মালাবাৰ বাঢ়ৈটোকা (Malabar flameback; বৈজ্ঞানিক নামঃ Chrysocolaptes socialis) হৈছে পিচিডে (Picidae) পৰিয়ালৰ এবিধ বাঢ়ৈটোকা৷ ই ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় চৰাই।১
ইয়াক পূৰ্বতে গ্ৰেটাৰ ফ্লেমবেক (C. guttacristatus) ৰ উপপ্ৰজাতি বুলি গণ্য কৰা হৈছিল, কিন্তু ২০২১ চনৰ এক অধ্যয়নৰ ভিত্তিত ২০২২ চনত আন্তৰ্জাতিক পক্ষীবিজ্ঞান কংগ্ৰেছে দুয়োটা প্ৰজাতিৰ মাজত থকা পাখিৰ আৱৰণ আৰু স্বৰৰ পাৰ্থক্য লক্ষ্য কৰি ইয়াক এক সুকীয়া প্ৰজাতি হিচাপে বিভক্ত কৰে।১২৩
ই অৰণ্যত বাস কৰে আৰু ডাঙৰ গছ আৰু সৰু বিন্ধাৰ ওপৰত নিৰ্ভৰশীল, য’ত ই মৃত কাঠ অনুসন্ধান কৰি তাত খুঁটিয়াই খুঁটিয়াই কাঠ নষ্ট কৰা পোক-পৰুৱাৰ পলু খায়।৪ ইহঁতে মূলতঃ সৰু অমেৰুদণ্ডী প্ৰাণী আৰু ৰসও খায়। ইহঁতে গছৰ গাঁতত বাহ সাজে আৰু তিনি-চাৰিটা বগা কণী পাৰে।৫ মালাবাৰ বাঢ়ৈটোকাৰ ওজন ১৮৫ পৰা ২২০ গ্ৰাম আৰু উচ্চতা ৩০ পৰা ৩৩ চেণ্টিমিটাৰ৷৬
)]]
তথ্যসূত্ৰ
- ↑ IOC World Bird List 12.1
- ↑ Rasmussen, Pamela C.; Anderton, John C. (2012). Birds of South Asia. The Ripley Guide. Smithsonian National Museum of Natural History and Lynx Edicions. ISBN 978-84-96553-87-3
- ↑ Abhirami, C.; Niranjana, C.; Praveen, J. (2021). An analysis of Greater Flameback Chrysocolaptes guttacristatus vocalisations and their taxonomic and biogeographic implications. Indian Birds. পৃ. 129–134
- ↑ Malabar Flameback Chrysocolaptes socialis
- ↑ The Malabar Family
- ↑ Malabar Flameback
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালাবাৰ বাঢ়ৈটোকা” প্ৰবন্ধৰ সংশোধন ৬২৩৮৫৮ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।