মৌপিয়া (Crimson Sunbird, বৈজ্ঞানিক নাম-Aethopyga siparaja) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ঘাইকৈ ফুলৰ ৰস খায় বাবে ইয়াক মৌপিয়া বুলি কোৱা হয়৷ অৱশ্যে প্ৰজনন কালত ই পোক-পতংগও খোৱা দেখা যায়৷ ই ছিংগাপুৰৰ ৰাষ্ট্ৰীয় চৰাই৷
বিৱৰণ
মৌপিয়া সাধাৰণতে ফুলনিবাৰী, শাকনিবাৰী এই জোপোহা গছ-বিৰিখৰ ডালে-পাতে বগাই ফুৰা এবিধ নিচেই সৰু চৰাই। ইয়াৰ দৈৰ্ঘ প্ৰায় ১০ ছেঃমিঃ। এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷মতা চৰাইৰ পাখিৰ ৰং ঘাইকৈ ৰঙচুৱা আৰু সেন্দুৰীয়া। কিন্তু মাইকীজনীৰ আৰু অপৈণত চৰাইৰ ক্ষেত্ৰত এই বৌশিষ্ট দেখা পোৱা নাযায়। ইয়াৰ ঠোঁটৰ আকৃতি তললৈ সামান্যভাৱে ভাঁজ খোৱা।
মৌপিয়া চৰায়ে চিক চিক চিককৈ একপ্ৰকাৰৰ মাত মাতে। ফুলি থকা ফুলৰ কাষত উৰি থাকি মৌৰস শুহি খায়।ফুলৰ ৰস খায় বাবে ইয়াক মৌপিয়া বুলি কোৱা হয়৷ জোপোহা গছৰ ডালৰ ফেৰেঙণিত খেৰ, শুকান ঘাঁহ আদি সামগ্ৰীৰে বাহ সাজি কণি পাৰে আৰু উমনি দি পোৱালি জগায়। অৱশ্যে প্ৰজনন কালত ই পোক-পতংগও খোৱা দেখা যায়৷
মৌপিয়া চৰাইৰ কেইবাটাও আকৃতিৰ পোৱা যায়— সেইবোৰৰ ভিতৰত (১) সেন্দুৰীয়া মৌপিয়া, (২) সৰু মকৰা খোৱা মৌপিয়া (৩)তেজৰঙা মৌপিয়া (৪) অসমৰ কলাডিঙীয়া মৌপিয়া (৫) সেউজীয়ানেজী মৌপিয়া (৬)জাব্ৰিৰ মৌপিয়া (৭) শ্ৰীমতী গৌল্ডৰ মৌপিয়া (৮) বহিনেজীয়া মৌপিয়া।
ইয়াৰ ভিতৰত সেন্দূৰীপিঠীয়া মৌপিয়া আৰু অসমৰ ক’লডিঙীয়া মৌপিয়া অসমত সাধাৰণতে দেখা যায়।
সেন্দূৰীপিঠীয়া মৌপিয়াঃ ইয়াৰ ইংৰাজী নাম: Purple Rumped Sunbird বৈজ্ঞানিক নাম: Nectarinia গোত্ৰ: Nectarinidae এইবিধ চৰাই দৈৰ্ঘ — ১০ ছেঃ মিঃ মান। অসমত ইয়াক দেখা পোৱা যায় যদিও ই বিৰল প্ৰজাতিৰ চৰাই। কেতিয়াবাহে দুই-চাৰিটা দেখা পোৱা যায়। সাধাৰণত জাতৰ মৌপিয়াৰ সৈতে একেলগে বিচৰণ কৰিলে ইয়াক পৃথক কৰিবলৈ যথেষ্ট টান হৈ পৰে। সচৰাচৰ শ্ৰীলংকা, মধ্য আৰু দক্ষিণ ভাৰত, বাংলাদেশ আদিতহে দেখিবলৈ পোৱা যায়।
অসমৰ ক’লাডিঙীয়া মৌপিয়াঃ ইংৰাজী নাম ঃ Assam Black Thorated Sunbird বৈজ্ঞানিক নাম ঃ Aethopyga Saturata assamenisi গোত্ৰ ঃ Nectarinide। এই চৰাই বিধৰ দৈৰ্ঘ প্ৰায় ১১ ছেঃ মিঃ মান হ’ব। আন আন মৌপিয়া চৰাইৰ দৰে ইয়াৰ ডিঙি আৰু পিঠিত ক’লা বৰণৰ পাখি আছে। চাৰিত্ৰিক বিষয়তো আন আন মৌপিয়াৰ সৈতে একে। চিক চিক কৈ মাতে। এইবিধ চৰায়ো জোপোহানিৰ মাজত বাহ সাজি কণী পাৰে আৰু উমনি দি পোৱালি যোগায়। ফুলৰ মৌ খায়। বিশেষকৈ অসম আৰু পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যত এই বিধ মৌপিয়া চৰাই দেখিবলৈ পোৱা যায়।
তথ্যসূত্ৰ
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌপিয়া” প্ৰবন্ধৰ সংশোধন ৫৪০৬৩৬ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।