আনুকেট (ইংৰাজী: Anuket) আছিল নীল নদী উপত্যাকা আৰু নিম্ন নুবিয়াৰ এগৰাকী প্ৰাচীন ইজিপ্টিয়ান দেৱী৷ এলিফেণ্টাইনত এই দেৱীৰ পূজা কৰা হৈছিল।১
ব্যুৎপত্তি
মিচৰৰ প্ৰাচীন ভাষাত তেওঁক অনুকেট (Anuket), আনকা (Anaka),২ বা আনকেট (Anqet)৩ নামেৰে জনা গৈছিল। আনুকেট নামৰ অৰ্থ আছিল "সাবটি লওতা"।৪ গ্ৰীক ভাষাত শব্দটো Anoukis (আনুকিছ, Ανουκις)৫ হৈ পৰে আৰু কেতিয়াবা আনুকিছ (Anukis)৬ বুলিও বানান কৰা হয়। গ্ৰীক ভাবানুবাদত তেওঁক হেষ্টিয়া বা ভেষ্টাৰ (Vesta) সমতুল্য বুলি গণ্য কৰা হৈছিল।৭
ইতিহাস আৰু ভূমিকা
আনুকেট প্ৰাচীন ইজিপ্টিয়ান সূৰ্য দেৱতা ৰাৰ কন্যা আছিল যদিও সততে কোনোবা নহয় কোনোবা প্ৰকাৰে সটেট নামৰ দেৱতা লগত সম্পৰ্কীত কৰা হৈছিত।৩
অনুকেট আছিল নীল নদীৰ বানপানীৰ দেৱী আৰু মিচৰৰ দক্ষিণ সীমান্তৰ এগৰাকী ৰক্ষাকাৰী দেৱী। বাহু দুটা মেলি তেওঁৰ ভংগিমা দিয়াটো হয়তো নীল নদীৰ দুখন উপনৈৰ সৈতে নীল নদীৰ আকৃতিৰ দৃশ্যগত সাদৃশ্য প্ৰদৰ্শন কৰে আৰু তেওঁক "আলিংগনকাৰী" বুলি কোৱাৰ ওপৰত প্ৰভাৱ পেলাইছিল। নতুন ৰাজ্যত দক্ষিণৰ দেৱী হিচাপে তেওঁৰ দিশসমূহৰ ওপৰত ইমানেই গুৰুত্ব দিয়া হৈছিল যে তেওঁৰ এটা উপনাম আছিল "নুবিয়ান"।৮
দ্ৰুত গতিৰ পানীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল আৰু এই কাৰণতেই তেওঁ পেপিৰাছৰ সৈতে জড়িত আছিল।৮
তথ্যসূত্ৰ
- ↑ Hart, George (2005), The Routledge Dictionary of Egyptian Gods and Goddesses, Revised Edition, p. 28
- ↑ EB 1878
- ↑ Hill, J. (2010). Anuket. ancientegyptonline.co.uk. Ancient Egypt Online
- ↑ EB 1878
- ↑ EB 1878
- ↑ Wilkinson, Richard H. (2003). The Complete Gods and Goddesses of Ancient Egypt. Thames & Hudson. পৃ. 138. ISBN 0-500-05120-8
- ↑ EB 1878
- ↑ Abdelhakim, Walaa Mohamed; Zein, Mohamed; Mosallam, Amr. (1999-12-01). The Sexual Symbolism of the Votive Beds’ Decorations and Its Relation to Their Function. The International Journal of Tourism and Hospitality Studies. পৃ. 162–143
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনুকেট” প্ৰবন্ধৰ সংশোধন ৫৯৩২৬১ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।