অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ

উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ (Northern pig-tailed macaque; বৈ‍জ্ঞানিক নামঃ Macaca leonina) হ'ল চেৰকোপিথেচিডে উপপৰিয়ালৰ এক স্পৰ্শকাতৰ প্ৰজাতি। বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, লাওছ, ম্যানমাৰ, থাইলেণ্ড, আৰু ভিয়েটনামত ইয়াক পোৱা যায়। পৰম্পৰাগতভাৱে এম.লিওনিনাক দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ (M.

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৫০৪ শব্দ · ৩ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ (Northern pig-tailed macaque; বৈ‍জ্ঞানিক নামঃ Macaca leonina) হ'ল চেৰকোপিথেচিডে উপপৰিয়ালৰ এক স্পৰ্শকাতৰ প্ৰজাতি।১ বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, লাওছ, ম্যানমাৰ, থাইলেণ্ড, আৰু ভিয়েটনামত ইয়াক পোৱা যায়। পৰম্পৰাগতভাৱে এম.লিওনিনাক দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ (M. nemestrina)ৰ উপপ্ৰজাতি বুলি গণ্য কৰা হৈছিল যদিও এতিয়া ইয়াক পৃথক প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।২ একবিংশ শতিকাত গাহৰি-নেজীয়া বান্দৰক উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ প্ৰজাতি (Macaca leonina) আৰু দ‍ক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ প্ৰজাতি (Macaca nemestrina) বুলি বিভক্ত কৰা হয়।৩ এই পুনৰ শ্ৰেণীবিভাজনত যৌনাঙ্গ ফুলা আৰু দুয়োটাকে পৃথক কৰা মৌলিক বৈশিষ্ট্যসমূহ পৰ্যবেক্ষণ কৰা হৈছিল।৩ উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ ফলভোজী আৰু ইহঁতৰ সামাজিক গোট মাতৃতান্ত্ৰিক, যৌন দ্বিৰূপী বৈশিষ্ট্যই মতা আৰু মাইকী বান্দৰক পৃথক কৰে৷৪৫ সৰ্বভোজী খাদ্যৰ প্ৰতি ইহঁতৰ অভিযোজন ফলৰ অভাৱৰ সময়ত ঘটে, বনৰীয়া গছ-গছনি আৰু শস্য, মানুহৰ খাদ্য আৰু সৰু পোক-পৰুৱা আৰু স্তন্যপায়ী প্ৰাণীক ইহঁতে‍ খাদ্য হিচাপে ভক্ষণ কৰে৷৪৬ অভিযোজন ক্ষমতা থকাৰ পাছতো উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ মানৱ ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ টাইপ ১, পেথ’জেনিক চিমিয়ান ইমিউন’ডেফিচিয়েন্সি, আৰু ক’ৰ’না ভাইৰাছ আদি ভাইৰাছৰ ভাবুকিৰ সন্মুখীন হয়৷৭ মানুহৰ প্ৰভাৱো উপস্থিত, যেনে কৃষি সম্প্ৰসাৰণ, জলজ কৃষি, পৰিবহণ আন্তঃগাঁথনি, মাংস আৰু ট্ৰফীৰ বাবে চিকাৰ আৰু কাঠ কটা, আৰু অবৈধ পোহনীয়া জন্তুৰ ব্যৱসায়; যাৰ ফলত ইহঁত‍ে বাসস্থান হেৰুৱাইছে‍, বনাঞ্চল খণ্ডিতকৰণ হৈছে আৰু ইহঁতৰ মংগল হ্ৰাস পাইছে৷৬৮১

বিতৰণ আৰু বাসস্থান

ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণে, দেশৰ উত্তৰ-পূব অংশত উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ পোৱা যায়।৯ ভাৰতত ইয়াৰ বিস্তৃতি অসম আৰু মেঘালয়ৰ পৰা পূব অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰালৈকে বিস্তৃত।১০ অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত এইবিধ প্ৰজাতিৰ বান্দৰ দেখিবলৈ পোৱা যায়৷

উত্তৰৰ গাহৰি-নেজীয়া বান্দৰৰ পৰিৱেশতন্ত্ৰ আৰু আচৰণৰ বিষয়ে ২০০৮ চনত এক বিশদ প্ৰতিৱেদন প্ৰকাশিত হৈছে।১১

যদিও ইয়াৰ বিশ্বজনীন সংখ্যাৰ কোনো অনুমান উপলব্ধ নহয়, কিছু স্থানভিত্তিক অনুমান পোৱা গৈছে‍, কম্বোডিয়াৰ কেও চেইমা বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰায় ৪,০০০ সংখ্যাক বৃদ্ধি পোৱাৰ কথা জানিব পৰা গৈছে৷১২১৩

শাৰীৰিক বৈশিষ্ট্য

উত্তৰ আৰু দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ পৃথক কৰাত শাৰীৰিক বৈশিষ্ট্য গুৰুত্বপূৰ্ণ।১৪ উত্তৰ গাহৰি-নেজীয়া বান্দৰৰ গালৰ কাষৰপৰা মূৰৰ ওপৰলৈকে আৰু থুঁতৰিৰ তললৈকে ঘূৰণীয়া ধূসৰ ৰঙৰ নোমৰ আচ্ছাদন থাকে, যাক মুকুট বোলা হয়।১৪ ইহঁতৰ মুকুটৰ মাজত এটা বাদামী ৰঙৰ নোমৰ আচ্ছাদন পোৱা যায় আৰু তাৰ পিছত অৰ্থাৎ এই নোমৰ আচ্ছাদনৰ তলত আৰু চকুৰ ওপৰৰফালে বগা ত্ৰিকোণীয় আকৃতি দেখা যায়।১৪ ইহঁতৰ চকুৰ প্ৰতিটো বাহিৰৰ কোণত এটাকৈ ৰঙা ৰেখা দেখা পোৱা যায় যিবোৰ ওপৰলৈকোণীয়া হয় আৰু বগা ত্ৰিকোণীয় চকুৰ শেষৰ বিন্দুত লগ হয়।১৪ দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰৰ তুলনাত ইহঁতৰ দীঘলীয়া মুখখন এতিয়াও চুটি।১৪

ইহঁতৰ মতাবোৰৰ বেছিভাগৰে পিঠিৰ মাজভাগত ক’লা ৰেখা দেখা পোৱা যায়; আৰু কেতিয়াবা ওপৰৰফালে ৰঙা আৰু তলৰফালে ক’লা ৰং থাকিব পাৰে।১৪ তললৈ চালে ইহঁতৰ নেজডাল গাঢ় ক’লা ৰঙৰ পাতল নোমৰ আচ্ছাদনৰদ্বাৰা গঠিত আৰু দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰতকৈ চুটি আৰু ক্ষীণ।১৪ নেজৰ আকৃতি ভিন ভিন হয়, অৱশ্যে আটাইতকৈ সাধাৰণটো হ’ল পিছফালে ৯০ ডিগ্ৰী কোণ কৰি থকা, তাৰ পিছত ৪৫ ডিগ্ৰী, আগবঢ়া আৰু সমান্তৰাল, আগলৈ মুকলি‍ পিঠি স্পৰ্শ কৰা, তললৈ আঙুলিয়াই থকা ধৰণৰ।১৪ ইহঁতৰ নেজৰ তলত, পিঠিৰ ফালে, ডিম্বাকৃতিৰ ডাঠ বহিব পৰা পেড থাকে যিয়ে ইহঁতৰ নিতম্বৰ হাড়বোৰ ঢাকি ৰাখে, যিবোৰক ইস্কিয়াল কেল’চিটি বুলি জনা যায়।১৪

পৰিৱেশতন্ত্ৰ আৰু আচৰণ

''মেকাকা লিওনিনা''ৰ গোট এটা বনত সামাজিকভাৱে মিলিজুলি থকা অৱস্থাত৷
মেকাকা লিওনিনাৰ গোট এটা বনত সামাজিকভাৱে মিলিজুলি থকা অৱস্থাত৷ছবি: Tontantravel · CC BY-SA 2.0
খাও য়াই ৰাষ্ট্ৰীয় উদ্যানত সন্তানসহ উত্তৰৰ গাহৰি-নেজীয়া বান্দৰৰ মাতৃ৷
খাও য়াই ৰাষ্ট্ৰীয় উদ্যানত সন্তানসহ উত্তৰৰ গাহৰি-নেজীয়া বান্দৰৰ মাতৃ৷ছবি: Rushen · CC BY-SA 2.0

উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ ফলাহাৰী, ইহঁতৰ শ শ ফলৰ প্ৰজাতিৰ মঙহাল আৰু শুকান খাদ্য বিচৰাৰ প্ৰৱণতা আছে‍; লগতে ফুল আৰু মুকুল, সাহ, পাত আৰু শিপাৰ আদিও খাদ্য তালিকাত আছে যিয়ে ইহঁতৰ খাদ্যৰ পঞ্চাশ শতাংশতকৈ অধিক গঠন কৰে।৪ শীতৰ বতৰত বা বাসস্থানৰ অৱক্ষয়ৰ ফলত ফলৰ উপলব্ধতা সীমিত হোৱাৰ বাবে "ধান, ৰুটি, বিস্কুট"ৰ দৰে মানৱ খাদ্য সম্পদৰ ওপৰত ইহঁত নিৰ্ভৰশীল হোৱাৰ বাবে বান্দৰবোৰ অধিক সৰ্বভোজী হোৱা দেখা যায়; আৰু ভেঁকুৰ, পিঁপৰা, উঁই, মকৰা, ষ্টিকবাড, ফৰিং, বিছাজাতীয় পতংগ, ভেকুলী, ভেঁকুৰ, বাকলি, কণী, জেঠী, কাছ আদিও খোৱা দেখা যায়।৪৬

এই প্ৰজাতিৰ ভিতৰৰ গোটবোৰ মোটামুটি ডাঙৰ যিবোৰ এশ পঞ্চাশজনতকৈও অধিক বান্দৰৰ হ’ব পাৰে।১৫ কিন্তু খাদ্য খোৱাৰ সময়ত ইহঁতে সৰু সৰু গোটত বিভক্ত হৈ পৰে আৰু ভ্ৰমণৰ বাবে পুনৰ বৃহৎ গোটত যোগদান কৰে।১৫ ঋতু অনুসৰি ইহঁতৰ বিচৰণ ক্ষেত্ৰৰ পৰিসৰৰ ভিন্নতাও দেখা যায়, ইয়াৰ কাৰণ ফলৰ উপলব্ধতা আৰু গুণগত মান।১৫

ভাবুকি

আইচিইউএনৰ ৰঙা তালিকা অনুসৰি উত্তৰৰ গাহৰি-নেজীয়া বান্দৰক স্পৰ্শকাতৰ প্ৰজাতি আৰু হ্ৰাস পোৱা বুলি গণ্য কৰা হয়।১ এই প্ৰজাতিটো মানুহৰ প্ৰভাৱ যেনে কৃষি সম্প্ৰসাৰণ, জলজ কৃষি, পৰিবহণ আন্তঃগাঁথনি, মাংস আৰু ট্ৰফীৰ বাবে চিকাৰ আৰু কাঠ কটা, আৰু অবৈধ পোহনীয়া জন্তুৰ ব্যৱসায়ৰ দ্বাৰা প্ৰভাৱিত হৈছে‍; যাৰ ফলত বাসস্থান ইহঁতে হেৰুৱাইছে‍ আৰু বনাঞ্চল বিভাজন হৈছে৷৬১ এই প্ৰভাৱৰ ফলত এই প্ৰজাতিটোৱে শস্যত আক্ৰমণ কৰা দেখা যায়, আনহাতে‍ ইহঁতৰ সতেজ পুষ্টিৰ মূল উৎস সীমিত, নূন্যতম উপলব্ধতা, আৰু ঋতু অনুসৰি কম উপলব্ধ।৬

২০১৫ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভিয়েটনামত কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে শ শ প্ৰাইমেটৰ অবৈধ পোহনীয়া জন্তুৰ ব্যৱসায় বাজেয়াপ্ত কৰি মুকলি কৰি দিয়া হৈছিল আৰু উদ্ধাৰ কৰা হৈছিল আৰু নিৰ্দিষ্ট প্ৰজাতিক শাৰীৰিক আৰু আৱেগিক ভাবুকিৰ অধিক আশংকাত ৰখা হৈছিল।৮ অধ্যয়নটোত কোৱা হৈছিল যে বাজেয়াপ্ত কৰাৰ বান্দৰৰ ভিতৰত ৩২টা অসমীয়া বান্দৰ (Macaca assamensis), ১৫৮টা দীঘল-নেজীয়া বান্দৰ (Macaca fascicularis), ২৯১টা উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ (Macaca leonina), ৬৫টা মলুৱা বান্দৰ (Macaca mulatta), আৰু ১১০টা সেন্দূৰী বান্দৰ (Macaca arctoides) আছিল; ভিয়েটনামত পোহনীয়া জন্তুৰ ব্যৱসায়ত বান্দৰ সৰ্বাধিক ভাবুকিৰ সন্মুখীন হোৱা বুলি কোৱা হৈছে৷৮

ইয়াৰ উপৰিও উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ ভিয়েটনামত বন্দী কৰি ৰখা বান্দৰ প্ৰজাতিসমূহৰ ভিতৰত সৰ্বাধিক বন্দী কৰি‍ বান্দৰ প্ৰজাতি‍ হিচাপে দেখা গৈছে; আৰু ব্যক্তিগত পিঞ্জৰাৰ পৰা আৰম্ভ কৰি হোটেল আৰু ৰেষ্টুৰেণ্টলৈকে বিভিন্ন স্থানত পোৱা ইহঁতক বন্দী কৰি‍ ৰখা দেখা গৈছে৷৮

তথ্যসূত্ৰ

  1. ↑ Boonratana, R; Chetry, D; Yongcheng, L. (2022). Macaca leonina. IUCN Red List
  2. ↑ Boonratana, R.; Chetry, D.; Yongcheng, L. (2020). Macaca leonina. পৃ. e.T39792A186071807
  3. ↑ Zhao, Dapeng; Wang, Yuan; Wei, Xueyan. (2016-07-27). Hand preference during bimanual coordinated task in northern pig-tailed macaques Macaca leonina. Current Zoology. পৃ. 385–391
  4. ↑ Albert, Aurélie; Huynen, Marie-Claude; Savini, Tommaso. (2013-06-20). Influence of Food Resources on the Ranging Pattern of Northern Pig-tailed Macaques (Macaca leonina). International Journal of Primatology. পৃ. 696–713
  5. ↑ Fleagle, John G. (2013). Primate adaptation and evolution. ISBN 978-0-12-378633-3
  6. ↑ Gazagne, Eva; José-Domínguez, Juan Manuel; Huynen, Marie-Claude. (2020-02-28). Northern pigtailed macaques rely on old growth plantations to offset low fruit availability in a degraded forest fragment. American Journal of Primatology. পৃ. e23117
  7. ↑ He, Wen-Qiang; He, Xiao-Yan; Lu, Ying. (July 2022). HIV-1 but not SIVmac239 induces higher interferon-α antiviral state in chronic infected northern pig-tailed macaques (Macaca leonina). Microbes and Infection. পৃ. 104970
  8. ↑ Aldrich, Brooke Catherine; Neale, David. (2020-12-30). Pet Macaques in Vietnam: An NGO's Perspective. Animals. পৃ. 60
  9. ↑ Choudhury, A.U. (1988). Priority ratings for conservation of Indian primates. Oryx. পৃ. 89–94
  10. ↑ Choudhury, A. U. (2003). The pig-tailed macaque Macaca nemestrina in India - status and conservation. Primate Conservation. পৃ. 91–94
  11. ↑ Choudhury, A. U. (2008). Ecology and behaviour of the pigtailed macaque Macaca nemestrina leonina in some forests of Assam in North-East India. J. Bombay Nat. Hist. Soc.. পৃ. 279–291
  12. ↑ Nuttall, Matthew N.; Griffin, Olly; Fewster, Rachel M. (2021). Long-term monitoring of wildlife populations for protected area management in Southeast Asia. Conservation Science and Practice. পৃ. e614
  13. ↑ Griffin, O.; Nuttall, M. (2020-12-04). Status of Key Species in Keo Seima Wildlife Sanctuary 2010-2020. Wildlife Conservation Society
  14. ↑ Malaivijitnond, Suchinda; Arsaithamkul, Visit; Tanaka, Hiroyuki. (2012-07-22). Boundary zone between northern and southern pig-tailed macaques and their morphological differences. Primates. পৃ. 377–389
  15. ↑ Gavrilitchenko, Nikita; Gazagne, Eva; Vandewalle, Nicolas. (2022-06-22). CoFee-L: A model of animal displacement in large groups combining Cohesion maintenance, Feeding area search and transient Leadership. Animals. পৃ. 2412

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ” প্ৰবন্ধৰ সংশোধন ৬২৪৭০৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।