অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আমাথেয়া

আমাথেয়া (প্ৰাচীন গ্ৰীক: Ἀμάθεια, ইংৰাজী: Amatheia) গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী "সুন্দৰ-চুলি"ৰ নেৰেইড আৰু কিছুমানে তেওঁক "নীলা ৰঙৰ কেশ বিলাসী" বা "দীঘল, ঘন চুলি" বুলি বৰ্ণনা কৰিছে। আমাথিয়া (Amathea) আৰু আমাথিয়া (Amathia) যাৰ অৰ্থ হৈছে "কণ্ঠৰ ৰাণী"।

হালনাগাদ: ২৩ মাৰ্চ ২০২৫ ৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আমাথেয়া (প্ৰাচীন গ্ৰীক: Ἀμάθεια, ইংৰাজী: Amatheia)১ গ্ৰীক শ্ৰুতিকথাৰ এগৰাকী "সুন্দৰ-চুলি"ৰ নেৰেইড২ আৰু কিছুমানে তেওঁক "নীলা ৰঙৰ কেশ বিলাসী" বা "দীঘল, ঘন চুলি" বুলি বৰ্ণনা কৰিছে।১ তেওঁৰ নামৰ বিকল্প বানানবোৰ হৈছে এমাথিয়া (Æmathia),৩ আমাথিয়া (Amathea)৪ আৰু আমাথিয়া (Amathia)৫ যাৰ অৰ্থ হৈছে "কণ্ঠৰ ৰাণী"।১

কিংবদন্তি

আমাথেয়া গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।৬৭১ হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত আমাথেয়াও আছিল।৮

তথ্যসূত্ৰ

  1. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 11, 12. ISBN 978-0-7864-7111-9
  2. ↑ হোমাৰ, ইলিয়াড 18.48
  3. ↑ Hyginus, Fabulae Preface (Latin ed. Micyllus; Scheffero)
  4. ↑ Hyginus, Fabulae Preface (Latin ed. Munckerus)
  5. ↑ Hyginus, Fabulae Preface (Latin ed. Bunte)
  6. ↑ হোমাৰ, ইলিয়াড 18.40; Hesiod, থিঅ'গনি 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  7. ↑ হোমাৰ, ইলিয়াড 18.41; Apollodorus, 1.2.7; Hesiod, থিঅ'গনি 240
  8. ↑ Homer, Iliad 18.39

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমাথেয়া” প্ৰবন্ধৰ সংশোধন ৪৯৬০৪৮ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।