
যোগীলাও, (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Crescentia cujete) (Calabash Tree) হৈছে আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ সৰু জোপোহা গছ আৰু তাৰ ফল। ই ছেণ্ট লুছিয়াৰ জাতীয় গছ। ভাৰতত ইয়াৰ প্ৰসাৰ প্ৰকৃতিগতভাবে বৃদ্ধি হোৱা দেখা গৈছে।১
গছজোপা মধ্যমীয়া আকাৰৰ চিৰসেউজীয়া, ফল দেখিবলৈ একবাৰে বেলৰ দৰে, কিন্তু আকাৰত ডাঙৰ। ইয়াৰ পাত পাতল সেউজীয়া উপবৃত্তাকাৰ, পাতবোৰ কাণ্ডত প্ৰায় লাগি থাকে, একে লগে পাঁচ-ছটা পাত যুক্ত হৈ থাকে। ফুল কাণ্ডৰ পৰা ওলাই আৰু ফুলৰ পৰা ফল হয়। ফল পকিবলৈ প্ৰায় সাত মাহ সময় লাগে। গ্ৰীষ্মৰ শেষ বা জেঠ মাহত এই গছত ফুল ফুলে, জানুৱাৰী − ছেপ্টেম্বৰ মাহ পৰ্যন্ত গছত ফুল আৰু ফল দেখা পোৱা যায়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগীলাও” প্ৰবন্ধৰ সংশোধন ২৩৬৩৩৩ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।