ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শিৱিনী
শিৱিনী (উৰাৰ্টিয়ান: 𒀭𒅆𒄿𒌑𒄿𒉌, ৰোমানী ভাষাত: dši-i-u2-i-ni), যাক ছিউইনি, আৰ্টিনিছ, আৰ্ডিনিছ বুলিও কোৱা হয়, আৰ্মেনিয়াৰ উচ্চভূমিৰ লৌহ যুগৰ এখন ৰাজ্য উৰাৰ্টুৰ পৌৰাণিক কাহিনীত এজন সৌৰ দেৱতা আছিল। খালদী আৰু থিছপাছৰ সৈতে ত্ৰয়ী দেৱতাৰ তেওঁ তৃতীয় দেৱতা। আচিৰিয়ান দেৱতা শ্বমাছ শিৱিনীৰ প্ৰতিৰূপ।
-
শ্বাশ্বতবাদ
শ্বাশ্বতবাদ (পালি), শাশ্বত-দৃষ্টি (সংস্কৃত)ও, সাধাৰণতে "অনন্ততাবাদ" অনুবাদ, বুদ্ধই নিকায়ত (আৰু আগম) প্ৰত্যাখ্যান কৰা এক প্ৰকাৰৰ চিন্তাধাৰা। ইয়াৰ এটা উদাহৰণ হ’ল ব্যক্তিজনৰ অপৰিৱৰ্তিত আত্মা আছে বুলি বিশ্বাস কৰা। এই ধৰণৰ মতামত বুদ্ধৰ সময়ত বিভিন্ন দল-সংগঠনে পালন কৰিছিল।
-
শ্বাহাদাহ
ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ/কলিমা। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বোলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল- > মই সাক্ষ্য দি আছোঁ যে, আল্লাহৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষি দি আছোঁ যে, মুহাম্মাদ(ছঃ) আল্লাহৰ বাৰ্তাবাহক।" এইটো পাঠৰ…
-
সুনন অম্বু
সুনন অম্বু বা বটাৰী সুনন অম্বু হ'ল চুন্দানীজসকলৰ বিশ্বাস অনুসৰি এগৰাকী মাতৃ দেৱী আৰু তেওঁ কাহ্যাংগনত বাস কৰে। তেওঁক প্ৰায়ে এনে এগৰাকী মাতৃ হিচাপে চিত্ৰিত কৰা হয় যিয়ে চুণ্ডানিজ পৌৰাণিক কাহিনীত গৃহভূমি আৰু সকলো সন্মানীয় মৰ্ত্যলোকৰ যত্ন লয়।
-
সুলক্ষণা দেৱী
সুলক্ষণা দেৱী (১৮২৯—১৯০১) ওড়িয়া ভাষাৰ এগৰাকী কবি৷ স্বামীৰ মৃত্যুৰ পিছত তেওঁ নিজকে ঈশ্বৰৰ প্ৰতি উৎসৰ্গা কৰি “পাৰিজাতমালা” নামৰ এখন কবিতা সংকলন ৰচনা কৰে৷
-
হেৰম্বসুত
হেৰম্বসুত এজন ভাৰতীয় তান্ত্ৰিক যোগী আছিল, যি বামাচাৰ গণপত্য পন্থাৰ অন্তৰ্গত আছিল। দশম শতিকাৰ কোনো আনন্দগিৰিৰ ৰচনা শংকৰবিজয়ত হেৰম্বসুতৰ নেতৃত্বত উচ্ছিষ্ট গণপতিৰ পূজাৰ কথা উল্লেখ কৰিছে। দেৱতাক কৰা অনুষ্ঠানৰ শেষত বাকী থকা খাদ্যৰ “উচ্ছিষ্ট’’ৰ পৰা এই গোটৰ নাম উদ্ভৱ হৈছে।
-
হ্নামাদাওগ্যী
হ্নামাদাওগ্যী ("ৰয়েল চিষ্টাৰ"; শ্বেমেইথ্না নামেৰেও জনাজাত) বাৰ্মীজ নাট প্যান্থেয়নৰ ৩৭ গৰাকী নাটৰ ভিতৰত অন্যতম। তেওঁ মাউং টিন্ট দেৰ ভগ্নী ম্যাত হিলাৰ নাট প্ৰতিনিধিত্ব। পৰম্পৰা অনুসৰি তেওঁ আছিল টাগাউং ৰজাৰ এগৰাকী ৰাণী।
-
হৰি ঔম
হৰি ওঁম বা হৰি ঔম(हरि ॐ) হিন্দু মন্ত্ৰ। হিন্দু ধৰ্মৰ অনুগামীসকলে পৱিত্ৰ ওঁম মন্ত্ৰৰ দৰেই হৰি ওঁম শুভ কামৰ আৰম্ভণিৰ সময়ত বা ধ্যান-ধাৰণৰ সময়ত জপ কৰে। ইয়াক অভিবাদন হিচাপেও ব্যৱহাৰ কৰা হয়।
-
অগ্নি মন্দিৰ
অগ্নি মন্দিৰ (গুজৰাটী: અગિયારી, ৰোমানাইজড: agiyārī ) হৈছে পাৰস্য প্ৰাচীন ধৰ্ম জৰথুষ্ট্ৰবাদ অনুগামীসকলৰ উপাসনাস্থলী।] জৰথুষ্ট্ৰবাদত আতাৰ বা জুই, আবান, পানীৰ সৈতে একেলগে আনুষ্ঠানিক বিশুদ্ধতাৰ প্রতিনিধি।
-
অট′নয়ি (শ্ৰুতিকথা)
অট′নয়ি (প্ৰাচীন গ্ৰীক: Αὐτονόη, ইংৰাজী: Autonoe) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
অনৰণ্য
অনৰণ্য (২) (সংস্কৃত: अनारण्य) হিন্দু সাহিত্যত প্ৰদৰ্শিত সূৰ্যবংশৰ এজন ৰজা। তেওঁৰ কিম্বদন্তি হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণনা কৰা হৈছে। তেওঁক ৰাৱণে হত্যা কৰিছিল। তেওঁৰ পুত্ৰ পৃশদশ্বই নতুন ৰজা হ’ল।
-
অপিছ (শ্ৰুতিকথা)
অপিছ (প্ৰাচীন গ্ৰীক: Ὦπις, ইংৰাজী: Opis) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
অভয়দত্ত শ্ৰী
অভয়দত্ত শ্ৰী (অভয়াদত্তশ্ৰী বা অভয়াদন বুলিও জনা যায়) দ্বাদশ শতিকাৰ এজন ভাৰতীয় বৌদ্ধ সন্ন্যাসী আছিল, যাক তান্ত্ৰিক গুৰু মহাসিদ্ধসকলৰ পটভূমিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা চতুৰাশিতিসিদ্ধপ্ৰৱৰ্তি (চৌৰাশী মহাসিদ্ধৰ জীৱন) ৰচনা কৰাৰ বাবে উল্লেখযোগ্যভৱে জনা যায়।
-
অসমীয়া জাতিচিন্তা বেজবৰুৱা, শংকৰদেৱ আৰু বিষ্ণুৰাভা
অসমীয়া জাতিচিন্তা বেজবৰুৱা, শংকৰদেৱ আৰু বিষ্ণুৰাভা এখন অসমীয়া গ্ৰন্থ। গ্ৰন্থখনৰ লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক গোবিন্দপ্ৰসাদ শৰ্মা। গ্ৰন্থখনৰ প্ৰকাশক ভৱানী বুক্ছ। গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল এপ্ৰিল ২০১৩ চনত।
-
অৰণ্যানী
অৰণ্যানী হ'ল হিন্দু ধৰ্মৰ মতে অৰণ্য আৰু ইয়াৰ ভিতৰত বাস কৰা বন্যপ্ৰাণীৰ দেৱী (বন দেৱী)।
-
অৰিথিয়া (শ্ৰুতিকথা)
অৰিথিয়া (প্ৰাচীন গ্ৰীক: Ὠρείθυια, ইংৰাজী: Orithyia বা Oreithyia) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
অৰ্চি
অৰ্চি ( Archi) এগৰাকী ৰাণী, আৰু হিন্দু পৌৰাণিকত লক্ষ্মী ৰ এগৰাকী পাৰ্থিৱ অৱতাৰ। ভাগৱত পুৰাণ অনুসৰি অৰ্চি ৰজা বেণৰ শৰীৰৰ পৰা উদ্ভৱ হৈছে আৰু তেওঁৰ স্বামী ৰজা পৃথু। তেওঁলোকৰ দুয়েজন ক্ৰমে লক্ষ্মী আৰু বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়। অৰ্চিই পত্নী হিচাপে স্বামীৰ পিছে পিছে সন্ন্যাসৰ বাবে অৰণ্যলৈ গৈছিল।
-
আইনিৰা (শ্ৰুতিকথা)
আইনিৰা (প্ৰাচীন গ্ৰীক: Ἰάνειρά, ইংৰাজী: Ianeira or Ianira; আক্ষৰিক অৰ্থ: ′আয়নিয়ান সকলৰ মহিলা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁক জানিৰা (Janira) বুলিও কোৱা হয়৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা…
-
আক আনা
আক আনা (Ağ Ana বা Ak Ene, "পবিত্ৰ মাতৃ") তুৰ্কী জনগোষ্ঠী আৰু চাইবেৰিয়াৰ খাণ্টি আৰু মানচি জনগোষ্ঠীৰ আদিম সৃষ্টিকৰ্তা-দেৱী। পানীৰ দেৱী বুলিও জনা যায়। কায়ৰা হানৰ পত্নী আৰু কন্যা আছিল তেওঁ। পৃথিৱীতকৈ আগতেই পানীৰ সৃষ্টি হৈছিল। সেয়েহে তাইক পৃথিৱীৰ জ্যেষ্ঠ ভগ্নী বুলি বিশ্বাস কৰা হৈছিল।
-
আটেটে
অৰোমো পৌৰাণিক কাহিনী আৰু ধৰ্মত আটেটে কাফা (ইথিওপিয়া)ত পূজা কৰা এগৰাকী উৰ্বৰতাৰ দেৱী। সম্ভৱতঃ ই মহিলাসকলে বিভিন্ন পৱিত্ৰ উদ্ভিদ সংগ্ৰহ কৰি নদীত পেলাই দিয়া প্ৰাচীন প্ৰজনন অনুষ্ঠানৰ বিষয়।
-
আনন্দগৰ্ভ
আনন্দগৰ্ভ আছিল নৱম শতিকাৰ ভাৰতীয় বৌদ্ধ তান্ত্ৰিক গুৰু। তিব্বতী সূত্ৰ অনুসৰি তেওঁ ২৫ খন গ্ৰন্থ ৰচনা কৰে বুলি কোৱা হয়, যাৰ ভিতৰত কেইখনমান সংস্কৃত ভাষাতো পোৱা গৈছে।
-
আনুকেট
আনুকেট (ইংৰাজী: Anuket) আছিল নীল নদী উপত্যাকা আৰু নিম্ন নুবিয়াৰ এগৰাকী প্ৰাচীন ইজিপ্টিয়ান দেৱী৷ এলিফেণ্টাইনত এই দেৱীৰ পূজা কৰা হৈছিল।
-
আমগুৰী মাধৱ দেৱ সত্ৰ
আমগুৰী মাধৱদেৱ সত্ৰ বঙাইগাঁও জিলাৰ বইটামাৰীৰ আমগুৰী গাঁৱত অৱস্থিত। এই সত্ৰখন স্থানীয় ৰাইজৰ মাজত গোপীনাথ প্ৰভুৰ মন্দিৰ হিচাপে পৰিচিত। ইয়াত বংশীধৰ গোপীনাথ প্ৰভূৰ বিগ্ৰহ স্থাপিত কৰা আছে। পৌৰাণিক ভাস্কৰ্য কাঠত খোদিত- মৎস্য, কুৰ্ম, হয়গ্ৰীবৰ মূৰ্ত্তি আৰু লগতে আছে এটা মহাপুৰুষজনাৰ পদশীলা।
-
আমাথেয়া
আমাথেয়া (প্ৰাচীন গ্ৰীক: Ἀμάθεια, ইংৰাজী: Amatheia) গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী "সুন্দৰ-চুলি"ৰ নেৰেইড আৰু কিছুমানে তেওঁক "নীলা ৰঙৰ কেশ বিলাসী" বা "দীঘল, ঘন চুলি" বুলি বৰ্ণনা কৰিছে। আমাথিয়া (Amathea) আৰু আমাথিয়া (Amathia) যাৰ অৰ্থ হৈছে "কণ্ঠৰ ৰাণী"।
-
আমালুৰ
আমালুৰ বা আমা লুৰা[1] (বাস্ক ভাষাত "মাতৃ পৃথিৱী"ৰ অৰ্থ), বাস্ক পৌৰাণিক কাহিনীত এখি, সূৰ্য্য আৰু ইলাজকি, চন্দ্ৰৰ মাতৃ। তেওঁ কেৱল জীৱৰ ঘৰ নহয়, পৌৰাণিক জীৱ, দেৱতা আৰু আত্মাৰ ঘৰ। আমালুৰে (মাতা পৃথিৱী) উদ্ভিদ আৰু প্ৰাণীৰ জীৱন ধাৰণ কৰে। তেওঁৰ বুকুত আচৰিত ধৰণৰ ধন আছে।
-
আয়নি (শ্ৰুতিকথা)
আয়নি (প্ৰাচীন গ্ৰীক: Ἰόνη, ইংৰাজী: Ione) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
আয়াও
আয়াও ছান্টেৰিয়া প্যান্থেয়নৰ এটা ওৰিছা। তেওঁ বায়ুৰ ওৰিছা, আৰু অৰণ্য আৰু টৰ্নেডোৰ পাক দুয়োটাতে বাস কৰা বুলি ধৰা হয়। তেওঁ ওছানইনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে আৰু এগৰাকী হিংস্ৰ যোদ্ধা। আয়াওৰ সঁজুলিৰ ভিতৰত এটা সাপ, এটা কুইল আৰু নটা শিলৰ সৈতে এখন ক্ৰছব' আছে।
-
আহিয়া এঞ্জকু
ইগবো পৌৰাণিক কাহিনীত আহিয়া এঞ্জকু, যাক ইফেজিঅ’কু, আহা এঞ্জকু বুলিও কোৱা হয়, নাইজেৰিয়াৰ ইগবো লোকসকলে পূজা কৰা এগৰাকী দেৱী। এঞ্জকু নামৰ অৰ্থ গণ্যমান্য, উৰ্বৰতা, উৎপাদনশীলতা, সম্পদ, জীৱনতকৈ শ্ৰেষ্ঠ, দূৰদৰ্শী আৰু নেতৃত্ব গুণ বহন কৰা।
-
আৰিথোছা (শ্ৰুতিকথা)
আৰিথোছা (প্ৰাচীন গ্ৰীক: Ἀρέθουσα, ইংৰাজী: Arethusa) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
আৰ্য পুংকানি
আৰ্য পুংকানি, যাক আৰ্যকৰাকানি বুলিও কোৱা হয়, ভাৰতৰ কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত পূজা কৰা এগৰাকী নাৰী দেৱতা। আৰ্য পুংকানীক আৰ্য্য পুংকানী থেয়াম(নৃত্য) হিচাপে পূজা আৰু পৰিবেশন কৰা হয়। আৰ্য পুংকানিৰ থেয়ামৰ সৈতে বাপ্পিৰিয়ান থেয়ামও এই মন্দিৰত কৰা হয়।