অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ওলকচু

ওলকচু (Elephant foot yam or Elephant yam, বৈজ্ঞানিক নাম = Amorphophallus spp.) ( পৰিয়াল, Equisetopsida গোত্ৰ, Araceae) গোটেই বিশ্বত ওলকচুৰ ১৭৬ টাতকৈ বেছি প্ৰজাতি পোৱা যায়।

হালনাগাদ: ১৯ আগষ্ট ২০২২ ৪৭২ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ওলকচু (Elephant foot yam or Elephant yam, বৈজ্ঞানিক নাম = Amorphophallus spp.) ( পৰিয়াল, Equisetopsida গোত্ৰ, Araceae) গোটেই বিশ্বত ওলকচুৰ ১৭৬ টাতকৈ বেছি প্ৰজাতি পোৱা যায়। এমৰফ'ফেলাছ টাইটেনাম (A.titanum) নামৰ ওলকচুৰ প্ৰজাতিটোৰ ফুলৰ মঞ্জৰী (Inflorescence) পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ (২.৫ মিটাৰ ওখ আৰু প্ৰায় ১.৫ মিটাৰ বহল) হোৱাৰ তথ্য পোৱা যায়। আনহাতে কেতিয়াবা এই প্ৰজাতিটোৰ আলু ২ মিটাৰ পৰিধিৰ ১০০ পাউণ্ডতকৈ (৪৬ কেজি) বেছি ওজনৰ হোৱা দেখা যায়।

উৎপত্তি স্থান

দক্ষিণ-পূব এছিয়াক,প্ৰধানকৈ ভাৰত আৰু শ্ৰীলংকাক ওলকচুৰ উৎপত্তিস্থল বুলি গণ্য কৰা হয়। চীন,বাংলাদেশ,লাউচ,থাইলেণ্ড,ভিয়েটনাম,জাভা,ফিলিপাইন,সুমাত্ৰা,নিউগিনি,অষ্ট্ৰেলিয়াৰ উত্তৰাঞ্চল,ফিজি আৰু আফ্ৰিকাৰ কোনো কোনো দেশত বনৰীয়া হিচাপে ওলকচু পোৱা যায়। ভাৰতৰ উত্তৰ-পূব ভাৰতৰ লগতে পশ্চিমবংগ,কেৰালা,অন্ধ্ৰপ্ৰদেশ,মহাৰাষ্ট্ৰ,গুজৰাট,তামিলনাডু,উত্তৰ প্ৰদেশ,ওড়িশা আৰু ঝাৰখণ্ডত ওলকচুৰ খেতি কৰা হয়। সাধাৰণতে অলপ বালিচহীয়া,পানী জমা নোহোৱা,জৈৱিক পদাৰ্থ বেছি থকা মাটিত ওলকচুৰ খেতি ভাল হয়। নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা দ্বিতীয় শ্ৰেণীৰ বনাঞ্চলত (Disturbed Secondary Forest) ওলকচু বনৰীয়া হিচাপে দেখা যায়।<ref name="গ্ৰন্থ ১"১

ব্যৱহাৰ

ওলকচুৰ অনেক ব্যৱহাৰ আছে। ইয়াৰ কচু আৰু কচুথুৰি কাৰ্ব'হাইড্ৰেটযুক্ত উৎকৃষ্ট খাদ্য। ওলৰ কচু,পাত আৰু শিপা নানান ঔষধি গুণেৰে পৰিপুষ্ট। বিষ উপশমকাৰী,হজমদায়ক আৰু টনিক হিচাপে আৰু দুৰ্বলতা,ৰক্তহীনতা আৰু কৌষ্ঠকাঠিন্য দূৰিকৰণত ওলকচু ব্যৱহাৰ কৰা হয়। ওলকচুৰ শিপা আৰু অন্যান্য অংশ নানা ধৰণৰ ভেষজ ঔষধ প্ৰস্তুতিত,যেনে - ৰক্তক্ষৰণ,কাহ,ডিঙিফুলা,পেটৰ বিষ,বমি,কেঁচুমুৰীয়া,গোধ বেমাৰ,ধনুষ্টংকাৰ,খহু আৰু পেলুমৰা দৰবত ব্যৱহাৰ হয়। এইবিলাকৰ উপৰিও,গৰু - গাহৰিৰ দানা হিচাপেও ওলৰ কচু আৰু পাত ব্যৱহাৰ কৰিব পাৰি। আনহাতে কিছুমান প্ৰজাতিৰ ওলকচুত কেলচিয়াম অক্সেলেট বেছিকৈ থাকে,যাৰ ফলত এনে কচু খালে ডিঙি খজুৱায় আৰু কেতিয়াবা এলাৰ্জিও হোৱা দেখা যায়।

গছজোপা

ওলকচুৰ গছ দুই মিটাৰমানলৈকে ওখ হয়। প্ৰথম অৱস্থাত,মাটি ফুটি গা গছডাল ওলাই আহোঁতে গুৰিভাগত এখন ঢকুৱা দেখা যায়। সাইলাখ ফেটি সাপৰ ফনাৰ দৰে এই ঢকুৱাখন দেখি বনৰীয়া জীৱজন্তু অথবা অন্যান্য প্ৰাণী গছজোপাৰ ওচৰ নাচাপে আৰু এনেদৰেই ই কুমলীয়া অৱস্থাত গছজোপাক আত্মৰক্ষাত সহায় কৰে।

ফুল

ওলকচুৰ ফুল ফুলা সাধাৰণতে দেখা নাযায়। শীতকালৰ শেষভাগত,বসন্তকাল অথবা গ্ৰীষ্মকালৰ প্ৰথমভাগত সম্পূৰ্ণ পূৰঠ হোৱা স্থূলকাণ্ডৰ (Corm) পৰা কেতিয়াবাহে ওলকচুৰ ফুল ফুলা দেখা যায়। এই ফুল ফুলিলে এবিধ উৎকট গোন্ধ ওলায়। কিন্তু ফুলপাহ ফুলাৰ কেইঘণ্টামানৰ পাছতেই এই গোন্ধ নোহোৱা হৈ যায়। গেলিবলৈ ধৰা মাংসৰ দৰে এই গোন্ধৰ প্ৰকোপত মাখি আৰু গুবৰুৱা জাতীয় পোক আকৰ্ষিত হয় আৰু ইয়ে পৰাগযোগ হোৱাত সহায় কৰে। সাধাৰণতে ইতৰ পৰাগযোগহৈ (Cross pollination) সফল হোৱা পৰিলক্ষিত হয়। ওলকচুৰ গোটেই ফুলপাহ দেখাত ঘণ্টা আকৃতিৰ (Bell shaped),গাঢ় বেঙুনীয়া ৰঙৰ হয়। ফুলৰ মঞ্জৰীডালৰ (Spadix) তলৰ ভাগত বেঙুনীয়া ৰঙৰ গৰ্ভদণ্ডৰ ওপৰত হালধীয়া গৰ্ভমুণ্ড থকা স্ত্ৰীপুষ্প আৰু তাৰ ঠিক ওপৰতে হালধীয়া ৰঙৰ পুংপুষ্পবিলাক থাকে। আনহাতে মঞ্জৰীডালৰ মূৰত বেঙুনীয়া ৰঙৰ দেখাত গদাৰ দৰে (Bulbous) অংশ একোটা থাকে। ইয়াৰ উপৰিও ফুলৰ মঞ্জৰীডালক আৱৰি গাঢ় বেঙুনীয়া ৰঙৰ দেখাত ঠিক পাহিৰ (Corolla) দৰেই এখন ঢকুৱা (Spathe) থাকে। এই ঢকুৱাৰ দৰে অংশটোৰ তলৰ ফালে পাতল সেউজীয়া ৰঙত বগা অথবা হালধীয়া ফুট থকা দেখা যায়। গোসাঁইগাঁও আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ চৌহদত ফুলা ওলকচুৰ (A.Campanulatus) ফুলপাহ প্ৰায় ৪৭ ছেণ্টিমিটাৰ ওখ আৰু ইয়াৰ পৰিধি আছিল প্ৰায় ১৪০ ছেণ্টিমিটাৰ। ওলকচুৰ ফুল পাঁচদিনমানৰ পাছতেই মৰহি যায়।

ফল

ফুলৰপৰা সৰু সৰু (২ × ১ ছেণ্টিমিটাৰ) ফল পোৱা যায়। পকিলে এই ফল উজ্জ্বল ৰঙা ৰঙৰ হৈ পৰে।

সৌন্দৰ্য

পৃথিৱীৰ বহু ঠাইত সৌন্দৰ্যবৰ্ধক হিচাপে টাবত ওলকচু ৰোৱে। ছিংগাপুৰ উদ্ভিদ উদ্যান আৰু হাৱাইৰ ক্ৰান্তিয় উদ্ভিদ উদ্যানত এনে ওলকচুৰ ফুল দেখা পোৱা যায়।

তথ্যসূত্ৰ

  1. ↑ ভবেশগগৈ. (২০১৩). আপুৰুগীয়া ওলকচু ফুলৰ বিষয়ে একাষাৰ. প্ৰান্তিক. পৃ. পৃষ্ঠা ৩১

সম্পৰ্কিত শ্ৰেণী

তৃণপাচলিউদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওলকচু” প্ৰবন্ধৰ সংশোধন ৩৩০৮৪৩ (১৯ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।