অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰাজ ভাটৌ

ৰাজ ভাটৌ ( 'Alexandrine Parakeet, বৈজ্ঞানিক নাম-Psittacula eupatria) চ্চিটাচিফৰমিছ (psittaciformes) বৰ্গ আৰু চ্চিত্তাকুলিডি (Psittaculidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৫৪৩ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰাজ ভাটৌ ( 'Alexandrine Parakeet, বৈজ্ঞানিক নামকৰণ পদ্ধতি-Psittacula eupatria) চ্চিটাচিফৰমিছ (psittaciformes) বৰ্গ আৰু চ্চিত্তাকুলিডি (Psittaculidae) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা ভাটৌৰ প্ৰজাতি। এই প্ৰজাতিটোৰ ইংৰাজী নামটো সম্ৰাট আলেকজেণ্ডাৰ (Alexander the Great)ৰ নামৰ ভিত্তিত দিয়া হৈছে কিয়নো সম্ৰাট আলেকজেণ্ডাৰে বহুতো ৰাজ ভাটৌ পঞ্জাব, ভাৰতৰ পৰা ইউৰোপৰ বিভিন্ন ঠাইলৈ পঠিয়াইছিল আৰু এই ঠাইসমূহৰ ৰাজকীয়া পৰিয়ালত ৰাজ-ভাটৌক বহু মূলীয়া সম্পদ বুলি গণ্য কৰা হৈছিল।১

ৰাজ ভাটৌৰ বৈজ্ঞানিক নামৰ eupatria গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ eu মানে 'ভাল বাসন্মানীয় (good or noble) আৰু patria মানে পূৰ্বস্থান বা পূৰ্বপুৰুষ (ancestry)

টেক্সনমি আৰু বিতৰণ

গোলকীয় বিতৰণৰ ভিত্তিত ৰাজ ভাটৌৰ তলত উল্লেখ কৰা উপ-প্ৰজাতি সমূহ পোৱা যায়-

বিৱৰণ

মতা ৰাজ ভাটৌ
মতা ৰাজ ভাটৌছবি: Peter Tan · CC BY-SA 2.0
মাইকী ৰাজ ভাটৌ
মাইকী ৰাজ ভাটৌছবি: Trevor Lawrie · CC BY 2.0

ৰাজ ভাটৌ অন্যান্য ভাটৌৰ প্ৰজাতিসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ আকাৰৰ। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৫৮ ছে: মি: আৰু ডেউকা আৰু নেজৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে ১৮.৯-২১.৫ ছে: মি: আৰু ২১.৫-৩৫.৫ ছে: মি: হোৱা দেখা যায়। পূৰ্ণবয়স্ক চৰাইৰ ওজন সাধাৰণতে ২০০-৩০০ গ্ৰাম পৰ্যন্ত হয়।২৩ ইয়াৰ দেহটো সেউজীয়া, মুখত কিছু নীলা আভা আছে। পেট অংশ সেউজ-হালধীয়া। ৰাজ ভাটৌৰ ডেউকাৰ ওপৰ অংশ মেৰুণ (maroon or reddish brown) ৰঙৰ হোৱা দেখা যায়। ইয়াৰ ঠৌঁত ৰঙা আৰু ঠেং সাধাৰণতে মটিয়া বৰণৰ হয়।

পূৰ্ণবয়স্ক ৰাজ ভাটৌৰ মতা-মাইকীৰ ভিন্নতা দেখা যায় কিন্তু পোৱালিৰ মাজত লিংগ ভেদ কৰিব পৰা নাযায়। পূৰ্ণবয়স্ক মতা ৰাজ ভাটৌৰ ডিঙিত ঘূৰণীয়াকৈ ক'লা আঁচ আৰু ডিঙিৰ ওপৰফালে (nape) ডাঙৰকৈ গুলপীয়া দাগ থাকে। আনহাতে মাইকী ৰাজ ভাটৌৰ ডিঙিত পাতল মটিয়া বৰণৰ আঁচহে দেখা যায়।

এভিকালচাৰ

ৰাজ ভাটৌ পোহনীয়া চৰাই হিচাপে খুবেই সমাদৃত। ইউৰোপ মহাদেশত পোৱা পোহনীয়া চৰাইসমূহৰ ভিতৰত ৰাজ ভাটৌ সৰ্বপ্ৰথমে পোহ মনা চৰাইৰ প্ৰজাতি। ইয়াৰ বৃহৎ দেহ আৰু দীঘল নেজৰ বাবে অৱশ্যে অন্য ভাটৌ চৰাইতকৈ ইয়াক ডাঙৰ সঁজাৰ প্ৰয়োজন হয়।

কৃত্ৰিম পৰিৱেশত

সঁজাত বন্দী এটা মতা ৰাজ ভাটৌ
সঁজাত বন্দী এটা মতা ৰাজ ভাটৌছবি: Rudolph.A.furtado · Public domain

ৰাজ ভাটৌৰ মাত বিভিন্ন পৰিৱেশত যথেষ্ট ডাঙৰ হ'ব পাৰে। কৃত্ৰিম পৰিৱেশত ই পানীৰ সৈতে খেলিবলৈ পছন্দ কৰে আৰু যাঁচি দিয়া খাদ্য বস্তুও তৎক্ষণাত গ্ৰহণ কৰে। ইয়াৰ গড় আয়ুস প্ৰায় ৪০ বছৰ।

প্ৰজনন

ৰাজ ভাটৌৱে সাধাৰণতে নৱেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে। এবাৰত ই ২-৪ টাকৈ কণী পাৰে। ২৮ দিনৰ উমনিৰ অন্তত কণী ফুটি পোৱালি জগে। প্ৰায় সাত সপ্তাহ মানৰ পিছত পোৱালিৰ পাখি গজে।

খাদ্য

ৰাজ ভাটৌৱে সাধাৰণতে গুটি, ফল-মূল, ফুল আদি খাই জীয়াই থাকে। কাৎচিৎ ই পোক-পতংগ আদি চিকাৰ কৰাও দেখা পোৱা যায়। ইহঁতে খেতি-পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে।

স্থিতি তথা সংৰক্ষণ

পাকিস্তান ত এই প্ৰজাতিটোৰ স্থিতি সংকটজনক বুলি তথ্য পোৱা যায়। বাসস্থান ধ্বংস তথা বন্য পোৱালিৰ চোৰাং চিকাৰকেই ইয়াৰ প্ৰধান কাৰণ বুলি অভিহিত কৰা হয়। ইয়াৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে যদিও লাহোৰকে ধৰি ভাৰতৰো বহুতো অঞ্চলত ইয়াক মুকলিকৈ বিক্ৰী কৰা দেখা যায়।

তথ্যসূত্ৰ

  • Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6

বাহ্যিক সংযোগ

Informative websites:

Conservation related links:

তথ্যসূত্ৰ

  1. ↑ Campbell-Johnston, Rachell. (2007-02-13). A squawk on the wild side. The Times
  2. ↑ Ali, S. (1993). The Book of Indian Birds. Bombay Natural History Society. ISBN 0-19-563731-3
  3. ↑ del Hoyo, J; Elliot, A; Sargatal, J. (1996). ((Handbook of the Birds of the World)). Lynx Edicions. ISBN 84-87334-20-2

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজ ভাটৌ” প্ৰবন্ধৰ সংশোধন ৫৪০৬০৬ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।