অৰণ্যানী১ হ'ল হিন্দু ধৰ্মৰ মতে অৰণ্য আৰু ইয়াৰ ভিতৰত বাস কৰা বন্যপ্ৰাণীৰ দেৱী (বন দেৱী)।২
সাহিত্য
ঋগবেদৰ অন্যতম বৰ্ণনাত্মক গীতত অৰণ্যনীৰ কথা উল্লেখ আছে। অৰণ্যনী সূক্তমত (ঋগবেদৰ দশম মণ্ডলৰ ১৪৬ নং গীতত)৩ অৰণ্যানী দেৱীক নিৰ্ভীক বুলি বৰ্ণনা কৰা হৈছে। লগতে তাইক নৃত্যশিল্পী বুলিও বৰ্ণনা কৰা হৈছে।
অৰণ্যনি দেৱীৰ সাদৃশ্য আছে পশ্চিমবংগৰ বনবিবি, গোৱা আৰু কংকন অঞ্চলৰ বনদেৱতা, দক্ষিণ ভাৰতৰ কিছু অংশৰ বনদুৰ্গা আদিৰ লগত। আধুনিক হিন্দু ধৰ্মত তাইৰ পূজা হ্ৰাস পাইছে, আৰু অৰণ্যনীক উৎসৰ্গিত মন্দিৰ পোৱাটো বিৰল। অৱশ্যে বিহাৰৰ আৰাহত এটা অৰণ্যানী দেৱীৰ মন্দিৰ আছে, যাক অৰণ্য দেৱী মন্দিৰ বুলি জনা যায়।৪ তাইক কেতিয়াবা কল্পবৃক্ষ নামৰ ঐশ্বৰিক গছৰ মালিক বুলি গণ্য কৰা হয়।
তথ্যসূত্ৰ
- ↑ www.wisdomlib.org. (2021-08-27). Rig Veda 10.146.1 (English translation). www.wisdomlib.org
- ↑ Murphy; Gifford, Terry; Yamazato, Katsunori. (1998). Literature of Nature: An International Sourcebook. Taylor & Francis. পৃ. 317. ISBN 978-1-57958-010-0
- ↑ Hymn to a Forest Nymph in the Rig Veda
- ↑ Dalal. (2010). The Religions of India: A Concise Guide to Nine Major Faiths. Penguin Books India. পৃ. 28. ISBN 9780143415176
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰণ্যানী” প্ৰবন্ধৰ সংশোধন ৪৮৯২৮২ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।