অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আহিয়া এঞ্জকু

ইগবো পৌৰাণিক কাহিনীত আহিয়া এঞ্জকু, যাক ইফেজিঅ’কু, আহা এঞ্জকু বুলিও কোৱা হয়, নাইজেৰিয়াৰ ইগবো লোকসকলে পূজা কৰা এগৰাকী দেৱী। এঞ্জকু নামৰ অৰ্থ গণ্যমান্য, উৰ্বৰতা, উৎপাদনশীলতা, সম্পদ, জীৱনতকৈ শ্ৰেষ্ঠ, দূৰদৰ্শী আৰু নেতৃত্ব গুণ বহন কৰা।

হালনাগাদ: ২৭ মাৰ্চ ২০২৫ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ইগবো পৌৰাণিক কাহিনীত আহিয়া এঞ্জকু, যাক ইফেজিঅ’কু, আহা এঞ্জকু বুলিও কোৱা হয়, নাইজেৰিয়াৰ ইগবো লোকসকলে পূজা কৰা এগৰাকী দেৱী।

এঞ্জকু নামৰ অৰ্থ গণ্যমান্য, উৰ্বৰতা, উৎপাদনশীলতা, সম্পদ, জীৱনতকৈ শ্ৰেষ্ঠ, দূৰদৰ্শী আৰু নেতৃত্ব গুণ বহন কৰা।

ইগবো পৰম্পৰাগত খাদ্যৰ এটা গুৰুত্বপূৰ্ণ উপাদান আছিল মিঠা আলু আৰু ইয়াৰ যত্ন লোৱাৰ বাবে পুৰুষ দায়বদ্ধ। ইগবো জনগোষ্ঠীত মিঠা আলুৰ খেতি কৰাটো পৰম্পৰাগতভাৱে পুৰুষৰ কাম যদিও কোনোবাই অপতৃণ বা চপোৱা কাম কৰিব পাৰে।১ নিউ ইয়াম উৎসৱৰ পূৰ্বে পূৰ্ণিমাৰ দিনা ইগবো লোকসকলৰ মাজত আহানজোকু উৎসৱ পালন কৰা হয়। এই উৎসৱ প্ৰকৃততে কৃষকক ধন্যবাদ জ্ঞাপন অনুষ্ঠান। কিছুমান ঠাইত দেৱতাৰ সেৱাত উৎসৰ্গিত শিশুসকলৰ নাম এঞ্জকু ৰখা হৈছিল। প্ৰাপ্তবয়স্ক অৱস্থাত এনে শিশুসকল সমৃদ্ধিশালী মিঠা আলুৰ খেতিয়ক হোৱাৰ আশা কৰা হৈছিল, যাৰ ফলত তেওঁলোক আভিজাত্য হৈ পৰিছিল।২ এই নামটোৱে গৰাকীক এনে এটা প্ৰকৃতি দিয়ে, যিয়ে বাক্যাংশটোত বিশ্বাস কৰা - "জীৱনতকৈ ডাঙৰ" এই অনুভৱে নামটোৰ গৰাকীক এজন নেতা, দূৰদৰ্শী আৰু সমানে ভৱিষ্যৎ প্ৰজন্মৰ সংগঠক কৰি তোলে।৩

তথ্যসূত্ৰ

  1. ↑ Things Fall Apart
  2. ↑ Njoku Surname Origin, Meaning & Last Name History
  3. ↑ Njoku | Meaning of Name Njoku | Numerology Name Analysis

সম্পৰ্কিত শ্ৰেণী

পৌৰাণিক কথাকৃষি সম্বন্ধীয় দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহিয়া এঞ্জকু” প্ৰবন্ধৰ সংশোধন ৪৯৮৬৬৬ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।