অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

লাইম

লাইম (Lime) হৈছে ছাইট্ৰাছ গণৰ অন্তৰ্গত কেইবাটাও প্ৰজাতিৰ উদ্ভিদ আৰু সিহঁতৰ ফল। অসমত লাইমৰ উৎপাদন আৰু চাহিদা যথেষ্ট বেছি। লাইম বছৰটোৰ প্ৰায় সকলো সময়তে কম-বেছি পৰিমাণে উৎপন্ন হয়। গ্ৰীষ্মকালত লাইমৰ ফল পূৰঠ হয় আৰু এই সময়ত ফলৰ ৰস অধিক হয়। গোন্ধ আৰু সোৱাদৰ দিশত অধিক মানবিশিষ্ট হয়।

হালনাগাদ: ৬ ডিচেম্বৰ ২০২০ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

লাইম (Lime) হৈছে ছাইট্ৰাছ গণৰ অন্তৰ্গত কেইবাটাও প্ৰজাতিৰ উদ্ভিদ আৰু সিহঁতৰ ফল। অসমত লাইমৰ উৎপাদন আৰু চাহিদা যথেষ্ট বেছি। লাইম বছৰটোৰ প্ৰায় সকলো সময়তে কম-বেছি পৰিমাণে উৎপন্ন হয়। গ্ৰীষ্মকালত লাইমৰ ফল পূৰঠ হয় আৰু এই সময়ত ফলৰ ৰস অধিক হয়। গোন্ধ আৰু সোৱাদৰ দিশত অধিক মানবিশিষ্ট হয়। লাইমৰ বিভিন্ন প্ৰকাৰসমূহ হৈছে কাজিনেমু, গোলনেমু ইত্যাদি।

আকৃতি

লাইমৰ আকৃতি দীঘলীয়া। এই ফলত সাধাৰণতে বীজ নাথাকে। অপূৰঠ অৱস্থাত লাইমত ৰসৰ পৰিমাণ কম হয়। পূৰঠ হ'লে হালধীয়া বৰণ ধৰিবলৈ আৰম্ভ কৰে। এনে ফলৰ গছ চিৰসেউজীয়া, সৰু অথবা জোপোহা হয়।

কৃষি পদ্ধতি

লাইম অসমত সহজলভ্য আৰু কম যত্নতে ইয়াৰ খেতি কৰি লাভবান হ'ব পাৰি। ডাল পুতি থলেই তাৰপৰা গজালি ওলাই গছজোপা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে।

অৰ্থনৈতিক মূল্য

গৰমৰ দিনত লাইমৰপৰা উৎকৃষ্ট চৰবত তৈয়াৰ কৰি খোৱা হয়। হোটেল,ৰেস্তোৰাঁত আহাৰৰ লগত এই লাইমৰ ব্যৱহাৰ অপৰিহাৰ্য্য। ১

তথ্যসূত্ৰ

  1. ↑ ড॰ অন্নজ্যোতি গগৈ. (২০০৮). অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ. প্ৰান্তিক. পৃ. পৃষ্ঠা ৩৬

সম্পৰ্কিত শ্ৰেণী

গুল্মফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাইম” প্ৰবন্ধৰ সংশোধন ২৫৩৩৬৮ (৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।