মানি প্লাণ্ট বা এপিপ্ৰেমনাম অৰেয়াম (Epipremnum aureum) হৈছে অৰেয়াম পৰিয়ালৰ অন্তৰ্গত আৰাচিয়া প্ৰজাতিৰ এক উদ্ভিদ। ই ফৰাচী পলিনেছিয়াৰ ছ'চাইটি দ্বীপপুঞ্জৰ ম'ৰিয়াৰ স্থানীয় উদ্ভিদ।১ এই প্ৰজাতিটো নাতিশীতোষ্ণ অঞ্চলত জনপ্ৰিয় গৃহ সজ্জাৰ বাবে ব্যৱহৃত উদ্ভিদ যদিও উত্তৰ দক্ষিণ আফ্ৰিকা,২ অষ্ট্ৰেলিয়া, দক্ষিণ-পূব এছিয়া, দক্ষিণ এছিয়া, প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ আৰু ৱেষ্ট ইণ্ডিজকে ধৰি বিশ্বৰ গ্ৰীষ্মমণ্ডলীয় আৰু উপগ্ৰীষ্মমণ্ডলীয় অৰণ্যতো উপলব্ধ হৈ পৰিছে। কিছুমান ক্ষেত্ৰত এই উদ্ভিদে পৰিৱেশগত ক্ষতিসাধন কৰে।২
এই উদ্ভিদক ডেভিলছ ভিন বা ডেভিলছ আইভি বুলিও কোৱা হয় কাৰণ ইয়াক হত্যা কৰাটো প্ৰায় অসম্ভৱ আৰু আন্ধাৰত ৰাখিলেও ই সেউজীয়া হৈ থাকে।৩ উদ্ভিদ বিক্ৰী কেন্দ্ৰত কেতিয়াবা ভুলকৈ এই উদ্ভিদবিধ ফিল’ডেণ্ড্ৰন, প’থ’ছ বা চিণ্ডাপছাছ বুলি লেবেল লগোৱা থাকে। ভাৰতীয় উপমহাদেশৰ বহু ঠাইত ইয়াক মানি প্লাণ্ট হিচাপেই জনা যায়।৪৫ কৃত্ৰিম হৰম’ন পৰিপূৰক অবিহনে ইয়াৰ ফুল খুব কমেইহে হয়; ১৯৬৪ চনত এই উদ্ভিদৰ খেতিৰ সময়ত শেষবাৰৰ বাবে স্বতঃস্ফূৰ্ত ফুল ফুলাৰ এক ৰিপৰ্ট পোৱা গৈছিল।৬
এই উদ্ভিদবিধে ৰয়েল হৰ্টিকালচাৰেল ছ'চাইটিৰ গাৰ্ডেন মেৰিটৰ বঁটা লাভ কৰিছে।৭৮
তথ্যসূত্ৰ
- ↑ Epipremnum aureum - Plant Finder. www.missouribotanicalgarden.org
- ↑ Moodley, D.; Procheş, Ş.; Wilson, J.R.U. (2017-03-01). Assessing and managing the threat posed by Epipremnum aureum in South Africa. South African Journal of Botany. পৃ. 178–188
- ↑ Meshram, Srivastava, Anju, Nidhi. (Apr–Jun 2014). Molecular and physiological role of Epipermnum aureum. International Journal of Green Pharmacy. পৃ. 73–76
- ↑ बरकत के साथ नुकसान भी कर सकता है मनी प्लांट, जानिए कैसे - Hindustan. Live Hindustan
- ↑ Kantho, Kaler. বাৰাণ্ডায় সবুজেৰ মেলা · কালেৰ কণ্ঠ. Kalerkantho
- ↑ Boyce, Peter. A Review of Epipremnum (Araceae) in Cultivation. aroid.org
- ↑ Epipremnum aureum. Royal Horticultural Society
- ↑ (July 2017). AGM Plants - Ornamental. Royal Horticultural Society. পৃ. 35
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানি প্লাণ্ট” প্ৰবন্ধৰ সংশোধন ৫১৭২০৪ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।