অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

যনি

যনি হৈছে এপিয়েচি (বা উমবেললাইফে) পৰিয়ালৰ এবিধ একবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ইয়াক ইংৰাজীত আজুৱাইন (Ajwain), আজুৱান (ajowan), আজুৱান কাৰাৱে (ajowan caraway), বিছপ্‌ছ ৱিড (bishop's weed), কাৰম (carom) আদি নামেৰে জনা যায়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

যনি হৈছে এপিয়েচি (বা উমবেললাইফে) পৰিয়ালৰ এবিধ একবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ইয়াক ইংৰাজীত আজুৱাইন (Ajwain), আজুৱান (ajowan)১, আজুৱান কাৰাৱে (ajowan caraway), বিছপ্‌ছ ৱিড (bishop's weed)২, কাৰম (carom) আদি নামেৰে জনা যায়। উদ্ভিদৰ পাত আৰু বীজসদৃশ ফল (প্ৰায়ে বীজ বুলি ভুল কৰা হয়) দুয়োটা মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে। "বিছপ্‌ছ ৱিড" নামটোৱে যনিগুটিক বুজায় যদিও ই আন কিছুমান উদ্ভিদৰো সাধাৰণ নাম। ইয়াৰ "বীজ" (অৰ্থাৎ ফল) প্ৰায়ে লভেজ (Lovage) "বীজ" ৰ সৈতে বিভ্ৰান্ত হয়। ভাৰত, ইৰাণ, ইজিপ্ত, আফগানিস্তান আদি দেশত মছলা অথবা ঔষধৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ ajowan - Definition of ajowan in English by Oxford Dictionaries. Oxford Dictionaries - English
  2. ↑ Bishop's Weed. SPICES BOARD INDIA

সম্পৰ্কিত শ্ৰেণী

মছলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যনি” প্ৰবন্ধৰ সংশোধন ৩৮২৭৫১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।