ
- (1835). Les Roses. P. Dufart plate 153 Rosa clinophylla: Rosier à feuilles penchées
তথ্যসূত্ৰ
- ↑ Hideaki Ohba and Colin A. Pendry. Flora of Nepal
- ↑ Joseph Dalton Hooker. (1879). The flora of British India. পৃ. 365
- ↑ Mokaram Hossain. (19 February 2016). In quest of the Jewels of Haors. The Daily Star
- ↑ Abdush Shakoor. (2004). Golapsangraha. Mowla Brothers
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ’জা ক্লিন’ফিলা” প্ৰবন্ধৰ সংশোধন ৫১৫৬৩০ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।