অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ওৰাঙোটাং

ওৰাঙোটাং (Orangutan) পংগ (Pongo) গণৰ নেজ নথকা এবিধ প্ৰাইমেট। ইহঁতৰ গাৰ নোম ৰঙা আৰু মটীয়া। পৃথিৱীত মাথোঁ দুটা প্ৰজাতিৰ ওৰাঙোটাং পোৱা যায়। ইহঁত দক্ষিণ-পূব এছিয়াৰ দক্ষিণৰ বনাঞ্চলত থাকে। আজিকালি ওৰাঙোটাঙৰ সংখ্যা খুব কম। জনসংখ্যা বাঢ়ি থকাত হাবি-জংঘল নাইকিয়া হৈ অহাই ইয়াৰ ঘাই কাৰণ।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ওৰাঙোটাং (Orangutan) পংগ (Pongo) গণৰ নেজ নথকা এবিধ প্ৰাইমেট। ইহঁতৰ গাৰ নোম ৰঙা আৰু মটীয়া। পৃথিৱীত মাথোঁ দুটা প্ৰজাতিৰ ওৰাঙোটাং পোৱা যায়। ইহঁত দক্ষিণ-পূব এছিয়াৰ দক্ষিণৰ বনাঞ্চলত থাকে। আজিকালি ওৰাঙোটাঙৰ সংখ্যা খুব কম। জনসংখ্যা বাঢ়ি থকাত হাবি-জংঘল নাইকিয়া হৈ অহাই ইয়াৰ ঘাই কাৰণ।

নাম

“ওৰাঙোটাং” (অ’ৰাং-হুটান) নামটো আহিছে দুটা মালয় শব্দ orang (অ’ৰাং “মানুহ”) আৰু hutan (হুটান “হাবি”) ৰ পৰা - মানে “বনমানুহ” বা “হাবিৰ মানুহ”।১

বৰ্গীকৰণ

  • প্ৰজাতি - Pongo
    • বৰ্নীয়া ওৰাঙোটাং - Pongo pygmaeus
    • চুমাটেৰীয়া ওৰাঙোটাং - Pongo abelii

গুণাগুণ

ওৰাঙোটাঙৰ ৰঙা-মটীয়া বৰণৰ ঘন নোম আছে। ইয়াৰ বাহু দীঘল আৰু শক্তিশালী। ইয়াৰ দ্বাৰা সিহঁতে খৰকৈ আৰু নিখুঁতভাবে গছ বগাব পাৰে। চুমাটেৰা দ্বীপৰ চুমাটেৰীয়া ওৰাঙোটাং বৰ্ণিঅ’ দ্বীপৰ বৰ্নীয়া ওৰাঙোটাঙতকৈ সৰু আৰু বেছি ঘন নোম থকা হয়। ব্যাপক হাৰত হাবি-জংঘল কটাৰ বাবে ইহঁতৰ সংখ্যা খৰকৈ কমি গৈছে যাৰ ফলত ইহঁতৰ নাম বিলুপ্তপ্ৰায় প্ৰজাতিৰ তালিকাত আহি পৰিছে।

জীৱন

দক্ষিণ-পূব এছিয়াৰ বৰ্ণিঅ’ আৰু চুমাটেৰা দ্বীপৰ বৰষাৰণ্যত ওৰাঙোটাং পোৱা যায়। বেছিভাগেই ওখ গছত থাকে। ইহঁতে ফল, পাত গছৰ বাকলি খাই জীয়াই থাকে। ইয়াৰ বাহিৰেও ইহঁতে পোক-পৰুৱা, চৰাইৰ কণী আৰু সৰু সৰু প্ৰাণীও খায়। পিয়াঁহ গুচাবলৈ ইহঁতে গছৰ পাতত ৰৈ যোৱা বৰষুণৰ পানী খায়। ইহঁত মাটিত ইমান নেনামে।

মাইকী ওৰাঙোটাং ২৩০ৰ পৰা ২৬০ দিনলৈ গাভিনী হয় আৰু মাথোঁ এটা পোৱালি জগায়। মাজে মাজে দুটা পোৱালিও জগাব পাৰে। আঠৰ পৰা ন বছৰৰ পিছে পিছে ইহঁত গাভিনী হয়। পোৱালিবিলাক সিহঁতৰ মায়েকৰ লগত বহুবছৰ থাকে। মায়েকৰ পৰা ইহঁতে হাবিৰ নিয়ম-নীতিবোৰ আৰু তাত জীয়াই থকা শিকে। মানুহৰ ল’ৰা-ছোৱালীৰ দৰেই ওৰাঙোটাঙৰ পোৱালিয়েও খেলাধূলা কৰি ভাল পায় আৰু ইহঁত বৰ মৰমিয়াল। পাঁচ-ছয় বছৰীয়া হোৱাৰ পাছত ইহঁত নিজে নিজে থাকিবলৈ লয় আৰু নিজৰ ল’ৰালিকালৰ এলেকাও এৰি গুচি যায়।২

বাহিৰা সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2011). Orangutan Facts –. orangutans-sos.org. Sumatran Orangutan Society
  2. ↑ Blue Planet Level 5, written by Dinorah Pous p.70

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওৰাঙোটাং” প্ৰবন্ধৰ সংশোধন ৩৮০৩১৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।