অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মৌ ডিমৰু

মৌ ডিমৰু বা আওঠা ডিমৰু (Ficus auriculata) (মিচিং- কুকৱাল-টাকুক্-আছিং; কাৰ্বি-লঠেৰি -আৰং; খআচিয়া- দিয়েং-চহ-লামপিন) এবিধ মজলীয় আকাৰৰ ডিমৰু গছ৷ এই গছজোপা সমগ্ৰ এছিয়া মহেদেশতে পোৱা যায়৷ এই গছজোপাৰ বৃদ্ধিৰ বাবে পৰ্য্যাপ্ত পৰিমাণে ৰ'দৰ প্ৰয়োজন হয়৷

হালনাগাদ: ২০ মে’ ২০১৯ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৪৭
সংশোধনৰ পৰামৰ্শ

মৌ ডিমৰু বা আওঠা ডিমৰু ''(Ficus auriculata) (মিচিং- কুকৱাল-টাকুক্-আছিং; কাৰ্বি-লঠেৰি -আৰং; খআচিয়া- দিয়েং-চহ-লামপিন১) এবিধ মজলীয় আকাৰৰ ডিমৰু গছ৷ এই গছজোপা সমগ্ৰ এছিয়া মহেদেশতে পোৱা যায়৷২ এই গছজোপাৰ বৃদ্ধিৰ বাবে পৰ্য্যাপ্ত পৰিমাণে ৰ'দৰ প্ৰয়োজন হয়৷৩

বিৱৰণ

মৌ ডিমৰুৰ ডালবিলাক গছজোপাৰ চাৰিওফালে ফেৰ মেলি গছজোপাক এখ ছত্ৰাকাৰ ৰূপ দিয়ে৷ ইয়াৰ বাকলিৰ বৰণ মদৰুৱা আৰু উপৰিভাগ খহটা৷ বাকলিৰ ভিতৰভাগ ৰঙচুৱা হয় আৰু তাত বগা বৰণৰ দীঘলীয়ে লম্ব ৰেখা কিছুমান থকা দেখা যায়৷১

এই ডিমৰুৰ পাতবোৰেৰ আকৃতি ডাঙৰ৷ পাতৰ দাঁতিত কেতিয়াবা সৰু সৰু খাঁজ কটা দাগৰ উৎপত্তি হয় নাইবা কোনো ক্ষেত্ৰত দাঁতিভাগ সমান হৈয়ে ৰয়৷১

প্ৰজনন

মৌ ডিমৰুৰ একেজোপা গছে বেলেগে বেলেগে পুংপুষ্প আৰু স্ত্ৰীপুষ্প ধাৰণ কৰে৷ Ceratosolen emarginatus নামৰ পতংগবিধে এই গছৰ প্ৰজননত সহায় কৰে৷৪৫ ফল কোমল আৰু সুস্বাদু হয়৷

ব্যৱহাৰ

মৌ ডিমৰুৰ ফলে পেটৰ নানা উপসৰ্গ যেনে বদহজমী, কৌষ্ঠকাঠিন্য আদি নিৰাময়ত সহায় কৰে বুলি জনা যায়৷

তথ্যসূত্ৰ

  1. ↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
  2. ↑ 29. Ficus auriculata. Flora of China
  3. ↑ Ficus auriculata. ForestryNepal
  4. ↑ LI Zong-Bo; YANG Pei; PENG Yan-Qiong. (2012). Distribution and ultramorphology of antennal sensilla in female Ceratosolen emarginatus Mayr (Hymenoptera: Agaonidae), a specific pollinator of Ficus auriculata. Acta Entomologica Sinica. পৃ. 1272-1281
  5. ↑ van Noort, S.; Rasplus, J-Y. (2018). Ficus auriculata Loureiro, 1790. Figweb. Iziko Museums of South Africa

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞানউদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌ ডিমৰু” প্ৰবন্ধৰ সংশোধন ১৯৫৩৬৬ (২০ মে’ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।