অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

লামডিং সংৰক্ষিত বনাঞ্চল

লামডিং সংৰক্ষিত বনাঞ্চল অসমৰ নগাওঁ জিলাত অৱস্থিত এখন সংৰক্ষিত অৰণ্য৷ এই অৰণ্য দক্ষিণ নগাওঁ বন সংমণ্ডলৰ অন্তৰ্গত৷ ২০০৩ চনত এই অৰণ্যক ’ধনশিৰি-লামডিং এলিফেন্ট ৰিজাৰ্ভ’ নামেৰে হস্তীপ্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছে৷

হালনাগাদ: ২৩ এপ্ৰিল ২০১৯ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

লামডিং সংৰক্ষিত বনাঞ্চল অসমৰ নগাওঁ জিলাত অৱস্থিত এখন সংৰক্ষিত অৰণ্য৷ এই অৰণ্য দক্ষিণ নগাওঁ বন সংমণ্ডলৰ অন্তৰ্গত৷১ ২০০৩ চনত এই অৰণ্যক ’ধনশিৰি-লামডিং এলিফেন্ট ৰিজাৰ্ভ’ নামেৰে হস্তীপ্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছে৷

ভৌগোলিক বিৱৰণ

এই বনাঞ্চলৰ মাটিকালি ২২, ৪০২.৮৩০ হেক্টৰ৷ পৰিচালনাৰ সুবিধাৰ বাবে বনাঞ্চলখনক লংকা আৰু লামডিং বনাঞ্চলত বিভক্ত কৰা হৈছে৷১ এই বনাঞ্চলৰ পূবে কাৰ্বি আংলঙৰ লাংগ্ৰি অভয়াৰণ্য, পশ্চিমে ডিমা হাছাও জিলাৰ লাংটিং মুপা সংৰক্ষিত বনাঞ্চল৷

জৈৱবৈচিত্ৰ্য

লামডিং বনাঞ্চলৰ জৈৱবৈচিত্ৰ্য চহকী৷ এইঅৰণ্যত মৌপিয়া, বিহুৱতী, ফেচু, মকৰাখাঁতী, নাচনী আদি বিভিন্ন চৰাই, পখিলা আৰু জীৱ-জন্তু দেখা পোৱা যায়৷

তথ্যসূত্ৰ

  1. ↑ ’লামডিঙৰ হাবিত চৰাই বিচাৰি সাদিন’- দেবাংগ মহলীয়া; প্ৰান্তিক, ১৬-২৮ ফেব্ৰুৱাৰী, ২০১০

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লামডিং সংৰক্ষিত বনাঞ্চল” প্ৰবন্ধৰ সংশোধন ১৯৪২১৬ (২৩ এপ্ৰিল ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।