ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কেৰালা ৰাজ্যৰ পশ্চিমঘাট পৰ্বতমালাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই কেৰালাৰ ইডুক্কি আৰু এৰ্নাকুলাম জিলা জুৰি বিস্তৃত হৈ আছে। ইয়াৰ মুঠ মাটি-কালি ৯৭ বৰ্গ কিলোমিটাৰ। এইখন কেৰালাৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৮ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
এই ৰাষ্ট্ৰীয় উদ্যানখন কেৰালা চৰকাৰৰ বন আৰু বন্যপ্ৰাণী বিভাগৰ অধীনস্থ মুন্নাৰ বন্যপ্ৰাণী সংমণ্ডলে পৰিচালনা কৰে। এই সংমণ্ডলে ইয়াৰ ওচৰৰ মথীকেত্তন শোলা ৰাষ্ট্ৰীয় উদ্যান, আনামুডি শোলা ৰাষ্ট্ৰীয় উদ্যান, পাম্বাদুম শোলা ৰাষ্ট্ৰীয় উদ্যান, চিন্নাৰ বন্যপ্ৰাণী অভয়াৰণ্য আৰু কুৰিঞ্জীমালা অভয়াৰণ্যও তদাৰক কৰে।১
ভূগোল
উদ্যানখনৰ মূল অংশটো প্ৰায় ২,০০০ মিটাৰ উচ্চতাৰ এক পাহাৰীয়া মালভূমি অঞ্চল। ইয়াৰ ভূ-খণ্ড মূলত ওখ পাৰ্বত্য ঘাঁহনি আৰু 'শোলা' অৰণ্যৰে গঠিত। দক্ষিণ ভাৰতৰ সৰ্বোচ্চ পৰ্বত-শৃংগ 'আনামুডি' (২,৬৯৫ মিটাৰ) এই উদ্যানখনৰ ভিতৰতে অৱস্থিত। উদ্যানখনৰ মাজেৰে বহুতো চিৰপ্ৰৱাহী জুৰি বৈ গৈছে। এই জুৰিবোৰ মিলি পশ্চিম দিশে পেৰিয়াৰ নদী আৰু পূব দিশে কাবেৰী নদীৰ উপনৈ গঠন কৰিছে। উদ্যানখনৰ উত্তৰ-পশ্চিম দিশে ঘন পোয়ামকুট্টী আৰু ইডামালায়াৰ বনাঞ্চল অৱস্থিত।২ লাক্কোম জলপ্ৰপাতো এই অঞ্চলতে আছে।
বন্যপ্ৰাণী

উদ্যানখনত ২৬প্ৰকাৰৰ স্তন্যপায়ী প্ৰাণী দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল 'নীলগিৰি তহৰ'। ইয়াত প্ৰায় ৭৫০টা নীলগিৰি তাহৰ আছে। ই হ'ল এক বিৰল পাৰ্বত্য ছাগলীজাতীয় প্ৰাণী।৩ উদ্যানখনত পোৱা আন স্তন্যপায়ী প্ৰাণীবোৰ হ'ল— ফুটুকী হৰিণ, নীলগিৰি লেংগুৰ, সিংহ-নেজীয়া বান্দৰ, মেঠোন, সুগৰী পহু, বনৰীয়া গাহৰি আৰু শৰপহু। ইয়াত থকা ঘাই চিকাৰী কুকুৰজাতীয় প্ৰাণী হ'ল শিয়াল আৰু ৰাংকুকুৰ। আনহাতে মেকুৰীজাতীয় ঘাই চিকাৰী প্ৰাণী হ'ল হেপা, ভাৰতীয় নাহৰফুটুকী বাঘ আৰু ঢেঁকীয়াপতীয়া বাঘ। ইয়াত কিছুমান সৰু স্তন্যপায়ী প্ৰাণীও পোৱা যায়। যেনে— কেৰ্কেটুৱা, নেউল, নীলগিৰি মাৰ্টেন আৰু উদ।৪ ভাৰতীয় হাতীয়েও ঋতু ভেদে এই উদ্যানখন ভ্ৰমণ কৰে।
উদ্যানখনত ১৩২প্ৰকাৰৰ পক্ষী ৰেকৰ্ড কৰা হৈছে। ইয়াৰ ভিতৰত ব্লেক-এণ্ড-অৰেঞ্জ ফ্লাইকেচাৰ, নীলগিৰি পিপিট, নীলগিৰি কাঠনি পাৰ আদি অন্যতম থলুৱা চৰাই।
ইয়াত প্ৰায় ১০১প্ৰকাৰৰ পখিলা আৰু মথ পোৱা যায়। ইয়াৰ ভিতৰত ৰেড ডিস্ক বুছব্ৰাউন আৰু পালানী ফ'ৰৰিং আদি পখিলা ঘাইকৈ শোলা ঘাঁহনি অঞ্চলত আবদ্ধ। উদ্যানখনত ১৯প্ৰকাৰৰ উভচৰ প্ৰাণীও পোৱা গৈছে।
ভেকুলীৰ নতুন প্ৰজাতিৰ আৱিষ্কাৰ
২০১০ চনত ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যানত এটা নতুনপ্ৰকাৰৰ ভেকুলী আৱিষ্কাৰ হয়। ই এবিধ উজ্জ্বল ৰঙা-সুমথিৰা বৰণৰ ভেকুলী। ইয়াৰ হাত-ভৰি অতি চুটি হয়। এই নতুন প্ৰজাতিটো কেৱল আনামুডি শৃংগৰ ৩ বৰ্গ কিলোমিটাৰতকৈও কম এলেকাত আবদ্ধ। দিল্লী বিশ্ববিদ্যালয়ৰ বিজ্ঞানী এছ. ডি. বিজু আৰু ব্ৰুচেলছ মুক্ত বিশ্ববিদ্যালয়ৰ ফ্ৰেংকী বছয়টে ইয়াৰ সন্ধান পাইছিল। এই ভেকুলীটোক 'ৰাওৰচেষ্টছ ৰেস্প্লেণ্ডেনছ' (Raorchestes resplendens) নাম দিয়া হৈছে।৫ ইয়াৰ চকুৰ মণি উজ্জ্বল ৰঙা চকু হয়।৬
উদ্ভিদ

উদ্যানখনত তিনি ধৰণৰ প্ৰধান উদ্ভিদ গোট পোৱা যায়— ঘাঁহনি, গুল্মজাতীয় উদ্ভিদ আৰু বনাঞ্চল। ২,০০০ মিটাৰতকৈ ওখ ঠাইবোৰ মূলত ঘাঁহনিৰে আবৃত। কিন্তু পাহাৰৰ ভাঁজবোৰত সৰু সৰু অৰণ্যৰ অংশও আছে। দ উপত্যকাবোৰ ঘন অৰণ্যৰে ভৰা। পাহাৰীয়া থিয় গৰাবোৰৰ নামনিত গুল্মজাতীয় উদ্ভিদ পোৱা যায়। ইয়াত বিভিন্ন সৰু সৰু মছ আৰু লাইকেনো প্ৰচুৰ পৰিমাণে পোৱা যায়। উদ্যানখনৰ অন্যতম আকৰ্ষণ হ'ল 'নীলকুৰিঞ্জী' ফুল। এই ফুলবিধ প্ৰতি ১২ বছৰত এবাৰহে ফুলে।
ইতিহাস
১৯৭১ চনৰ আগতে এই সমগ্ৰ অঞ্চলটো কানন দেৱান হিলছ প্ৰডিউচ কোম্পানীয়ে এটা চিকাৰ সংৰক্ষিত বনাঞ্চল হিচাপে পৰিচালনা কৰিছিল। কেৰালা চৰকাৰে ১৯৭১ চনত এখন বিশেষ আইনৰ (Kannan Devan Hill Produce (Resumption of lands) Act, 1971) জৰিয়তে এই ভূমি পুনৰ নিজৰ অধীনলৈ আনে। তাৰ পিছত বিলুপ্তপ্ৰায় নীলগিৰি তহৰৰ বাসস্থান সুৰক্ষিত কৰিবলৈ ১৯৭৫ চনত ইয়াক 'ইৰাভিকুলাম-ৰাজামালা বন্যপ্ৰাণী অভয়াৰণ্য' হিচাপে ঘোষণা কৰা হয়। পৰৱৰ্তী সময়ত ১৯৭৮ চনত এই অভয়াৰণ্যখনক এখন পূৰ্ণাংগ ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয়।৭
তথ্যসূত্ৰ
- ↑ K.S. Sudhi (3 November 2006) The Hindu, retrieved 21 June 2007 New lives bloom in Rajamala
- ↑ Eravikulam National Park – Map (2004) Nilgiri Tahr Trust, retrieved 20 June 2007 Map
- ↑ Munnar
- ↑ UNEP (05/07/2007) World Commission on Protected Areas, World Database on Protected Areas, Eravikulam National Park, Retrieved 7 May 2007 India - Eravikulam
- ↑ The Hindu – New species of frog found in Eravikulam National Park dt. 6 May 2010
- ↑ S.D. Biju; Yogesh Shouche; Alain Dubois. (2010). A ground-dwelling rhacophorid frog from the highest mountain peak of the Western Ghats of India. Current Science. পৃ. 1119–1125
- ↑ "Management Plan", Erivikulam National Park. Accessed 3 August 2014
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৮৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।