আমচোং অভয়াৰণ্য (Amchang Wildlife Sanctuary) অসমৰ কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। আমচোং নামটোৰ উৎপত্তি অভয়াৰণ্যৰ মাজতে থকা কাৰ্বি গাঁও আমচেং (বৰ্তমান আমচিং) গাঁওখনৰ নামৰ আধাৰত নামকৰণ কৰা হৈছে৷১ ই পূব-কামৰূপ বনবিভাগৰ অন্তৰ্গত।
ইতিহাস
গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা আমচাং অভয়াৰণ্যই ‘আৰ্লি বাৰ্ডছ’ (Early Birds) নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ প্ৰচেষ্টাত ২০০৪ চনৰ ৯ জুনত চৰকাৰীভাৱে অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। খানাপাৰা দক্ষিণ আমচাং অঞ্চলৰ ২৫৪৬.১০ হেক্টৰ অৰণ্যভূমি আৰু আমচাং অঞ্চলৰ ৫৩১৮ হেক্টৰ অৰণ্যভূমিক সামৰি আমচাং অভয়াৰণ্য গঠন কৰা হৈছে। পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত এই অভয়াৰণ্যৰ মুঠ মাটিকালি ৭৮৬৪.১০ হেক্টৰ অৰ্থাৎ প্ৰায় ৭৮.৬৪ বৰ্গ কিলোমিটাৰ।
এই বনাঞ্চলক ২০০৪ চনৰ ১৯ জুন তাৰিখে বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।২
ভৌগোলিক বিৱৰণ
আমচোং অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৭৮.৬৮ বৰ্গ কিলোমিটাৰ।৩ ই গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা মাথোঁ ১৫ কিমি দূৰত্বত অৱস্থিত।
জলবায়ু
অভয়াৰণ্যখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গড় হিচাপত ১৮০০ মিলিমিটাৰতকৈ কম, গড় সৰ্বোচ্চ তাপমাত্ৰা ৩৪° চেণ্টিগ্ৰেড আৰু সৰ্বনিম্ন তাপমাত্ৰা ৬ চেণ্টিগ্ৰেড।
উদ্ভিদ:
মূলতঃ পৰ্ণপাতী উদ্ভিদ।২ কিছু কিছূ অঞ্চলত ঘাঁহনিও দেখা পোৱা যায়। অভয়াৰণ্যখনৰ ভূমিভাগ পাহাৰীয়া। পাহাৰীয়া হোৱাৰ ফলত এই অভয়াৰণ্যৰ ভিতৰ ভাগত কিছুমান এঢলীয়া ভূমিৰ লগে লগে সৰু সৰু ঘূলিৰ সৃষ্টি হৈছে। অভয়াৰণ্যখন প্ৰধানকৈ পৰ্ণপাতী বৃক্ষৰে পৰিপূৰ্ণ। তদুপৰি এই অৰণ্যত সৰু সৰু ঘাঁহনিও পৰিলক্ষিত হয়। কদম, গমাৰি, আঁহত, পমা, কৰৈ, শিমলু, অৰ্জুন, এজাৰ, চেগুন, ঘোঁৰানিম ইত্যাদি গছ অভয়াৰণ্যখনত পোৱা যায়।
প্ৰাণী:
অভয়াৰণ্যখন হাতীৰ এক উল্লেখযোগ্য বাসস্থান। হাতীৰ বাহিৰেও এই অভয়াৰণ্যত যথেষ্ট সংখ্যক নাহৰফুটুকী বাঘ আছে। অভয়াৰণ্যখনত থকা আন স্তন্যপায়ী বন্যপ্ৰাণীবোৰ হ’ল— বনৰৌ, লাজুকী বান্দৰ, বাদুলী, টুপীমূৰীয়া বান্দৰ, বনগৰু বা মেঠোন, বনৰীয়া শহাপহু, হেপা, হাতী, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।৩
চৰাই-চিৰিকটি:
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ www.google.com/maps/@26.1552536,91.8926758,14.21
- ↑ Amchang Wildlife Sancturary. enajori.com
- ↑ Amchang Wildlife Sanctuaries. AMTRON. Department of Environment and Forests, Govt. of Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমচোং অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫০৭১২৪ (৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।