অৰ্চি ( Archi) এগৰাকী ৰাণী, আৰু হিন্দু পৌৰাণিকত লক্ষ্মী ৰ এগৰাকী পাৰ্থিৱ অৱতাৰ।১ পুৰাণ অনুসৰি ২ অৰ্চি ৰজা বেণৰ শৰীৰৰ পৰা উদ্ভৱ হৈছে আৰু তেওঁৰ স্বামী ৰজা পৃথু। তেওঁলোকৰ দুয়েজন ক্ৰমে লক্ষ্মী আৰু বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়।৩
অৰ্চিই পত্নী হিচাপে স্বামীৰ পিছে পিছে সন্ন্যাসৰ বাবে অৰণ্যলৈ গৈছিল। যেতিয়া তেওঁৰ স্বামী পৃথুৰ মৃত্যু হয়, তেতিয়া অৰ্চিয়ো কৰ্তব্যপৰায়ণভাৱে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ কৰে। ৰাণীয়ে প্ৰয়োজনীয় অন্ত্যেষ্টিক্ৰিয়াৰ কাম-কাজ সম্পন্ন কৰিছিল আৰু পানীৰ বলিদান আগবঢ়াইছিল। নদীত গা ধুই বিভিন্ন গ্ৰহ ব্যৱস্থাত আকাশত অৱস্থিত বিভিন্ন অৰ্ধদেৱতাক প্ৰণাম জনাইছিল। তাৰ পিছত তোওঁই জুইৰ প্ৰদক্ষিণ কৰি স্বামীৰ কমল চৰণৰ কথা ভাবি থাকোঁতে অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাত প্ৰৱেশ কৰি আত্মহত্যা কৰিছিল। — শ্ৰীমদ্ভাগৱত (ভাগৱত পুৰাণ) (কান্ত ৪, অধ্যায় ২৩, পদ ২২)
তথ্যসূত্ৰ
- ↑ Srikrishna Prapnnachari. The Crest Jewel: Srimadbhagwata Mahapuran with Mahabharata. Srikrishna Prapnnachari. পৃ. 94–100. ISBN 9788175258556
- ↑ Śrīmad-Bhāgavatam (Bhāgavata Purāṇa) Trans. by A. C. Bhaktivedanta Swami Prabhupada: 4, 15, 1—6; 4, 23, 19—29
- ↑ Tapasyananda, Swami. Srimad Bhagavata – Volume 1. Sri Ramakrishna Math(vedantaebooks.org)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্চি” প্ৰবন্ধৰ সংশোধন ৪৭১৯৩০ (৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।