অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সেন্দূৰীপিঠীয়া মৌ-পিয়া

সেন্দূৰীপিঠীয়া মৌ-পিয়া(Purple Sunbird) হৈছে অসমৰ বিভিন্ন প্ৰজাতিৰ মৌ-পিয়াৰ এবিধ প্ৰজাতি। ই সৰু চৰাই ৷ প্ৰায় ৫-৩০ গ্ৰাম ওজনৰ এই চৰাই বিধ অন্যান্য কেবাটাও প্ৰজাতিৰ অন্যতম ৷ এই চৰাইবিধ আফ্ৰিকাৰ মধ্য-পূৰ্ব অঞ্চল, দক্ষিণএচিয়া, দক্ষিণ-পূব এচিয়া, চীন ৰ দক্ষিণ অঞ্চলৰ পৰা আৰম্ভ কৰি ইণ্ডোনেছিয়া, নিউ…

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সেন্দূৰীপিঠীয়া মৌ-পিয়া(Purple Sunbird) হৈছে অসমৰ বিভিন্ন প্ৰজাতিৰ মৌ-পিয়াৰ এবিধ প্ৰজাতি। ই সৰু চৰাই ৷ প্ৰায় ৫-৩০ গ্ৰাম ওজনৰ এই চৰাই বিধ অন্যান্য কেবাটাও প্ৰজাতিৰ অন্যতম ৷ এই চৰাইবিধ আফ্ৰিকাৰ মধ্য-পূৰ্ব অঞ্চল, দক্ষিণএছিয়া, দক্ষিণ-পূব এচিয়া, চীন ৰ দক্ষিণ অঞ্চলৰ পৰা আৰম্ভ কৰি ইণ্ডোনেছিয়া, নিউ গিনী আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ অংশলৈকে বিয়পি আছে।

১৬ টা উপপৰিয়ালত প্ৰায় ১৪৫টা প্ৰজাতি পোৱা যায়। অধিকাংশ মৌ-পিয়া চৰায়ে ফুলৰ মৌ পান কৰি জীয়াই থাকে যদিও তাৰে কিছু প্ৰজাতিয়ে বিভিন্ন পতংগ যেনে মকৰা আদি খাই জীয়াই থাকে। বিশেষকৈ পোৱালি বোৰৰ প্ৰতিপাল কৰাৰ সময়ত এই চৰাই বিধে পতংগ খুৱাই ডাঙৰ কৰে। একেবাৰে সৰু বা ডাঙৰ ফুলৰ মৌ শুহিবলৈ ইহঁতে ফুলৰ মৌ-ভাণ্ডাৰৰ বাহিৰ অংশ ঠোঁটেৰে খুচি মৌ সংগ্ৰহ কৰে।১ কিছুমানে ফল আদি খোৱা দেখা যায়। ইহঁতৰ ডেউকা সৰু হোৱা বাবে বৰ খৰকৈ উৰিব পাৰে।

তথ্যসূত্ৰ

  1. ↑ Geerts, S.; Pauw, A. (2009). Hyper-specialization for long-billed bird pollination in a guild of South African plants: the Malachite Sunbird pollination syndrome. South African Journal of Botany. পৃ. 699–706

সম্পৰ্কিত শ্ৰেণী

চৰাইঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সেন্দূৰীপিঠীয়া মৌ-পিয়া” প্ৰবন্ধৰ সংশোধন ৫৪০৬৩৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।