সখিয়তী বা পাটমাদৈ(Black-hooded Oriole, বৈজ্ঞানিক নাম-Oriolus xanthornus) 'Oriole' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)৷ ই বিষুৱীয় অঞ্চলৰ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা শ্ৰীলংকা, ইণ্ডোনেছিয়া পৰ্যন্ত স্থানীয়ভাৱে প্ৰজনন কৰে৷
বিৱৰণ
পূৰ্ণবয়স্ক মতা সখিয়তী চৰাইৰ দেহটো উজ্জ্বল হালধীয়া বৰণৰ আৰু মূৰ অংশ ক'লা বৰণৰ হয়৷ তাৰোপৰি ইয়াৰ ডেউকা আৰু নেজতো ক'লা বৰণ থাকে৷ মাইকী সখিয়তীৰ মূৰ অংশ ক'লা আৰু দেহৰ তলৰ অংশ কিছু সেউজ বৰণীয়া হয়৷ পোৱালিবোৰ বাহ্যিক গঠন মাইকীজনীৰ দৰেই হোৱা দেখা যায়৷ অৱশ্যে পোৱালি অৱস্থাত ইহঁতৰ মূৰ অংশ সম্পূৰ্ণ ক'লা নহয়৷
বিতৰণ
সখিয়তী চৰাই সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হে আছে৷ ই প্ৰধানতঃ ভাৰত, বাংলাদেশ, ভূটান, কম্বোডিয়া, চীন, ইণ্ডোনেছিয়া, মালয়েছিয়া, ম্যানমাৰ, নেপাল, শ্ৰীলংকা, থাইলেণ্ড, ভিয়েটনাম আদিত প্ৰজনন কৰে৷ ১
বাসস্থান
সখিয়তীৰ প্ৰধান বাসস্থান হ'ল মুকলি কাঠনি তথা খেতি-পথাৰ আদি৷
আচৰণ
খাদ্য
সখিয়তীয়ে প্ৰধানকৈ পোক-পতংগ, ফল-মূল আদি খাদ্য হিচাপে গ্ৰহণ কৰে৷
প্ৰজনন
ই গছৰ ওপৰত ডাল-পাতেৰে বাহ সাজে৷ এবাৰত সাধাৰণতে দুটাকৈ কণী পাৰে৷
স্থিতি
সখিয়তীৰ বৰ্তমানৰ জনসংখ্যা কিমান সেয়া সঠিককৈ ধাৰণা কৰিব পৰা নাযায় যদি ই হ্ৰাস পোৱা নাই বুলিয়ে জনা যায়৷ সেয়েহে ইয়াক সংকটমুক্ত বুলি স্বীকৃতি দিয়া হৈছে৷ ২
তথ্যসূত্ৰ
- ↑ BirdLife International 2012. Oriolus xanthornus. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>. Downloaded on 02 June 2013
- ↑ BirdLife International 2012. Oriolus xanthornus. In: IUCN 2012. IUCN Red List of Threatened Species. Version 2012.2. <www.iucnredlist.org>. Downloaded on 02 June 2013
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সখিয়তী” প্ৰবন্ধৰ সংশোধন ৫৪০৬৭৫ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।