মোলাই কাঠনি ভাৰতৰ অসমৰ কোকিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিত মাজুলী জিলাৰ অন্তৰ্গত এখন অৰণ্য। এই অৰণ্য ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙে১ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে তেওঁৰ উপনাম 'মোলাই' নামেৰে নামকৰণ কৰি 'মোলাই কাঠনি' ৰখা হৈছে।২৩
তথ্যসূত্ৰ
- ↑ Jadav Molai Payeng – the 'Forest Man of India', কাৰেণ্ট চায়েন্স, ২৫ ফেব্ৰুৱাৰী ২০১৪
- ↑ ঘাটৰ সিপাৰৰ কাঠনিবাৰী, লিখক: হেমন্ত ফুকন, দা চানডে ইণ্ডিয়ান ৱেবছাইট
- ↑ Indian Man, Jadav "Molai" Payeng, Single-Handedly Plants A 1,360 Acre Forest In Assam. huffingtonpost.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোলাই কাঠনি” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৭৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।