
কুৰুৱা ১ (Pallas's Fish Eagle, বৈজ্ঞানিক নাম-Haliaeetus leucoryphus)২), এবিধ ডাঙৰ আকাৰৰ শেন চৰাই৷ ইয়াৰ দেহ মটীয়া বৰণৰ৷ শৰাইঘাট অভিধানত কুৰুৱা-ক osprey (Pandion haliaetus) বুলি উল্লেখ কৰিছে ৩।
বিৱৰণ
কুৰুৱাৰ দেহৰ আকাৰ তুলনামূলকভাৱে ডাঙৰ৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ৭২-৮৪ ছে:মি:৷ মাইকী চৰাইৰ আকাৰ মতাটোতকৈ ডাঙৰ৷ মতা কুৰুৱাৰ ওজন ২-৩.৩ কি:গ্ৰা: আৰু মাইকীৰ ২.১-৩.৭ কি:গ্ৰা: হয়৷ মুখখন বগা আৰু মূৰৰ ওপৰৰ অংশ (hood) পাতল মটীয়া ৰঙৰ৷ ইয়াৰ ডেউকা দুখন গাঢ় মটীয়া আৰু পিঠিখন মাখন বৰণৰ হোৱা দেখা যায়৷ নেজডাল ক'লা বৰণৰ, তাত বহল আৰু স্পষ্ট আঁচ থকা দেখা পোৱা যায়৷ তলৰ পাখিবোৰত বগা আঁচো থাকে৷ কুৰুৱাৰ পোৱালিৰ দেহৰ বৰণ গাঢ়, কিন্তু নেজত কোনোধৰণৰ আঁচ নাথাকে৷ ৪
বিতৰণ
কুৰুৱা চৰায়ে সাধাৰণতে এছিয়াৰ কাজাখাস্তানৰ পৰা মংগোলিয়া, হিমালয়, বাংলাদেশ আৰু উত্তৰ ভাৰত পৰ্যন্ত প্ৰজনন কৰে৷ ই এছিয়াৰে কিছু অঞ্চললৈ শীতকালত প্ৰব্ৰজন কৰাও দেখা যায়৷ ৫
আচৰণ
খাদ্য
কুৰুৱা চৰায়ে প্ৰধানকৈ ডাঙৰ আকাৰৰ মাছ ধৰি খায়৷ তাৰোপৰি ই অন্যান্য জলচৰ চৰাই পানীতে খেদি নি চিকাৰ কৰিও খোৱা দেখা যায়৷ উদাহৰণস্বৰূপে ই নিজৰ দেহতকৈও অধিক ওজনৰ পূৰ্ণবয়স্ক Greylag Geese ধৰি দাঙি নিয়াৰ তথ্য পোৱা যায়৷ ৬
স্থিতি তথা সংৰক্ষণ

কুৰুৱা চৰাইৰ সংখ্যা বিভিন্ন কাৰণত কমি আহি বৰ্তমান কেৱল ২,৫০০ ৰ পৰা ১০,০০০ টা চৰাইহে বাচি থকাৰ তথ্য পোৱা গৈছে৷ সেয়ে আই. ইউ. চি. এন. এ ইয়াক সংকটপূৰ্ণ (Vulnerable) বুলি স্বীকৃতি দিছে৷ বাসস্থান ধ্বংস, প্ৰদূষণ,অত্যাধিক মাছ ধৰা আদিকে ইয়াৰ বিলুপ্তিৰ অন্যতম কাৰণ বুলি অভিহিত কৰা হয়৷ তাৰোপৰি জলাশয়সমূহ ক্ৰমাৎ আৱৰি পেলোৱা পানীমেটেকাকো ইয়াৰ বাবে দায়ী কৰা হয়৷ কাৰণ পানীমেটেকাৰে পূৰ্ণ জলাশয়ত কুৰুৱাই মাছ চিকাৰ কৰিবলৈ অসুবিধা পায়৷৭
তথ্যসূত্ৰ
- del Hoyo. (1994). ((Handbook of the Birds of the World)). Lynx Edicions. ISBN 84-87334-15-6
বাহ্যিক সংযোগ
- ARKive: Images and movies
- BirdLife Species Factsheet
- H. leucoryphus range map (very large and slow to load)
তথ্যসূত্ৰ
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Etymology: Haliaeetus, New Latin for "sea-eagle". leucoryphus, "white-headed", from Ancient Greek leukos "white" + corypha, "head"
- ↑ শৰাইঘাট অভিধান, প্ৰথম প্ৰকাশন (২০১১), তৃত্বীয় মুদ্ৰণ (২০১৩), পৃঃ ১৮৩
- ↑ Raptors of the World by Ferguson-Lees, Christie, Franklin, Mead & Burton. Houghton Mifflin (2001), ISBN 0-618-12762-3
- ↑ del Hoyo Elliott Sargatal
- ↑ Wood, Gerald. (1983). The Guinness Book of Animal Facts and Feats. ISBN 978-0-85112-235-9
- ↑ del Hoyo Elliott Sargatal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুৰুৱা” প্ৰবন্ধৰ সংশোধন ৬৩২৮৬৩ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।