অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সোণ বাঢ়ৈটোকা

সোণ বাঢ়ৈটোকা (Black-rumped Flameback, বৈজ্ঞানিক নাম-Dinopium benghalense) ভাৰত উপমহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ বাঢ়ৈটোকা চৰাইৰ প্ৰজাতি৷ নগৰ অঞ্চলতো দেখা পোৱা বাঢ়ৈটোকাৰ প্ৰজাতিসমূহৰ ভিতৰত ই উল্লেখযোগ্য৷ ইয়াৰ প্ৰধান বৈশিষ্ট্যপূৰ্ণ বিশেষত্ব হৈছে 'rattling-whinnying' ধৰণৰ বিশেষ ধৰণৰ মাত আৰু…

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৪১৪ শব্দ · ২ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

সোণ বাঢ়ৈটোকা (Black-rumped Flameback, বৈজ্ঞানিক নাম-Dinopium benghalense) ভাৰত উপমহাদেশত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ বাঢ়ৈটোকা চৰাইৰ প্ৰজাতি৷ নগৰ অঞ্চলতো দেখা পোৱা বাঢ়ৈটোকাৰ প্ৰজাতিসমূহৰ ভিতৰত ই উল্লেখযোগ্য৷ ইয়াৰ প্ৰধান বৈশিষ্ট্যপূৰ্ণ বিশেষত্ব হৈছে 'rattling-whinnying' ধৰণৰ বিশেষ ধৰণৰ মাত আৰু উৰাৰ ধৰণ৷ দেহৰ পৃষ্ঠ অংশত সোণালী আৰু ক'লা ডিঙি থকা ইয়েই একমাত্ৰ বাঢ়ৈটোকাৰ প্ৰজাতি৷১

বিৱৰণ

ত সোণ বাঢ়ৈটোকা]]

সোণ বাঢ়ৈটোকা তুলনামূলকভাৱে এবিধ ডাঙৰ আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ২৬-২৯ ছে:মি:৷ ইয়াৰ দেহৰ আকৃতি অন্যান্য প্ৰজাতিৰ বাঢ়ৈটোকাৰ আকৃতিৰ দৰেই৷ ইয়াৰ সোণালী-হালধীয়া ডেউকা স্পষ্টকৈ দেখা পোৱা যায়৷ দেহৰ পিছফালে নেজৰ ওপৰৰ অংশ (rump) ক'লা বৰণৰ আৰু তলৰ অংশ বগা হয়৷ ইয়াৰ ডিঙিত ক'লা বাগা আঁচ থাকে৷ মূৰ অংশ বগা তথা চকুৰ ওপৰৰ অংশ মুগা বৰণৰ৷১২

পূৰ্ণবয়স্ক মতা সোণ বাঢ়ৈটোকাৰ মূৰত ৰঙা ৰঙৰ মুকুট (crown) থাকে৷ অ্যহাতে মাইকী সোণ বাঢ়ৈটোকাৰ ক'লা ৰঙৰ মুকুট থকা দেখা যায়৷ পোৱালী সোণ বাঢ়ৈটোকা চৰাই মাইকীজনীৰ দৰে হয়, কেৱল ইহঁতৰ গাৰ বৰণ শেঁতা হয়৷১

অন্যান্য প্ৰজাতিৰ বাঢ়ৈটোকা চৰাইৰ দৰেই ইয়াৰো ঠোঁট শক্তিশালী আৰু জোঙা হয়৷৩

টেক্স'নমি

ত পোৱা সোণ বাঢ়ৈটোকাৰ উপ-প্ৰজাতি]]

সোণ বাঢ়ৈটোকাৰ কেইবাবিধো উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ ইয়াৰে প্ৰধান উপ-প্ৰজাতিসমূহ তলত উল্লেখ কৰা হ'ল-

  • Dinopium benghalense -মূল প্ৰজাতি৷ ইয়াক সমগ্ৰ ভাৰততে সাগৰ পৃষ্ঠৰ পৰা ১০০০ মিটাৰ পৰ্যন্ত দেখা পোৱা যায়৷
  • Dinopium benghalense dilutum-এই উপ-প্ৰজাতিটো প্ৰধানকৈ উত্তৰ-পশ্চিম ভাৰত তথা পাকিস্তানত দেখা পোৱা যায়৷ ইয়াৰ দেহৰ ওপৰঅংশ পাতল হালধীয়া আৰু তল অংশ মূল প্ৰজাতিতকৈ বেছী বগা বৰণৰ হোৱা দেখা যায়৷
  • Dinopium benghalense puncticolle- দক্ষিণ আৰু মধ্যভাৰতত এই উপ-প্ৰজাতিটো দেখা পোৱা যায়৷ ইয়াৰ ক'লা ডিঙিত সৰু সৰু বগা দাগ থকা দেখা যায়৷ দেহৰ ওপৰ অংশ উজ্জ্বল সোণালী-আলধীয়া বৰণৰ৷
  • Dinopium benghalense tehminae-এই উপ-প্ৰজাতিটো ভাৰতৰ দাক্ষিণাত্য (Western Ghats) অঞ্চলত দেখা যায়৷ ইয়াৰ দেহৱ ওপৰ অংশত সেউজ বৰণ থাকে আৰু ক'লা ডিঙিটো দাগ থাকে৷
  • Dinopium benghalense psarodes- শ্ৰীলংকাত এই উপ-প্ৰজাতিটো দেখা যায়৷ ইয়াৰ পৃষ্ঠ অংশ গাঢ় ক'লা৷১ ৪

বিতৰণ তথা বাসস্থান

সোণ বাঢ়ৈটোকা প্ৰধানকৈ সমতল ভূমিৰ পৰা ১২০০ মি: উচ্চতালৈকে পাকিস্তান, ভাৰতৰ হিমালয়, অসম, মেঘালয়ৰ পৰা বাংলাদেশ, শ্ৰীলংকালৈকে বিস্তৃত হৈ আছে৷ ই বনাঞ্চল তথা খেতি-পথাৰত বাস কৰে৷ গছ-গছনি থকা নগৰীয়া অঞ্চলতো বসবাস কৰিবৰ বাবে ই বিশেষভাৱে অভ্যস্ত৷৩অৱশ্যে ৰাজস্থানৰ দৰে শুকান অঞ্চল সমূহত ইয়াক কাচিৎহে দেখা পোৱা যায়৫

আচৰণ

মাইকী সোণ বাঢ়ৈটোকা চৰাই
মাইকী সোণ বাঢ়ৈটোকা চৰাইছবি: J.M.Garg · CC BY-SA 3.0

সোণ বাঢ়ৈটোকা প্ৰধানকৈ যোৰকৈ বা সৰু গোটত চৰা দেখা যায়৷৬

খাদ্য

ইহঁতে মাটিৰ পৰা গছৰ ওপৰৰ অংশ (canopy)লৈকে যিকোনো স্থানতে খাদ্যৰ সন্ধান কৰিব পাৰে৷ ই প্ৰধানকৈ গছৰ গাত থকা পোক-পতংগ খাই জীয়াই থাকে৷৭৮ মানুহৰ দ্বাৰা কৃত্ৰিমভাৱে নিৰ্মিত স্থানতো ই বাহ সাজি বা অন্য কামৰ বাবে ব্যৱহাৰ কৰিবলৈ ইহঁত অভিযোজিত৷৯

প্ৰজনন

সোণ বাঢ়ৈটোকাৰ প্ৰজনন কাল সাধাৰণতে ফেব্ৰুৱাৰীৰ পৰা জুলাই পৰ্যন্ত হ'ব পাৰে আৰু বতৰৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে৷ প্ৰজনন কালত ইহঁতে ঘনাই মাত মাতে৷১০ ই গছৰ খোৰোঙত বাহ সাজে৷ ১১ এবাৰত তিনিটাকৈ কণী পাৰে৷ কণীৰ বৰণ উজ্জ্বল বগা আৰু আকৃতি অলপ দীঘলীয়া হয়৷৩১২ ১১ দিন উমনি দিয়াৰ পিছত কণী ফুটি পোৱালি জগে৷ ২০ দিনৰ ভিতৰত পোৱালিয়ে বাহ এৰিব পৰা হয়৷১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rasmussen, PC & JC Anderton. (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃ. 289
  2. ↑ Blanford, WT. (1895). The Fauna of British India, Including Ceylon and Burma. Birds. Volume 3. Taylor and Francis, London. পৃ. 58–60
  3. ↑ Whistler, Hugh. (1949). Popular handbook of Indian birds. Gurney and Jackson, London. পৃ. 285–287. ISBN 1-4067-4576-6
  4. ↑ Ali S & Ripley SD. (1983). Handbook of the Birds of India and Pakistan. Volume 4. Oxford University Press. পৃ. 196–201
  5. ↑ Himmatsinhji,MK. (1979). Unexpected occurrence of the Goldenbacked Woodpecker Dinopium benghalense (Linnaeus) in Kutch. J. Bombay Nat. Hist. Soc.. পৃ. 514–515
  6. ↑ Kotagama, SW & E Goodale. (2004). The composition and spatial organisation of mixedspecies flocks in a Sri Lankan rainforest. Forktail. পৃ. 63–70
  7. ↑ Chakravarthy,AK. (1988). Predation of Goldenbacked Woodpecker, Dinopium benghalense (Linn.) on Cardamom Shoot-and-Fruit Borer, ((Dichocrocis punctiferalis)) (Guene). J. Bombay Nat. Hist. Soc.. পৃ. 427–428
  8. ↑ Balasubramanian,P. (1992). Southern Goldenbacked Woodpecker Dinopium benghalense feeding on the nectar of Banana Tree ((Musa × paradisiaca|Musa paradisiaca)). J. Bombay Nat. Hist. Soc.. পৃ. 254
  9. ↑ Rajan,S Alagar. (1992). Unusual foraging site of Goldenbacked Woodpecker Dinopium benghalense (Linn.). J. Bombay Nat. Hist. Soc.. পৃ. 374
  10. ↑ Neelakantan,KK. (1962). Drumming by, and an instance of homo-sexual behaviour in, the Lesser Goldenbacked Woodpecker (Dinopium benghalense). J. Bombay Nat. Hist. Soc.. পৃ. 288–290
  11. ↑ Santharam,V. (1998). Nest usurpation in Woodpeckers. J. Bombay Nat. Hist. Soc.. পৃ. 344–345
  12. ↑ Hume, AO. (1890). The nests and eggs of Indian birds. Volume 2. R H Porter, London. পৃ. 309–311
  13. ↑ Osmaston, BB. (1922). Woodpecker occupying nesting box. J. Bombay Nat. Hist. Soc.. পৃ. 1137–1138

সম্পৰ্কিত শ্ৰেণী

হেটুলুকাজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণ বাঢ়ৈটোকা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৩৯ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।