অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বৈষ্ণো দেৱী মন্দিৰ

বৈষ্ণো দেৱী মন্দিৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ ট্ৰিকোটা পৰ্বতত অৱস্থিত হিন্দুধৰ্মীসকলৰ এক অন্যতম পবিত্ৰ তীৰ্থস্থান। ‘মাতা ৰাণী’, ‘ট্ৰিকোটা’, ‘বৈষ্ণৱী’ আদি ভিন্ন নামেৰে পৰিচিত বৈষ্ণোদেৱী মন্দিৰ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পীঠ স্থান। লাখ লাখ ভক্তই প্ৰতি বছৰে এই তীৰ্থস্থান দৰ্শন কৰিবলৈ আহে।

হালনাগাদ: ২ ফেব্ৰুৱাৰী ২০২৫ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

বৈষ্ণো দেৱী মন্দিৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ ট্ৰিকোটা পৰ্বতত অৱস্থিত হিন্দুধৰ্মীসকলৰ এক অন্যতম পবিত্ৰ তীৰ্থস্থান। ‘মাতা ৰাণী’, ‘ট্ৰিকোটা’, ‘বৈষ্ণৱী’ আদি ভিন্ন নামেৰে পৰিচিত বৈষ্ণোদেৱী মন্দিৰ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ পীঠ স্থান। লাখ লাখ ভক্তই প্ৰতি বছৰে এই তীৰ্থস্থান দৰ্শন কৰিবলৈ আহে।

বৈষ্ণো দেৱী মন্দিৰৰ অৱস্থিতি ট্ৰিকোটা পৰ্বতক হিন্দুসকলৰ তেত্ৰিশ কোটি দেৱতাৰ আবাসস্থান হিচাপে গন্য কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই তেত্ৰিশ কোটি দেৱতাৰে আৰাধ্যা দেৱী দুৰ্গা আৰু সেয়ে দেৱীৰ এই পবিত্ৰ তীৰ্থভূমিত তেত্ৰিশ কোটি দেৱতাই নিজৰ অৱস্থিতি ৰাখিছে। বৈষ্ণোদেৱী মন্দিৰৰ মূল গৰ্ভগৃহ এক গুহাৰ ভিতৰত আৰু বিশ্বাস কৰা যায় যে মাতাৰ আমন্ত্ৰণ অবিহনে এই মন্দিৰৰ ভিতৰত ভক্তসকলে প্ৰৱেশ কৰিব নোৱাৰে। সেয়ে ভক্তগণে মন্দিৰলৈ যোৱা গোটেই পথচোৱাত ‘চলো বুলাৱা আয়া হে, মাতা নে বুলায়া হে’ বুলি উল্লাসেৰে গীত মাত পৰিবেশন কৰি যায়।

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ধৰ্মীয় স্থানহিন্দুধৰ্মৰ মঠ-মন্দিৰজম্মু আৰু কাশ্মীৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈষ্ণো দেৱী মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৪৬৮১৫৭ (২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।