অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

কৰ্জা টেঙা

কৰ্জা টেঙা (বৈজ্ঞানিক নাম: Carissa carandas, Karmarda, Karanja, Karunda, Indian currant, Natal plum, Karunda or Christ's thorn, টাই-আহোম ভাষাত Mak-chum-karja) এজোপা জোপোহাজাতীয় চিৰসেউজ গছ। ইয়াৰ ফল সামান্য দীঘলীয়া আৰু টেঙা, পাতবোৰৰ দাঁতিত দুটা কাঁইট থাকে।

হালনাগাদ: ৫ জুন ২০২০ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ
Fruit
Fruitছবি: LRBurdak · CC BY-SA 3.0

কৰ্জা টেঙা (বৈজ্ঞানিক নাম: Carissa carandas, Karmarda, Karanja, Karunda, Indian currant, Natal plum, Karunda or Christ's thorn, টাই-আহোম ভাষাত Mak-chum-karja) এজোপা জোপোহাজাতীয় চিৰসেউজ গছ। ইয়াৰ ফল সামান্য দীঘলীয়া আৰু টেঙা, পাতবোৰৰ দাঁতিত দুটা কাঁইট থাকে। ইয়াৰ বেৰীজাতীয় ফলবোৰ আচাৰ, চৰবত, জাম-জেলী আদি তৈয়াৰত ব্যৱহাৰ হয়।১২ কৰ্জা টেঙাক অসমীয়াত থেৰেজু বুলিও জনা যায়।

বৰ্ণনা

কৰ্জা টেঙাৰ গছ প্ৰায় ২-৩ মিটাৰলৈকে ওখ হয়, জোপোহা আৰু চিৰসেউজীয়া। ডালবোৰ লেহুকা আৰু সামান্য তললৈ হাউলি পৰা। গছজোপা খহতা, মুগাচানেকীয়া আৰু ওপৰৰ চামনিটো সামান্য ফাঁট মেলা। সৰু ঠাল-ঠেঙুলীৰ বৰণ গাঢ় সেউজীয়া আৰু মসৃণ। পাত সৰল, দীঘলে ৩-৭ চেমি আৰু বহলে ২-৩ চেমি, দুখিলাকৈ পাত অভিমুখ সাজোনত সজ্জিত। পাতৰ দুইকাষ আৰু পিঠি মসৃণ আৰু আগটো সামান্য ঘোৰ খোৱা। ডাঠ পাতবোৰৰ আকৃতি আয়তাকাৰ-উপবৃত্তাকাৰ। পাতৰ গুৰিত পাতে ঢাকি ৰখা দুটা দীঘল, জোঙা কাঁইট থাকে।

কৰ্জা টেঙাৰ ফুল মাৰ্চ-এপ্ৰিল মাহত ফুলে। জুলাই আগষ্টত ফল পুৰঠ হয়। ফুল কৰিম্বজ ছাইম পুষ্পবিন্যাসত থোপাকৈ ফুলে। ফুলৰ তলৰ অংশ নলাকাৰ আৰু ৰঙীন আৰু ওপৰৰ অংশ চক্ৰাকাৰ, পাঁচটা খণ্ডত বিভক্ত আৰু বগা।

ইয়াৰ ফল বেৰী ধৰণৰ আৰু আকৃতি দীৰ্ঘবৃত্তজ (elliptic); কেঁচাতে সেউজীয়া আৰু পকিলে ক'লা-ৰঙচুৱা বৰণ ধৰে। কেঁচা আৰু আধা পকা ফলৰ পৰা আঠালতীয়া বগা ক্ষীৰ (latex) নিৰ্গত হয়। ফলৰ স্বাদ টেঙা-মিঠা। ফলত ৫-৬টা চেপেটা বীজ থাকে। পকা ফলৰ শাহ কোমল, চেপিলে তেজৰঙী ৰস ওলায়।১

আবাস

গছজোপা মুখ্যতঃ হিমালয় অঞ্চলত ৩০০ ৰ পৰা ১৮০০ মিটাৰলৈকে, শিৱালিক পৰ্বত, পূৰ্বঘাট আৰু পশ্চিমঘাট পৰ্বত, নেপাল, আফগানিস্তান আদিত পোৱা যায়। ইয়াৰ উপৰিও ই অসম, বংগ, ৰাজস্থান আদি ভাৰতৰ বিভিন্ন স্থান, শ্ৰীলংকা আদিতো পোৱা যায়। ইয়াৰ বাবে সাধাৰণতে উষ্ণ অঞ্চলত গজে।

ব্যৱহাৰ

পকা ফলত লো, ভিটামিন চি আৰু পেকটিন থাকে। ই এণ্টিস্কৰবিউটিকৰ ভাণ্ডাৰ আৰু শৰীৰত লোৰ ৱৰিপূৰক হিচাবেও ব্যৱহাৰ কৰা হয়। ফল আচাৰ, জাম-জেলি, চৰবত, চাটনি আদি কৰি খাবলৈ ভাল।

তথ্যসূত্ৰ

  1. ↑ গগৈ, ড: অন্নজ্যোতি. (২০০৬). অসমৰ এবিধ লুপ্তপ্ৰায় টেঙা ফল - কৰ্জা. প্ৰান্তিক. পৃ. ২৯
  2. ↑ Morton, J. 1987. Karanda. p. 422–424. In: Fruits of warm climates. Julia F. Morton, Miami, FL

সম্পৰ্কিত শ্ৰেণী

গুল্মফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্জা টেঙা” প্ৰবন্ধৰ সংশোধন ২৩৫৭৭৫ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।