অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

উকাহ

উকাহ (Grey-headed Fish Eagle, বৈজ্ঞানিক নাম-Ichthyophaga ichthyaetus) এবিধ ঈগল জাতীয় মাংসভোজী চৰাইৰ প্ৰজাতি। অন্যান্য ঈগলৰ প্ৰজাতি সমূহৰ দৰেই ইয়ো Accipitridae পৰিয়ালৰ অন্তৰ্ভুক্ত।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

উকাহ১ (Grey-headed Fish Eagle, বৈজ্ঞানিক নাম-Ichthyophaga ichthyaetus) এবিধ ঈগল জাতীয় মাংসভোজী চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)। অন্যান্য ঈগলৰ প্ৰজাতি সমূহৰ দৰেই ইয়ো Accipitridae পৰিয়ালৰ অন্তৰ্ভুক্ত।

বিৱৰণ

উকাহৰ দেহৰ আকাৰ তুলনামূলকভাৱে ডাঙৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭০-৭৫ ছে:মি: হোৱা দেখা যায়। পূৰ্ণবয়স্ক উকাহৰ ডেউকা গাঢ় মটীয়া, মূৰ অংশ মুগা আৰু বুকু মাখন বৰণীয়া হয়। তলৰ পেট আৰু নেজ বগা আৰু নেজত দীঘলীয়া আঁচ থাকে।

উকাহৰ মতা-মাইকী উভয়ে দেখাত একে। অৱশ্যে পোৱালি অৱস্থাত ইয়াৰ মূৰ শেঁতা বগা আৰু পেট অংশ গাঢ় হোৱা দেখা যায়।

বিতৰণ

উকাহে সাধাৰণতে ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে। ইয়াক প্ৰধানকৈ ভাৰত, নেপাল, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ, ফিলিপাইন, থাইলেণ্ড,লাউচ, ভিয়েটনাম, কম্বোডিয়া,মালয়েছিয়া, ছিংগাপুৰ, ব্ৰুণেই, ইণ্ডোনেছিয়া আদি দেশত দেখা পোৱা যায়। ২

বাসস্থান

সোঁত কম থকা নৈ-বিল, জান-জুৰি, হ্ৰদ আদিৰ কাষৰীয়া বনাঞ্চলত উকাহ দেখা পোৱা যায়।

আচৰণ

খাদ্য

ই প্ৰধানকৈ জলাশয় সমূহৰ পৰা মাছ চিকাৰ কৰি খাই জীয়াই থাকে। ৩

প্ৰজনন

উকাহে সাধাৰণতে বনাঞ্চলৰ আশে পাশে বাস কৰে। ই জলাশয়ৰ পাৰৰ গছৰ ওখ ডালত ডালি আৰু পাত আদিৰে বাহ সাজে। এবাৰত ই চাৰিটাকৈ কণী পাৰে বুলি জনা যায়।

স্থিতি তথা সংৰক্ষণ

উকাহ সমগ্ৰ বিশ্বৰ বিভিন দেশত বহুলভাৱে বিস্তৃত যদিও স্থানীয় ভাৱে ইয়াৰ জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাই আহিব ধৰিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল ইয়াৰ বাসস্থান ধ্বংস, প্ৰদূষণ তথা অত্যধিক মাছ ধৰা কাৰ্য্য। সেয়েহে ইয়াৰ বৰ্তমানৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক আই. ইউ. চি. এন. এ সংকট আসন্ন (Near Threatened) প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰিছে।

তথ্যসূত্ৰ

  • Database entry includes a brief justification of why this species is near threatened
  • Grimmett, Richard; Inskipp, Carol, Inskipp, Tim & Byers, Clive (1999): Birds of India, Pakistan, Nepal, Bangladesh, Bhutan, Sri Lanka, and the Maldives. Princeton University Press, Princeton, N.J.. ISBN 0-691-04910-6

তথ্যসূত্ৰ

  1. ↑ ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  2. ↑ BirdLife International (2013) Species factsheet: Ichthyophaga ichthyaetus. Downloaded from www.birdlife.org on 11/05/2013
  3. ↑ BirdLife International (2013) Species factsheet: Ichthyophaga ichthyaetus. Downloaded from www.birdlife.org on 11/05/2013

সম্পৰ্কিত শ্ৰেণী

মাংসভোজীঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উকাহ” প্ৰবন্ধৰ সংশোধন ৫৪০৪১১ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।