অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মাংসভোজী উদ্ভিদ

মাংসভোজী উদ্ভিদ হৈছে কিছুমান উদ্ভিদ, যি বিভিন্ন জীৱ, যেনে প্ৰাণী বা প্ৰ'ট'জৱা, বিশেষকৈ পতংগ বা অন্য সন্ধিপদীৰ পৰা পোষক দ্ৰৱ্য আহৰণ কৰে। এনে উদ্ভিদবোৰ ক্ষীণ অথবা কম পৰিমানে পোষক দ্ৰৱ্য, বিশেষকৈ নাইট্ৰ'জেন নথকা ঠাইত জীৱাই থাকিব পৰাকৈ অভিযোজিত হয়।

হালনাগাদ: ২ আগষ্ট ২০১৮ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

মাংসভোজী উদ্ভিদ হৈছে কিছুমান উদ্ভিদ, যি বিভিন্ন জীৱ, যেনে প্ৰাণী বা প্ৰ'ট'জৱা, বিশেষকৈ পতংগ বা অন্য সন্ধিপদীৰ পৰা পোষক দ্ৰৱ্য আহৰণ কৰে। এনে উদ্ভিদবোৰ ক্ষীণ অথবা কম পৰিমানে পোষক দ্ৰৱ্য, বিশেষকৈ নাইট্ৰ'জেন নথকা ঠাইত জীৱাই থাকিব পৰাকৈ অভিযোজিত হয়। ১৮৭৫ চনত চাৰ্লছ ডাৰউইনে প্ৰথম মাংসভোজী উদ্ভিদ, পতংগভোজী উদ্ভিদৰ বিষয়ে উল্লেখ কৰিছিল।

মাংসভোজী উদ্ভিদবোৰ সাধাৰণতে সপুষ্পক উদ্ভিদ। এনে উদ্ভিদ পাঁচটা ভিন্ন বৰ্গৰ প্ৰায় বাৰটাতকৈও অধিক গণৰ অন্তৰ্গত। প্ৰায় ৬৩০টাতকৈও অধিক এনে প্ৰজাতিৰ উদ্ভিদে চিকাৰ আকৰ্ষণ কৰে আৰু বন্দী কৰে, পাচক উৎসেচক উৎপাদন কৰে আৰু পোষক দ্ৰৱ্যৰ শোষণ কৰে। ইয়াৰোপৰি বিভিন্ন গণৰ প্ৰায় তিনি শতাধিক প্ৰ'ট'জৱাভোজী উদ্ভিদে সকলো নহলেও এনে কিছুমান বৈশিষ্ট প্ৰদৰ্শন কৰে।

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাংসভোজী উদ্ভিদ” প্ৰবন্ধৰ সংশোধন ১৮০১৯৪ (২ আগষ্ট ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।