কাকৈশিৰা বা গোবৰ খোচৰা(Hoopoe;; বৈজ্ঞানিক নাম: Upupa epops) এবিধ ৰংচঙীয়া মধ্যমীয়া আকাৰৰ চৰাই। মূৰত মুকুট সদৃশ পাখিৰ থোপা ইয়াৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য। ই Upupidae পৰিয়ালৰ দেখা পোৱা একমাত্ৰ প্ৰজাতি। ৰ'দত ইহঁতে পাখিমেলি ৰ'দ লোৱা (sunbathe) দেখা যায়।১ তদুপৰি ধূলি-বালিৰেও ইহঁতে শৰীৰৰ পাখি চাফা কৰে।২ কাকৈশিৰা ইজৰাইলৰ ৰাষ্ট্ৰীয় চৰাই।
বিৱৰণ
দীঘলে প্ৰায় ২৭ চেণ্টিমিটাৰ, পাখিৰে সৈতে ৪৪চেণ্টিমিটাৰ, ওজন প্ৰায় ৬৮ গ্ৰাম। দেহ বগা, কলা, মুগা পাখিৰে আবৃত। ঠোঁট অত্যন্ত দীঘল। ঠোঁটৰ আগমূৰ জোঙা। মূৰত একোছা বিশেষ ধৰণৰ জঁবা পাখি থাকে। উৰিবৰ সময়ত মূৰৰ পাখিখিনি বিচনীৰ আকৃতিত ফুলাই উৰা মাৰে। ডেউকা বহল আৰু গোলাকৃতিৰ। ই পখিলাৰ নিচিনাকৈ বতাহত ভাঁহি থাকিব পাৰে।৩
অৱস্থিতি আৰু বাসস্থান
ইউৰোপ, এছিয়া, উত্তৰ আফ্ৰিকা, চাইবেৰিয়াত ইহঁতৰ অৱস্থিতি দেখা যায়। বেচি ডাঠ অৰণ্যত ইহঁতক দেখা নাযায়। গাওঁ বা নগৰৰ আশে পাশে থকা কাঠনি জাতীয় অৰণ্যত ইহঁত বাস কৰে। নিৰ্জন ঠাইত থকা গছৰ খোৰোং, শিলৰ ফাক, আদিত ঘাঁহ, বন, আঁহ আদিৰে বাঁহ সাজে। কণীপৰাৰ সময় অক্টোবৰৰপৰা ডিচেম্বৰলৈ। এবাৰত ৬-৭ টাকৈ কণী পাৰে। কণীবোৰ বগা। মাইকী চৰাইজনীয়ে উমনিত বহে আৰু মতাটোয়ে খাদ্যৰ যোগান ধৰে। ১৫-১৮ দিনৰ ভিতৰত কণীৰপৰা পোৱালি উলায়। প্ৰথম কেইদিন মতাটোৱে আৰু পাছত মাইকীজনীয়েও পোৱালিক খাদ্য যোগায়। প্ৰায় ২৬-২৯ দিনত পোৱালিবোৰ উৰিব পৰা হয়।৪
খাদ্য
ই এবিধ পতংগভোজী চৰাই। ইয়াৰ জোঙা ঠোঁটটোৰে মাটি খুচৰি খাদ্যৰ সন্ধান কৰি ফুৰে। ফৰিং, উঁইচিৰিঙা আদি খোৱাৰ উপৰিও পোক-পৰুৱা, গছৰ গুটি আদিও খায়। ই পাতত লাগি থকা পোক পৰুৱা, গা-গছত থকা পোক, শিলৰ ফাকত থকা পোক পৰুৱাআদি বিচাৰি খায়। অলপ ডাঙৰ আকাৰৰ পোকবোৰ খোৱাৰ আগেয়ে ইহঁতে ঠোঁটেৰে ধৰি শিল বা মাটিত আচাৰি মাৰি লয়। তদুপৰি খোৱাৰ আগতে পোকটোৰ শৰীৰৰ খোৱাৰ অলাগতিয়াল অংশ যেনে- পাখি, ভৰি আদি এৰোৱাই লয়।৫
বাহ্যিক সংযোগ
- Hoopoe- Species text in The Atlas of Southern African Birds.
- Ageing and sexing (PDF) by Javier Blasco-Zumeta
- Hoopoe videos, photos & sounds on the Internet Bird Collection
তথ্যসূত্ৰ
- ↑ Fry, Hilary C. (2003). Christopher Perrins. ed. Firefly Encyclopedia of Birds. Firefly Books. pp. 382. ISBN 1-55297-777-3
- ↑ Harrison, C.J.O.; Christopher Perrins (1979). Birds: Their Ways, Their World. The Reader’s Digest Association. pp. 303–304. ISBN 0-89577-065-2
- ↑ Kristin, A (2001). "Family Upupidae (Hoopoes)". In Josep, del Hoyo; Andrew, Elliott; Sargatal, Jordi. Handbook of the Birds of the World. Volume 6, Mousebirds to Hornbills. Barcelona: Lynx Edicions. pp. 396–411. ISBN 84-87334-30-X
- ↑ Pforr, Manfred; Alfred Limbrunner (1982). The Breeding Birds of Europe 2: A Photographic Handbook. London: Croom and Helm. p. 82. ISBN 0-7099-2020-2
- ↑ Kristin, A (2001). "Family Upupidae (Hoopoes)". In Josep, del Hoyo; Andrew, Elliott; Sargatal, Jordi. Handbook of the Birds of the World. Volume 6, Mousebirds to Hornbills. Barcelona: Lynx Edicions. pp. 396–411. ISBN 84-87334-30-X
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাকৈশিৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৬০৭ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।