ৰামপৰা (Brown-headed Gull, বৈজ্ঞানিক নমা-Chroicocephalus brunnicephalus)এবিধ মজলীয়া আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)৷ ই মধ্য এছিয়াৰ তুৰ্কমেনিস্তানৰ পৰা মংগোলিয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়৷
বিৱৰণ
পূৰ্ণবয়স্ক মতা ৰামপৰাৰ মূৰ অংশ শেঁতা মটিয়া বৰণৰ৷ ইয়াৰ দেহ পাতল মুগা আৰু ঠোঁট আৰু ঠেঙৰ বৰণ ৰঙা৷ ক'লা ডেউকাৰ আগটোত বগা দাগ থকা দেখা যায়৷ তলৰ পাখিবোৰ মুগা আৰু ক'লা বৰণীয়া৷ শীতকালত মূৰৰ মটিয়া ৰং নোহোৱা হৈ পৰে৷
বিতৰণ
ৰামপৰঅ সমগ্ৰ মধ্য এছিয়া জুৰি বিস্তৃত৷ ই প্ৰধানকৈ পৰিভ্ৰমণকাৰী চৰাই আৰু শীতকালত দক্ষিণ এছিয়াৰ সাগৰীয় অঞ্চল, বৃহৎ জলাশয় আৰু নদীসমূহলৈ প্ৰব্ৰজন কৰে বুলি জনা যায় ৷
বাসস্থান
ৰামপৰাই সাধাৰণতে জাকপাতি বিভিন্ন আকাৰৰ ক'লনীত বাস কৰে৷ ই জলাশয় সমূহত চৰিবলৈ পছন্দ কৰে৷
আচৰণ
ৰামপৰা শীতকালত বৃহৎ গোটত বাস কৰা দেখা যায়৷ ই প্ৰধানকৈ সাগৰৰ উপকন্ঠ অঞ্চল সমূহতে চৰে৷
খাদ্য
ৰামপৰা সুবিধাবাদী খাদক (opportunist feeder)৷ ই প্ৰধানকৈ বিভিন্ন অমেৰুদণ্ডী প্ৰাণী আদি খাই জীয়াই থাকে ৷ কিন্তু সুবিধা পালে মৃতভক্ষীও হোৱা দেখা যায়৷
প্ৰজনন
জন্মৰ প্ৰায় দুবছৰৰ পিছতহে ৰামপৰা পূৰ্ণবয়স্ক হৈ উঠে৷
তথ্যসূত্ৰ
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
- Pons J.M., Hassanin, A., and Crochet P.A.(2005). Phylogenetic relationships within the Laridae (Charadriiformes: Aves) inferred from mitochondrial markers. Molecular phylogenetics and evolution 37(3):686-699
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামপৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৫৯০ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।