কপিলী ফল্ট এটা টেকটনিক ফল্ট। টেকটনিক প্লেটৰ এই ফাঁটটো ভাৰতীয় প্লেটখন ইউৰেচীয়ান প্লেটখনৰ তললৈ সোমাই যোৱাৰ ফলত সৃষ্টি হৈছে। মণিপুৰৰ পৰা আৰম্ভ কৰি অসম-অৰুণাচল-ভূটানৰ সীমান্তৰ সংযোগলৈকে বিস্তৃত ৩০০ কি.মি. দীঘল আৰু ৫০ কি.মি. বহল এই কপিলী ফল্ট অঞ্চলটোত দুইখন প্লেটৰ মাজত হোৱা আনুভূমিক ঘৰ্ষণৰ ফলত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত শতিকা জুৰি ১৯৫০ৰ টোকে ধৰি সৰু বৰ বিভিন্ন ভূমিকম্প হৈ আহিছে।১
ভূতত্ত্ব আৰু টেকটনিক
অসমকে ধৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু হিমালয়ৰ পৰা মিয়ানমাৰলৈকে ব্যাপ্ত ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ অত্যন্ত ভূমিকম্পপ্ৰৱণ। হিমালয়ান, ছিয়াং চিণ্টেক্সিয়েল জ'ন, মিছিমি ৰেঞ্জ ইণ্ডো-বাৰ্মীজ আৰ্ক, মিকিৰ হিলচ আৰু শ্বিলং প্লেট্যুকে ধৰি বিভিন্ন টেক্টনিক ব্লকৰ সংগমস্থল এই অঞ্চলটোত যোৱা ২০০ বছৰৰো অধিক কাল ধৰি সৰু বৰ অসংখ্য ভূমিকম্প হোৱাৰ উদাহৰণ আছে।২
এই ফল্টটো মণিপূৰৰ পশ্চিম অঞ্চলৰ পৰা আৰম্ভ কৰি অসমৰ কাৰ্বি আংলং আৰু নগাওঁ হৈ ভূটান, অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমাৰ সংগমস্থললৈকে বিস্তৃত। ই প্ৰায় ৩০০ কি.মি. দীঘল আৰু ৫০ কিমি বহল।৩ অতি সক্ৰিয় কাৰণে এই অঞ্চলটো উচ্চতম "চিচমিক হেজাৰ্ড জ'ন ৫"-অত ধৰা হয়।৪
এই ফল্টটো উত্তৰত ভাৰতীয় টেকটনিক প্লেটখন ইউৰেচীয়ান প্লেটত খুন্দা খাই পূৱত বাৰ্মীজ আৰ্কৰ তলত সোমাই যোৱাৰ (subduction) ফলত সৃষ্টি হৈছে। এই ত্ৰিপল জাংচনৰ বাবেই এই অঞ্চলটো অত্য়ন্ত ভূমিকম্পপ্ৰৱণ। এই ফল্ট ১৮৯৭ চনৰ গ্ৰেট শ্বিলং আৰ্থকুৱেক (ৰিখটাৰ স্কেল ৮.১) আৰু ১৯৫০ৰ বৰভুমিকম্পকে (ৰি. স্কেল ৮.৫) ধৰি অসংখ্য় সৰু-বৰ ভূমিকম্পৰ কাৰক ৫।
উল্লেখযোগ্য় ভূমিকম্পসমূহ
- ১৮৬৯ চনৰ কাচাৰ ভূমিকম্প (⟨M_w⟩ ৭.৯) - মধ্য় খণ্ড৬
- ১৮৯৭ চনৰ বৃহৎ শ্বিলং ভূমিকম্প (Great Shillong Earthquake) (⟨M_w⟩ ৮.১)৫
- ১৯৪৩ চনৰ মিকিৰ পাহাৰ ভূমিকম্প (⟨M_w⟩ ৭.০) - মধ্য় খণ্ড৬
- ১৯৫০ৰ বৰভুমিকম্প (⟨M_w⟩ ৮.৫)৫
- ২০০৯ চনৰ ভূটান ভূমিকম্প - উত্তৰ খণ্ড৫৭
- ২০১৬ চনৰ মণিপুৰ ভূমিকম্প (⟨M_w⟩ ৬.৭) - দক্ষিণ খণ্ড৬
- ২০২১ৰ অসম ভূমিকম্প (⟨M_w⟩ ৬.৪) - উত্তৰ খণ্ড৬
বৰ্তমান স্থিতি
২০১৭ চনৰ এক গৱেষণামতে ৫ ১৯৪৩ চনৰ পৰা এতিয়ালৈকে এই অঞ্চলত প্ৰচুৰ শক্তি জমা হৈছে আৰু অচিৰেই ই এক বৃহৎ ভূমিকম্পৰ কাৰণ হ'ব পাৰে।
তথ্যসূত্ৰ
- ↑ Nilutpal Bora, Pınar Büyükakpınar, Sandip Das. (2024). 3D structural modelling of the Kopili fault zone in North-East India: Seismotectonic analysis utilising focal mechanism solutions of small-to-moderate earthquakes. Journal of Asian Earth Sciences
- ↑ Devender Kumar, D.V. Reddy, Anand K. Pandey. (2016). Paleoseismic investigations in the Kopili Fault Zone of North East India: Evidences from liquefaction chronology
- ↑ Sharma, V., Biswas, R. (2024). Seismic Hazard Assessment and Source Zone Delineation in Northeast India: A Case Study of the Kopili Fault Region and Its Vicinity. Indian Geotech J
- ↑ “Kopili fault Zone” – A Reason behind Assam Tremors
- ↑ Anup K. Sutar, Mithila Verma, Ajeet P. Pandey, B.K. Bansal, P. Rajendra Prasad, P. Rama Rao, Babita Sharma. (2017). (www.sciencedirect.com/science/article/pii/S13679) Assessment of maximum earthquake potential of the Kopili fault zone in northeast India and strong ground motion simulation. Journal of Asian Earth Sciences
- ↑ Kopili Fault Zone and Seismic Vulnerability in News. Pragyanxetu
- ↑ M 6.1 - Bhutan. earthquake.usgs.gov. USGS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কপিলী ফল্ট” প্ৰবন্ধৰ সংশোধন ৫৩০১৯২ (৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।