ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ/কলিমা। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বোলা হয়। ইয়াৰ আসমীয়ানুবাদ হ'ল-
''মই সাক্ষ্য দি আছোঁ যে, আল্লাহৰ বাহিৰে উপাসনাৰ যোগ্য আন একো নাই, আনহাতে মই সাক্ষি দি আছোঁ যে, মুহাম্মাদ(ছঃ) আল্লাহৰ বাৰ্তাবাহক।" এইটো পাঠৰ মাধ্যমত এজনে স্বীকাৰ কৰে যে, (এক) আল্লাহ ব্যতীত অন্য কোনো উপাস্য নাই আৰু (দুই) মুহাম্মাদ(ছাঃ) তেওঁৰ প্ৰেৰিত বাণীবাহক।
ছূৰা এখলাছত আল্লাহৰ একত্ববাদৰ বৰ্ণনা এনেদৰে দিয়া হৈছে,
"কওক, তেওঁ আল্লাহ, এক, একক আল্লাহ অমুখাপেক্ষী, তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই আৰু তেওঁৰ সমতুল্য একোৱেই নাই।
তথ্যসূত্ৰ
- ↑ কোৰআনঃ 112/1-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাহাদাহ” প্ৰবন্ধৰ সংশোধন ৩০৯৪৮২ (২৩ ডিচেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।