মুচি গেন্দেৰা(Small Indian Civet, বৈজ্ঞানিক নামঃ Viverra zibetha) দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াত পোৱা এবিধ জন্তু। ইয়াৰ ব্যাপক বিতৰণ, ব্যাপক বিচৰণক্ষেত্ৰৰ ব্যৱহাৰ আৰু ইয়াৰ বিচৰণক্ষেত্ৰত অন্তৰ্ভুক্ত বহুতো ৰাজ্যৰ কৃষি আৰু গৌণ প্ৰাকৃতিক পৰিৱেশত বাস কৰা সুস্থ সংখ্যাৰ বাবে ইয়াক আই ইউ চি এন ৰঙা তালিকাত কম উদ্বেগজনক হিচাপে তালিকাভুক্ত কৰা হৈছে।১
ভিভেৰিকুলা প্ৰজাতিৰ এইটোৱেই একমাত্ৰ প্ৰজাতি।২
বৈশিষ্ট্য
মুচি গেন্দেৰা গাৰ নোম যথেষ্ট মোটা আৰু শৰীৰৰ বৰণ বাদামী ধূসৰৰ পৰা শেঁতা হালধীয়া বাদামী ৰঙৰ, সাধাৰণতে ইয়াৰ পিঠিত কেইবাটাও দীৰ্ঘায়িত ক'লা বা বাদামী বেণ্ড আৰু কাষত দীৰ্ঘায়িত দাগৰ শাৰী থাকে। সাধাৰণতে পিঠিত পাঁচ বা ছটা সুকীয়া বেণ্ড আৰু প্ৰতিটো ফালে চাৰি-পাঁচ শাৰী দাগ থাকে। কিছুমানৰ ৰেখা আৰু দাগ অস্পষ্ট, পৃষ্ঠীয় বেণ্ডবোৰৰ অভাৱ। সাধাৰণতে কাণৰ পিছফালৰ পৰা কান্ধলৈকে দুটা ক’লা ৰেখা থাকে, আৰু প্ৰায়ে সন্মুখত তৃতীয়টো ডিঙি পাৰ হৈ থাকে। ইয়াৰ শৰীৰৰ তলৰফালৰ ৰং বাদামী বা ধূসৰ, শৰীৰৰ ওপৰৰ অংশ প্ৰায়ে ধূসৰ আৰু নিম্নাংশ বাদামী। ওপৰৰ অংশৰ ধূসৰ নোমবোৰ প্ৰায়ে ক’লা টিপযুক্ত হয়। মূৰটো ধূসৰ বা বাদামী ধূসৰ, থুঁতৰি প্ৰায়ে বাদামী। কাণ দুখন চুটি আৰু ঘূৰণীয়া আৰু প্ৰতিটো কাণৰ পিছফালে আৰু প্ৰতিটো চকুৰ সন্মুখত এটা ক'লা-মিঠা বৰণীয়া চিন থাকে। ঠেং দুখন বাদামী বা ক’লা। ইয়াৰ নেজত পৰ্যায়ক্ৰমে ক’লা আৰু বগা ৰঙৰ প্ৰতিটোৰে সাতৰ পৰা নটা আঙুঠি থাকে। ইয়াৰ মূৰৰ পৰা শৰীৰলৈকে দৈৰ্ঘ্য ৫৩–৫৮ চে.মি. (২১–২৩ ইঞ্চি) আৰু ইয়াৰ আগলৈ ক্ৰমে চিঞা হোৱা নেজডালৰ দৈৰ্ঘ্য ৩৮–৪৩ চে.মি. (১৫–১৭ ইঞ্চি)।২
বিতৰণ আৰু বাসস্থান
মুচি গেন্দেৰা ভাৰতৰ বেছিভাগ অঞ্চল, শ্ৰীলংকা, ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম, দক্ষিণ আৰু মধ্য চীন, আৰু টাইৱানত পোৱা যায়। ভূটান, বাংলাদেশ, উপদ্বীপ মালয়েছিয়া, জাভা আৰু বালিত শেহতীয়া অভিলেখ জনা নাযায়, অৱশ্যে এইবোৰ ঠাইত ইয়াক ঐতিহাসিকভাৱে লিপিৱদ্ধ কৰা হৈছিল। ছিংগাপুৰত ইয়াৰ বৰ্তমানৰ অৱস্থা স্পষ্ট নহয়।১ চিতৱান ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি আৰু শাল (Shorea robusta) বনাঞ্চলৰ দুয়োটাতে ই বহুলভাৱে বিস্তৃত।৩ ২০০৮ চনত ডাচিগাম ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে ১,৭৭০ মিটাৰ (৫,৮১০ ফুট) উচ্চতাত এটা মুচি গেন্দেৰা নথীভুক্ত কৰা হৈছিল।৪ উত্তৰ-পূব ভাৰতত ২৫০০ মিটাৰ (৮,২০০ ফুট) উচ্চতাত ইয়াক নথীভুক্ত কৰা হৈছিল।৫ কালাক্কাড মুণ্ডনথুৰাই বাঘ সংৰক্ষিত বনাঞ্চলত ইয়াক ঘাঁহনি, নদীৰ পাৰৰ আগশাৰীৰ স্থানত ইয়াক লিপিৱদ্ধ কৰা হৈছিল আৰু ২০০২ চনত জৰীপৰ সময়ত চাহ বাগিচাৰ ওচৰতো ইয়াক দেখা গৈছিল।৬ মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলত ইয়াক পৰ্ণপাতী অৰণ্য, অৰ্ধচিৰসেউজ আৰু কাঁইটীয়া অৰণ্যত আৰু খৰালি কালত এখন গাঁৱৰ ওচৰৰ পানীৰ গাঁততো ইয়াক লিপিৱদ্ধ কৰা হৈছে।৭
আচৰণ আৰু পৰিস্থিতিতন্ত্ৰ
মুচি গেন্দেৰা নিশাচৰ প্ৰাণী আৰু ই মূলতঃ স্থলজ; পোক-পৰুৱা ইয়াৰ খাদ্য৷৬ ইহঁত মাটিৰ তলৰ গাঁতত, শিলৰ তলত বা ডাঠ জোপোহাত বাস কৰে।২ মাজে মাজে সংগম আৰু চিকাৰৰ বাবে বাবে যোৰ বান্ধে। মানুহৰ অশান্তি নথকা অঞ্চলত কেতিয়াবা ইহঁতে দিনতো চিকাৰ কৰে বুলি জানিব পৰা গৈছে। মুচি গেন্দেৰা মূলতঃ স্থলজ যদিও ইহঁতে ভালদৰে বগাবও জানে৷ মুচি গেন্দেৰা গাঁত বা গছৰ ধোন্দত শোৱে৷ ইহঁতে নিজে নিজে গাঁত খান্দিব পাৰে, কিন্তু অন্য প্ৰজাতিৰ পৰিত্যক্ত গাঁতবোৰো দখল কৰে। উপনগৰৰ বাসস্থানত ইহঁতে নলা বা অন্যান্য ফুটা, আন্ধাৰ ঠাইক অস্থায়ী আশ্ৰয় হিচাপে ব্যৱহাৰ কৰে।৮
খাদ্য
মুচি গেন্দেৰাই নিগনি,এন্দুৰ, চৰাই, সাপ, ফল, শিপা আৰু গেলা-পচা মাংস খায়।৯ ইহঁতক কিছুমানক হাঁহ-কুকুৰা কঢ়িয়াই নিয়াও দেখা গৈছে৷২১০
প্ৰজনন
মাইকী মুচি গেন্দেৰাই সাধাৰণতে চাৰি-পাঁচটা পোৱালি জন্ম দিয়ে৷২ কেৰালাত বন্দী অৱস্থাত থকা মুচি গেন্দেৰাক মাৰ্চৰ পৰা মে’ আৰু অক্টোবৰৰ পৰা ডিচেম্বৰ মাহত সংগম কৰা দেখা গৈছিল। গড় গৰ্ভাৱস্থা কাল ৬৫ৰ পৰা ৬৯ দিন৷ পোৱালিবোৰৰ জন্মৰ সময়ত ওজন ৯০ৰ পৰা ১১০ গ্ৰাম (৩.২ৰ পৰা ৩.৯ আউঞ্চ)ৰ ভিতৰত হয় আৰু পাঁচ দিনৰ পিছত চকু ফুটে৷ দহ সপ্তাহ বয়সত ইহঁতৰ ওজন ১০০০ গ্ৰাম (৩৫ আউঞ্চ) হয়।১১ বন্দী অৱস্থাত আয়ুস আঠৰ পৰা ন বছৰ।৯
সংৰক্ষণ
মুচি গেন্দেৰাক CITES-ৰ পৰিশিষ্ট III-ত তালিকাভুক্ত কৰা হৈছে।১ ম্যানমাৰত ১৯৯৪ চনৰ বন্যপ্ৰাণী আইন অনুসৰি ই সম্পূৰ্ণৰূপে সুৰক্ষিত।১০
তথ্যসূত্ৰ
- ↑ Choudhury, A.; Duckworth, J.W.; Timmins, R. (2015). Viverricula indica. পৃ. e.T41710A45220632
- ↑ Blanford, W. T. (1888–91). The Fauna of British India, including Ceylon and Burma. Mammalia. Taylor and Francis. পৃ. 100–101
- ↑ Lamichhane, B. R.; Pokheral, C. P.; Khatiwada, A. P. (2014). A Yellow-throated Marten Martes flavigula carrying a Small Indian Civet Viverricula indica. Small Carnivore Conservation. পৃ. 46–50
- ↑ Charoo, S. A.; Sharma, L. K.; Sathyakumar, S. (2010). First record of Small Indian Civet Viverricula indica in the Kashmir Himalaya, India. Small Carnivore Conservation. পৃ. 42–43
- ↑ Choudhury, A. (2013). The Mammals of North East India. Gibbon Books and the Rhino Foundation for Nature in NE India. ISBN 9789380652023
- ↑ Mudappa, D. (2002). Observations of small carnivores in the Kalakad-Mundanthurai Tiger Reserve, Western Ghats, India. Small Carnivore Conservation. পৃ. 4–5
- ↑ Kalle, R.; Ramesh, T.; Sankar, K. (2013). Observations of sympatric small carnivores in Mudumalai Tiger Reserve, Western Ghats, India. Small Carnivore Conservation. পৃ. 53–59
- ↑ Nowak, R M.; Walker, E. P. (2005). Walker's Carnivores of the World. JHU Press. পৃ. 187. ISBN 9780801880339
- ↑ Lekalul, B. and McNeely, J. A. (1977). Mammals of Thailand. Association for the Conservation of Wildlife, Bangkok
- ↑ Su Su. (2005). Small carnivores and their threats in Hlawga Wildlife Park, Myanmar. Small Carnivore Conservation. পৃ. 6–13
- ↑ Balakrishnan, M.; Sreedevi, M. (2007). Captive breeding of the Small Indian Civet Viverricula indica (É. Geoffroy Saint-Hilaire, 1803). Small Carnivore Conservation. পৃ. 5–8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুচি গেন্দেৰা” প্ৰবন্ধৰ সংশোধন ৪৬১৯৭৯ (৬ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।